• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীৰ পদ ত্যাগ কৰিব লাগে”: কাৰ্বি আংলঙৰ অশান্তিক লৈ সৰৱ অখিল গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2025 4:38 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলং জিলাত শেহতীয়াকৈ সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতি আৰু অশান্তিক লৈ মঙলবাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। এই পৰিস্থিতিৰ বাবে তেওঁ ৰাজ্যৰ বিজেপি চৰকাৰ, গৃহ বিভাগ আৰু অসম আৰক্ষীক পোনপটীয়াকৈ জগৰীয়া কৰে।

এক সংবাদমেল সম্বোধন কৰি গগৈয়ে কাৰ্বি আংলঙৰ ৰাইজক শান্তি বজাই ৰাখিবলৈ আৰু আইন হাতত তুলি নলবলৈ আহ্বান জনায়। একে সময়তে তেওঁ প্ৰশাসনৰ ভূমিকাক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে কাৰ্বি আংলঙৰ ঘটনাই অসম আৰক্ষী আৰু গৃহ বিভাগৰ চৰম ব্যৰ্থতা উদঙাই দিছে।

Apply Now

গগৈয়ে কয় যে সোমবাৰে মাজনিশা তেওঁ অসমৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান হৰমিট সিঙক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল। তাত তেওঁ সকীয়াই দিছিল যে কাৰ্বি আংলঙৰ পৰিস্থিতি অতি সোনকালে অধিক ভয়াৱহ হৈ পৰাৰ সম্ভাৱনা আছে। কিন্তু আগতীয়া তথ্য থকাৰ পিছতো প্ৰশাসনে কোনো প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ নকৰিলে।

তেওঁ অভিযোগ কৰে যে কাৰ্বি ভূমিত অসম আৰক্ষীৰ কোনো নিয়ন্ত্ৰণ নাই। গৃহ বিভাগে পৰিস্থিতিৰ গুৰুত্ব বুজাত ব্যৰ্থ হৈছে।

গগৈৰ মতে, বিগত ১২-১৪ দিন ধৰি প্ৰতিবাদকাৰীসকলে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছিল। কিন্তু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে তেওঁলোকৰ সৈতে কোনো আলোচনা নকৰিলে। বৰঞ্চ মাজনিশা আৰক্ষীয়ে প্ৰতিবাদকাৰীক আটক কৰাৰ ফলতহে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

গগৈয়ে কয়, “আৰক্ষী দুটা দিশত ব্যৰ্থ হ’ল— এফালে নিৰীহ প্ৰতিবাদকাৰীক দমন কৰিলে আৰু আনফালে এজন চৰকাৰী নেতাক সুৰক্ষা দিব নোৱাৰিলে।”

মুখ্যমন্ত্ৰীয়ে সততে কৈ থকা খিলঞ্জীয়া সুৰক্ষাৰ প্ৰসংগ উত্থাপন কৰি গগৈয়ে প্ৰশ্ন কৰে যে চৰকাৰে কিয় প্ৰতিবাদকাৰীৰ সৈতে মেজত বহি আলোচনা কৰিব নোৱাৰিলে? তেওঁ অশান্তিৰ সময়ত সম্পত্তি হেৰুওৱা লোকসকলৰ বাবে ক্ষতিপূৰণো দাবী কৰে।

বিজেপি চৰকাৰৰ দিনত পুনৰ বিটিচি এলেকাৰ দৰে সংঘাতৰ সৃষ্টি হোৱাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি অখিল গগৈয়ে দাবী জনায় যে— মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

‘মহাশক্তি’ নহয়, মানুহৰ সেৱাৰ জৰিয়তেহে ভাৰত ‘বিশ্বগুৰু’: টৰণ্টোৰ সভাত মোহন ভাগৱতৰ মন্তব্য

August 31, 2026 11:03 am
Assam Governor launches 100-day TB elimination campaign on 7 december 2024

যক্ষ্মামুক্ত অসমৰ দাবী! কিন্তু ক’ত প্ৰকৃত তথ্য?

August 31, 2026 10:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

ইউ এছ অ’পেনত অঘটন: অসুস্থতাৰ ওচৰত হাৰ মানি প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ন’ভাক জ’কভিচৰ

August 31, 2026 11:45 am
উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

উত্তৰাখণ্ডৰ ‘শুদ্ধিকৰণ’ কাণ্ডক লৈ ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ : ‘জাতিবিদ্বেষী মন্তব্য’ৰ অভিযোগ

August 31, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd