NORTHEAST NOW (Assamese)

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাধৱদেৱ জয়ন্তী উদযাপন; বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা

May 17, 2022 1:19 pm · এন ই নাও নিউজ, টীয়ক
ফটো: নৰ্থইষ্ট নাও।

কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰ নামঘৰৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত “মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৩ সংখ্যক জয়ন্তী মহোৎসৱ” ভাগি বৰনামঘৰৰ প্ৰাংগণত আয়োজন কৰা হৈছে।

সোমবাৰে সদৌ অসম ভিত্তিত চিত্ৰাংকন,বৰগীত,সত্ৰীয়া নৃত্য,বক্তৃতা আৰু খোল বাদন প্ৰতিযোগিতাৰ আয়োজন কৰাৰ সমান্তৰালকৈ আজি পুৱা মুখ্য আকৰ্ষণ হিচাপে সাতভনীৰ সমাহাৰেৰে এক সাংস্কৃতিক শোভাযাত্ৰা ও ভাগৱত ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰে উদ্যোক্তাসকলে।

উল্লেখযোগ্য যে এই শোভাযাত্ৰাৰ প্ৰাকক্ষণত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰা উপস্থিত হৈ নামঘৰত সেৱালৈ সকলোৰে মংগল কামনা কৰি নামঘৰ পৰিচালনা সমিতিয়ে আয়োজন কৰা এই সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে।

ফটো: নৰ্থইষ্ট নাও।

এই শোভাযাত্ৰাত অসমৰ গায়ন বায়ন, ভাওনা সংস্কৃতিকে ধৰি বাৰেৰহণীয়া জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি প্ৰদৰ্শনৰ লগতে অৰুণাচল, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, মেঘালয়, ত্ৰিপুৰাৰ পৰা সাংস্কৃতিক দলে উক্ত সাংকেতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি পুনৰ বৰ অসমৰ সম্প্ৰীতিৰ তথা সমন্বয়ৰ নিৰ্দশন দাঙি ধৰিছে।

Related News