গুৱাহাটীৰ বজাৰত প্ৰৱেশৰ বাবে সাজু হৈছে কছমেটিক্স আৰু টয়লেট্ৰীজ সামগ্ৰীৰ আগশাৰীৰ গোলকীয় খুচুৰা বিক্ৰেতা ‘দ্যা ব’ডী শ্বপ’। গুৱাহাটীৰ চিটী চেণ্টাৰ মলত ‘দ্য ব’ডী শ্বপে’ মুকলি কৰিছে ইয়াৰ প্ৰথমখন ষ্টেণ্ডএল’ন বিপণি।
এই বিপনীখনত আগবঢ়োৱা হৈছে ছালৰ যতন, স্নান আৰু শৰীৰ, মেকআপ, কেশ, সুগন্ধি, পুৰুষৰ উপযোগী সামগ্ৰী আৰু উপহাৰ শাখাত ১০০ শতাংশ উদ্ভিদভিত্তিক তথা জীৱ-জন্তুৰ প্ৰতি হানিৰহিত সামগ্ৰীৰ এক বিশাল ক্ষেত্ৰ।
এই অনুপম সামগ্ৰীসমূহৰ উপৰি বিপণিখনত উপলব্ধ ছালৰ যতন সম্পৰ্কীয় পৰামৰ্শাৱলী আৰু মেক-আপ এপ্লিকেশ্যন আদিৰ বিশেষ সেৱাও।
গ্ৰাহকসকলে সামান্য মাচুলৰ বিনিময়ত ‘দ্য ব’ডী শ্বপ’ৰ কাষ্টমাৰ লয়েল্টী প্ৰগ্ৰেম ‘‘লাভ ইওৰ ব’ডী’’ত নিজৰ নাম অন্তৰ্ভূক্ত কৰিব পাৰে, যাৰ বিনিময়ত তেওঁলোকে সমগ্ৰ বছৰজুৰি লাভ কৰিব সদস্যসকলৰ বাবে নিৰ্ধাৰিত আকৰ্ষণীয় সা-সুবিধা, বছৰজোৰা ৰেহাই, সদস্যসকলৰ বাবে আগ বঢ়োৱা বিশেষ অফাৰ, সকলো গুৰুত্বপূৰ্ণ ব্ৰেণ্ড ইভেণ্টত ভি আই পি হিচাপে অংশগ্ৰহণৰ সুবিধা আৰু আন বহুতো সা-সুবিধা।
নতুনকৈ আৰম্ভ কৰা বিপণিখনৰ বিষয়ে ‘দ্য ব’ডী শ্বপ’ এছিয়া ছাইথৰ খুচুৰা আৰু বাণিজ্যিক শাখাৰ উপাধ্যক্ষ শ্ৰী বিশাল চতুৰ্বেদীয়ে নতুন ষ্টেণ্ডএল’ন বিপনীখনৰ জৰিয়তে গুৱাহাটীৰ খুচুৰা বজাৰত তেওঁলোক উপস্থিতি ঘোষণা কৰিবলৈ পাই অতিশয় সন্তুষ্ট বুলি উল্লেখ কৰে।
তেওঁ কয় ‘ভাৰতত ২০০৬ চনত দ্য ব’ডী শ্বপ স্থাপনৰ পাছৰ পৰাই আমি ডেম অনীতা ব’ড্ডিকৰ চিন্তা, ধাৰণা আৰু আৱেগৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছো’।
এই বিপণিখনৰ সৈতে দ্য ব’ডী শ্বপ এতিয়া ৬৫ খনতকৈ অধিক মহানগৰত উপলব্ধ আৰু ই-কমাৰ্চৰ জৰিয়তে ৭০০ তকৈ অধিক নগৰ আৰু মহানগৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।
ভাৰতত দ্য ব’ডী শ্বপৰ ১৮০ খনতকৈ অধিক বিপণি আছে, যিসমূহৰ ভিতৰত আছে ষ্টেণ্ডএল’ন, বিগ বিটেইল ফৰ্মেটত শ্বপ-ইন-শ্বপছ, হাই ষ্ট্ৰীটছ, ডিপাৰ্টমেণ্ট ষ্টোৰ আৰু বিমান বন্দৰত থকা বিপণি।
অসমৰ বিশিষ্ট ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্ত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিল্পী ৱাহিদা আহমেদে বিপণিখনৰ উন্মোচনী অনুষ্ঠানত সন্মানিত অতিথি হিচাপে অংশগ্ৰহণ কৰে।
উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি সংযুক্ত দত্তই দ্য ব’ডী শ্বপৰ এই নতুন কৃতিত্বৰ অংশ হ’বলৈ পাই গৰ্বিত বুলি উল্লেখ কৰে।
আনহাতে, ৱাহিদা আহমেদে ব্ৰেণ্ডটোৱে ইয়াৰ আদৰ্শ হিচাপে বিভিন্ন দেশৰ পৰা গ্ৰহণ কৰা কাহিনী, প্ৰাকৃতিক উপাদান আৰু আধুনিক ধাৰণা, যিয়ে ব্ৰেণ্ডটোক জাকত জিলিকা কৰি তুলিছে বুলি মন্তব্য কৰে।





