১৩ তম ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, মেলবৰ্ণত বিশাল স্বৰ্গিয়াৰীৰ Gosain:The colours of springৰ ৱৰ্ল্ড প্রিমিয়াৰ

পৰিচালক বিশাল স্বৰ্গিয়াৰী।

বিশাল স্বৰ্গিয়াৰী পৰিচালিত ২৮ মিনিটৰ বড়ো ভাষাৰ তথ্যচিত্ৰ Gosain:The colours of springৰ মেলবৰ্ণত অনুষ্ঠিত ১৩ তম ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰ হৈ যায়। যোৱা ১৩ আগষ্টত মহোৎৱত ৱৰ্ল্ড প্ৰিমিয়াৰ হোৱা তথ্যচিত্ৰখনৰ অহা ৩১ ছেপ্টেম্বৰলৈকে সমগ্ৰ অষ্ট্ৰেলিয়াত অনলাইন ষ্ট্ৰিমিং চলি থাকিব।  

Gosain: The colours of spring তথ্যচিত্ৰখন কেৰালাৰ তিৰুৱন্তপুৰামত ২৬ ৰ পৰা ৩১ আগষ্ট, ২০২২ লৈ অনুষ্ঠিত চতুৰ্দশ আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি চলচ্চিত্ৰ মহোৎসৱৰ বাবে Short Documentary Focus শাখাৰ বাবে নিৰ্বাচিত হৈছিল।

লগতে পঢ়ক: পৰ্তুগালত গৰ্ভৱতী ভাৰতীয় পৰ্যটকৰ মৃত্যু; স্বাস্থ্য মন্ত্ৰীৰ পদত্যাগ

অনুষ্ঠানটো কেৰালা চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ হৈ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ একাডেমীৰ দ্বাৰা আয়োজিত কৰা হৈছিল।

বিশাল স্বৰ্গিয়াৰী এজন ২৩ বছৰীয়া যুৱক। তেওঁৰ তথ্যচিত্ৰ The Story of Budheswar industry খন NFDC Flimbazar ২০২১ত প্ৰদৰ্শিত হৈছিল।

তথ্যচিত্ৰখন Duphang Pictures আৰু জিডি প্ৰডাকচনৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে। প্ৰযোজক বিশাল স্বৰ্গিয়াৰী আৰু জেমশ্ৰী দৈমাৰী হৈছে ইউটিউবাৰ আৰু  বড়ো অভিনেত্ৰী।

মেলবৰ্ণত ১৩তম Indian Flim Festival ত premiere হ’বলগীয়া জেমশ্ৰী দৈমাৰী প্ৰযোজিত এইখন প্ৰথম তথ্যচিত্ৰ।

লগতে পঢ়ক: Suez Canal blocked এভাৰ গিভন কণ্টেইনাৰ জাহাজৰ পিছত ছুৱেজ খালত পুনৰ আবদ্ধ আন এখন জাহাজ

তথ্যচিত্ৰখনত দৌল পূৰ্ণিমা (হোলী উৎসৱ)ৰ তাৎপৰ্য আৰু পৰম্পৰা, লগতে পুখুৰী খনন কৰোঁতে বাংকা কছাৰীৰ দ্বাৰা আৱিষ্কৃত নৰসিংহ গোসাঁইৰ পৌৰাণিক কাহিনী বৰ্ণনা কৰা হৈছে। এই নৃতাত্ত্বিক বিষয়টোৱে চলচ্চিত্ৰখনৰ আধাৰ।