মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ চন্দ্ৰচুড় : কেন্দ্ৰই প্ৰণয়ন কৰা ৩ খন আইনৰ প্ৰশংসা মুখ্য ন্যায়াধীশৰ

ন্যায় ব্যৱস্থাৰ মাজেদি বিজেপি চৰকাৰক ত্ৰাহি মধুসুদন দেখুওৱা দেশৰ শীৰ্ষ আদালতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে এইবাৰ প্ৰশংসা কৰিছে বিজেপি চৰকাৰক।  বিজেপি চৰকাৰে সংসদত প্ৰণয়ন কৰা তিনিখন আইনৰ বাবে এইদৰেই বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে মুখ্য ন্যায়াধীশ গৰাকী।

শনিবাৰে চন্দ্ৰচুড়ে কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখন নতুন অপৰাধমূলক আইনৰ বাবে বিজেপিক প্ৰশংসা কৰি কয় – এয়া ভাৰতৰ পৰিৱৰ্তনৰ স্পষ্ট লক্ষণ। 

চন্দ্ৰচূড়ৰ মতে, নতুন আইনসমূহে ভাৰতৰ আইনী কাঠামোক এক নতুন পোহৰ দেখুৱাইছে।  তেওঁ কয় যে নতুন আইনসমূহ সফল হ’ব যদিহে আমি নাগৰিক হিচাপে ইয়াক আকোৱালি লওঁ।

নতুন অপৰাধ ন্যায় আইন প্ৰণয়নক সমাজৰ বাবে এক ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ভাৰত নিজৰ অপৰাধমূলক ন্যায় ব্যৱস্থাৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ বাবে সাজু। 

তেওঁ কয় যে ভুক্তভোগীৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে অপৰাধৰ তদন্ত আৰু বিচাৰৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ বাবে এই জৰুৰী সংস্কাৰ কৰা হৈছে।

“সংসদে এই আইনসমূহ গৃহীত কৰাটোৱে ভাৰতে পৰিৱৰ্তন আৰু অগ্ৰগতি লাভ কৰাৰ স্পষ্ট ইংগিত দিয়ে। বৰ্তমানৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় নতুন আইনী আহিলাৰ প্ৰয়োজন এই আইনে পূৰণ কৰিছে। – চুন্দ্ৰচুড়ে লগতে কয়। 

উল্লেখ্য যে দেশৰ ফৌজদাৰী ন্যায় ব্যৱস্থা সম্পূৰ্ণৰূপে সলনি কৰিবলৈ অহা ১ জুলাইৰ পৰা ‘ভাৰতীয় ন্যায় সংহিতা’, ‘ভাৰতীয় নাগৰিক প্ৰতিৰক্ষা সংহিতা’ আৰু ‘ভাৰতীয় প্ৰমাণ আইন’ বলবৎ হ’ব। অৱশ্যে ‘হিট এণ্ড ৰাণ’ গোচৰৰ সৈতে জড়িত বিধান তৎক্ষণাত কাৰ্যকৰী নহ’ব। তিনিওখন আইনে যোৱা বছৰৰ ২১ ডিচেম্বৰত সংসদৰ অনুমোদন লাভ কৰিছিল আৰু ২৫ ডিচেম্বৰত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰুৱে সন্মতি দিছিল।