সমাগত লোক সভাৰ নিৰ্বাচন। মাজত মাত্ৰ এটা বছৰ বাকী। ২০২৪ চনত দেশত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন।
কেন্দ্ৰৰ পৰা মোডী চৰকাৰক উৎখাত কৰিবলৈ গৈ যেন হতাশ হৈ পৰিছে বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছ। কিয়নো দেশত এতিয়া প্ৰধান বিৰোধী হিচাপে থিয় দিছে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰছ দলে। পুনৰ হেৰুৱা গৌৰৱ উদ্ধাৰত যথেষ্ট পৰিমাণে সফল হৈছে কংগ্ৰেছ।
তৃণমূলৰ সাংসদ সুদীপ বেনাৰ্জীয়ে শেহতীয়াকৈ কংগ্ৰেছৰ আচৰণ ‘বিগ বছ’ৰ দৰে হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। তেওঁ স্পষ্টভাৱে কৈছে ‘মিত্ৰতাৰ নামত কংগ্ৰেছৰ গ্ৰেণ্ডষ্টেণ্ডিং তৃণমূলে মানি নলয়।’ অৱশ্যে তেওঁ দাবী কৰে যে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ তৃতীয় ফ্ৰণ্ট গঠন হোৱাৰ কোনো সম্ভাৱনা নাই।
বৃহস্পতিবাৰে দলৰ সাংসদ, বিধায়ক, জিলা সভাপতি আৰু ৰাজ্যিক সভাপতিৰ সৈতে হোৱা বৈঠকৰ অন্তত সাংবাদিকৰ আগত সুদীপ বেনাৰ্জীয়ে কয়, “কংগ্ৰেছে বিৰোধীক ফোন কৰে। কিন্তু তেওঁলোকৰ আচৰণ বিগ বছৰ দৰে। ”
তাৰ পিছত সুদীপ বেনাৰ্জীয়ে বিস্ফোৰক অভিযোগ কৰি কয়, ‘বিজেপিয়ে ৰাহুল গান্ধীক মোডীৰ প্ৰধান প্ৰতিদ্বন্দ্বী হিচাপে সৃষ্টি কৰিবলৈ বিচাৰিছে। তেতিয়া নিৰ্বাচনত জয় লাভ কৰাটো তেওঁলোকৰ বাবে সুবিধাজনক হ’ব আৰু বিৰোধীৰ ভোট একত্ৰিত নহ’ব। সেয়ে আমি ৰাহুল গান্ধীৰ লগত নাই।”
এতিয়া এইদৰেই ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গৈছে পশ্চিবংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছে।