• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেতৃত্বত নীতিশ কুমাৰ হ’লেও কেবিনেটত ‘সংখ্যাগৰিষ্ঠ’ বিজেপিয়েই; কোনে পালে কিমান মন্ত্ৰী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2025 4:48 pm
75
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দশমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে নীতিশ কুমাৰে। কিন্তু কেবিনেটত বিজেপিৰে দপদপনি। অন্ততঃ পৰিসংখ্যাই তাকেই কয়। নীতিশৰ কেবিনেটত বৰ্তমান ২৬ জন সদস্য আছে। ইয়াৰে ১৪ জন বিজেপি বিধায়ক, ৮ জন নীতিশৰ দল জেডিইউ, আৰু ২জন চিৰাগ পাছোৱানৰ দল এলজেপি (ৰাম বিলাস)ৰ।

তাৎপৰ্যপূৰ্ণভাৱে এন ডি এৰ অংশীদাৰ আৰ এল এমৰ এজন বিধায়ক আৰু জিতন ৰাম মাঞ্জীৰ দল ‘হাম’ৰ এজন বিধায়কে নীতিশৰ মন্ত্ৰীসভাত স্থান লাভ কৰিছে। মুঠতে নেতা নীতিশ আপাত দৃষ্টিত কেপ্তেইন হ’লেও কেবিনেটত ‘মেজৰিটি’ বিজেপিৰেই থাকিল। অৱশ্যে ৰাজনৈতিক মহলৰ একাংশৰ মতে পিছত মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সুযোগ আছে।

Apply Now

নীতিশৰ মন্ত্ৰীসভাত কোনে স্থান পাইছে? নীতিশ কুমাৰ নেতৃত্বাধীন পূৰ্বৰ চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী আছিল সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা। নীতিশৰ নতুন মন্ত্ৰীসভাতো তেওঁলোক আছে। এই দুই বিজেপি বিধায়কে পূৰ্বৰ পদতে বাহাল থাকিব বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰিও নীতিশৰ মন্ত্ৰীসভাৰ জেডিইউৰ সদস্যসকল হ’ল – বিজয় কুমাৰ চৌধুৰী, বিজেন্দ্ৰ প্ৰসাদ যাদৱ, শ্ৰৱণ কুমাৰ, অশোক চৌধুৰী, লেচি সিং, মদন সাহানী, সুনীল কুমাৰ, মহম্মদ জামা খান।

সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাৰ উপৰিও কেবিনেটত বিজেপিৰ আন সদস্যসকল হ’ল মংগল পাণ্ডে, ড০ দিলীপ কুমাৰ জয়ছোৱাল, নীতিন নবীন, ৰামকৃপাল যাদৱ, সঞ্জয় সিনহা টাইগাৰ, অৰুণ শংকৰ প্ৰসাদ, সুৰেন্দ্ৰ মেহতা, নয়ন প্ৰসাদ, ৰামা নিছাদ, লখেন্দ্ৰ কুমাৰ ৰোশন, শ্রেয়াশ্ৰী সিনহা, প্ৰমোদ কুমাৰ।

আনহাতে, চিৰাগৰ দল এল জে পি (ৰাম বিলাস)ৰ বিধায়ক সঞ্জয় কুমাৰ, সঞ্জয় কুমাৰ সিনহা আৰু আৰ এল এমৰ দীপক প্ৰকাশক কেবিনেটত স্থান দিয়া হৈছে। জিতন ৰাম মঞ্জিৰ হামৰ পৰা মন্ত্ৰীসভাত স্থান লাভ কৰিছে সন্তোষ কুমাৰ সুমনে।

প্ৰথম অৱস্থাত এন ডি এৰ সূত্ৰই প্ৰকাশ কৰিছিল যে প্ৰতি ছয়জন বিধায়কৰ বিপৰীতে এজন বিধায়ক মন্ত্ৰী হ’ব। বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৮৯ খন, জেডিইউয়ে ৮৫ খন, এলজেপিয়ে (ৰাম বিলাস) ১৯ খন, আৰএলএমৰ ৪ খন আসন। ফলত এই ছয়জনৰ বাবে এজন মন্ত্ৰীৰ নীতি যে এইক্ষেত্ৰত পালন কৰা হোৱা নাই সেয়া স্পষ্ট হৈ পৰিছে। যদিও ৰাজনৈতিক মহলৰ দাবী যে পিছত কেবিনেট সম্প্ৰসাৰণৰ স্থান থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

ধৰিত্ৰী সুৰক্ষা মঞ্চ’ৰ বিশেষ বক্তৃতানুষ্ঠান: পৰিৱেশ সুৰক্ষা আৰু সাংবিধানিক অধিকাৰৰ ওপৰত আলোকপাত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ

August 8, 2026 10:14 pm
মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

মহানগৰীত শোকাবহ পথ দুৰ্ঘটনা: চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত অকাল মৃত্যু মেধাৱী ছাত্ৰ হৰ্ষিত বৰাৰ

August 8, 2026 9:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd