NORTHEAST NOW (Assamese)

অসমীয়া ভাষা-সংস্কৃতি চৰ অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু সকলেহে জীয়াই ৰাখিছে : মনজিৎ মহন্ত

April 29, 2019 8:57 pm · কাজি জেইদুল ইছলাম
Updated: April 29, 2019 10:00 pm
ফটো : নৰ্থ-ইষ্ট নাও

‘শংকৰ-আজানৰ দেশ অসমক লৈ অসমীয়া জাতিয়ে বহু চিঞৰিছে যদিও শংকৰ-আজানৰ নাম একাংশই ৰবৰেৰে মচি  দিব বিচাৰিছে’। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সপ্তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত এই মন্তব্য বিশিষ্ট সাংবাদিক ও বুদ্ধিজীৱি মনজিৎ মহন্তৰ।

মুখ্য অতিথি হিচাপে উপস্থিত থকা মুকলি সভাত মহন্তই আৰু কয়, ‘বৰ্তমানৰ বিজেপি  চৰকাৰখনে  ভাৰতীয় সংবিধানক ভৰিৰে মোহাৰি গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে। এই ক্ষেত্ৰত  মাত মাতিব গ’লেই  জাপি দিয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ’।

ইয়াৰ উপৰি অসম চৰকাৰে হিন্দু-মুছলমানক ভাগ-ভাগ কৰিব বিচৰা বুলি মন্তব্য কৰি সাংবাদিকগৰাকীয়ে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ  দৰে নেতাসকলে অসমীয়া  জাতিৰ  গৌৰৱ, স্বাভিমানক ধূলিসাৎ কৰি পেলোৱা বুলি কয়।

আনহাতে সংখ্যালঘূ লোকসকলক ৰাজনৈতিকভাৱে সচেতন হ’বলৈ আহবান জনাই তেওঁ অসমীয়া জাতি, ভাষা-সংস্কৃতি  একমাত্ৰ চৰ অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু সকলেহে জীয়াই ৰাখিছে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ  পিছত অহা সকলো  বিদেশী অসমৰ পৰা বিতাড়ন হ’ব লাগিব আৰু ১৯৭১ৰ আগতে অসমলৈ অহা  লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হ’ব লাগিব।

উল্লেখ্য যে আজি  দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈ যায় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সপ্তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। পুৱা ৯:৩০ বজাত পৰিষদৰ পতাকা উত্তোলনৰ জৰিয়তে কাৰ্যসূচী আৰম্ভ কৰা হয়। দিনৰ  ১বজাৰ পৰা অনুষ্ঠিত হোৱা  মুকলি সভাত সভাপতিত্ব কৰে পৰিষদৰ কেন্দ্ৰীয় সভাপতি আব্দুল আজিজ আৰু উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক মহম্মদ আলি খলিফাই।

Related News