• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৭ ছেপ্তেম্বৰত শিক্ষা মন্ত্ৰীৰে আলোচনাৰ পূৰ্বে ৬ ছেপ্টেম্বৰত সাধাৰণ সভা আহ্বান সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাৰ

NE NOW NEWS ইয়াছিন আলী
কোকিলা , August 29, 2018 1:12 pm

2 min read

২০-২৫ বছৰ চাকৰি কৰা ৯২৩৬গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক চাকৰি ‘বৈধ’ বুলি প্ৰমাণ কৰাৰ নিৰ্দেশ

সদৌ অসম কৰ্মৰত অতিৰিক্ত (প্ৰাথমিক/উচ্চ প্ৰাথমিক) শিক্ষক সন্থাৰ সংবাদমেলৰ ফাইল ফটো।

232
VIEWS
Share on FacebookShare on Twitter

১৯৯১-২০০১ চনৰ ভিতৰত নিযুক্তি লাভ কৰি অসমৰ ২৪খন জিলাৰ বিভিন্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত হৈ থকা ১১,৭৫৬গৰাকী শিক্ষকৰ চাকৰিক লৈ সৃষ্টি হোৱা অচলাৱস্থাৰ সমস্যা দূৰ কৰিবলৈ অহা ৭ ছেপ্তেম্বৰত শিক্ষা মন্ত্ৰী আৰু সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাৰ মাজত এখন বৈঠক অনুষ্ঠিত হ’ব।

উক্ত বৈঠকৰ বিষয়ে আলোচনা কৰিবলৈ সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাই তাৰ আগদিনা অৰ্থাৎ ৬ ছেপ্তেম্বৰত সন্থাৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰিছে। এই সাধাৰণসভাখন ৬ ছেপ্টেম্বৰৰ ৰাতিপুৱা ১১ বজাত গুৱাহাটী চান্দমাৰিত থকা ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভৱনত অনুষ্ঠিত হ’ব।

সাধাৰণ সভাখনত ৰাজ্যৰ ২৪খন জিলাৰ সন্থাৰ অন্তৰ্ভুক্ত শিক্ষক-শিক্ষয়িত্ৰী সকলোকে উপস্থিত থাকিবলৈ সন্থাৰ সভাপতি নীলমনি নাথ, যুটীয়া সম্পাদক দ্বয় দিলীপ তাঁতী আৰু আব্দুল মতলেবে আহ্বান জনাইছে।

উল্লেখযোগ্য যে যোৱা বেচ কিছুদিন ধৰি এই বেতন বঞ্চিত তথা চাকৰিৰ সংকটত পৰা হাজাৰ হাজাৰ শিক্ষকসকলে আন্দোলন, প্ৰতিবাদ কৰি আহিছে। শিক্ষকসকলক চৰকাৰে তেওঁলোকৰ চাকৰি কেনেকৈ ‘বৈধ’ সেইটো প্ৰমাণ কৰিবলৈ জাননী প্ৰেৰণ কৰিছিল।

ইয়াৰ প্ৰতিবাদত আৰু তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত প্ৰতিবাদ কৰি থকা শিক্ষকসকলৰ সৈতে আলোচনা কৰিবলৈ সন্মত হৈ শিক্ষা মন্ত্ৰীয়ে তেওঁলোকক আলোচনাৰ বাবে মাতিছে। এই সন্দৰ্ভত অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ ডিপুটি ছেক্ৰেটেৰীয়ে পত্ৰ নং AEE- 289/2017/87-A যোগে সদৌ অসম কৰ্মৰত অতিৰিক্ত শিক্ষক সন্থাৰ বিষয়ববীয়াক শিক্ষা মন্ত্ৰীৰ লগতে প্ৰাথমিক শিক্ষা বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনাৰ বাবে আমন্ত্ৰণ জনায়।

এই আলোচনা অহা ৭ ছেপ্তেম্বৰত ৰাতিপুৱা পুৱা ১১:৩০ বজাত জনতা ভৱনৰ চতুৰ্থ মহলাৰ ডি কক্ষত অনুষ্ঠিত হ’ব। এই কথা সন্থাৰ সভাপতি নীলমনী নাথ আৰু যুটীয়া সম্পাদক আব্দুল মতলেবে জানিবলৈ দিছে।

Recent News

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd