• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নেপালে এভাৰেষ্টত পৰিস্কাৰ কৰিলে ৩০০০ কেজি আবৰ্জনা

প্ৰদুষণৰ পৰা ৰেহাই পোৱা নাই পৃথিৱীৰ সৰ্বোচ্চ শৃংগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 29, 2019 9:07 pm

2 min read

mt-everest-tourism

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

737
VIEWS
Share on FacebookShare on Twitter

প্ৰদুষণৰ পৰা ৰেহাই পোৱা নাই পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট। নেপাল চৰকাৰে এপ্ৰিলৰ ১৪ তাৰিখে মুকলি কৰা ‘সাগৰমঠ স্বচ্ছতা অভিযান’ৰ অংশ স্বৰূপে মাউণ্ট এভাৰেষ্টৰ পৰা প্ৰায় ৩০০০ কেজি গোটা আবৰ্জনা পৰিস্কাৰ কৰিছে।

হিমালয়ান টাইমছত প্ৰকাশ কৰা বাতৰি অনুসৰি দেশখনৰ পৰ্যটন বিভাগৰ মুখ্য সঞ্চালক দান্দু ৰাজ ঘিমিৰে ২০০০ কেজি আবৰ্জনা ওখালধুংগা আৰু ১০০০ কেজি আবৰ্জনা কাথমাণ্ডুলৈ পৰিষোধনৰ বাবে পঠোৱা বুলি কয়।

‘‘আমাৰ দল এতিয়া মাউণ্ট এভাৰেষ্টৰ বেচ কেম্পত স্বচ্ছতা অভিযানৰ বাবে উপস্থিত হৈছে। দলটোৰ বাবে খোৱা পানী, খাদ্য আৰু আশ্ৰয় স্থলকে আদি কৰি সকলো প্ৰয়োজনীয় ব্যৱস্থাৰ তাত আয়োজন কৰা হৈছে’’ ঘিমিৰে এনেদৰে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে।

পৰ্যটন বিভাগত প্ৰকাশ পোৱা তথ্য অনুসৰি এতিয়ালৈ অভিযানটোত প্ৰায় ২৩ মিলিয়ন নেপালী টকা ব্যয় হৈছে।

আনহাতে, পৰ্যটন বিভাগৰ সঞ্চালকে জনোৱা মতে অভিযানৰ কালছোৱাত প্ৰায় ৫০০০ কেজি গোটা আবৰ্জনা এভাৰেষ্টৰ বেচ কেম্পৰ পৰা পৰিস্কাৰ কৰাৰ লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ ভিতৰত ২০০০ কেজি আবৰ্জনা দক্ষিণ ক’ল অঞ্চলৰ পৰা আৰু ৩০০০ কেজি আবৰ্জনা প্ৰথম আৰু দ্বিতীয় কেম্পৰ পৰা পৰিস্কাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

উল্লেখযোগ্য যে, পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগটো পৰিস্কাৰ কৰাৰ বাবে পোন প্ৰথমবাৰৰ বাবে সাংস্কৃতিক, পৰ্যটন, পৰিবেশ মন্ত্ৰালয়, নেপাল আৰ্মি, নেপাল পৰ্বতৰোহন সংস্থা, সাগৰমঠ প্ৰদুষণ নিয়ন্ত্ৰণ বোৰ্ড, নেপাল পৰ্যটন বিভাগে একেলগে কাম কৰিছে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd