NORTHEAST NOW (Assamese)

কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মুখ্য সচিবে পুনৰ জাৰি কৰিলে নিৰ্দেশনা; আজিৰে পৰা হ’ব বলবৎ

December 25, 2020 8:00 am · কল্পজ্যোতি শইকীয়া
ৰাজনৈতিক সভা। ফাইল ফটো।

শাসকীয় বিজেপি, বিৰোধী সকলোৱে ৰাজনৈতিক তথা ৰাজহুৱা সভা অনুষ্ঠিত কৰি থকাৰ মাজতে ৰাজ্যৰ মুখ্য সচিবে দিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।

কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেই এই নিৰ্দেশনা দুৰ্যোগ প্ৰশমন বিভাগৰ।

“৫০ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।”

“কোনো ৰাজহুৱা স্থান, ব্যক্তিগত অনুষ্ঠান, প্ৰেক্ষাগৃহত ৫০ শতাংশ লোকহে সমবেত হ’ব পাৰিব।”

“বাহিৰত কোনো উৎসৱ পাৰ্বনত জুম বান্ধি কোনো লোক সমবেত হ’ব নোৱাৰিব। থিয় হ’লেও সামাজিক তথা শাৰীৰিক দূৰত্ব মানি চলিব লাগিব।”

ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰিলেও সামাজিক দূৰত্বৰ লগতে সকলো কোভিড প্ৰ’টকল মানি চলিব লাগিব। পৰাপক্ষত ঘৰৰ ভিতৰতে উদযাপন কৰিবলৈ অনুৰোধ মুখ্য সচিবৰ।

প্ৰতিষ্ঠান সমূহে মাস্ক, চেনিটাইজাৰ যোগান ধৰাৰ লগতে বাধ্যতামূলক কোভিড টেষ্ট কৰাব লাগিব।

এই নিৰ্দেশনাৰ ভিত্তিত জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক আৰু মহানগৰ আৰক্ষী আয়ুক্তই নিয়ম ভঙ্গকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব।

আজি অৰ্থাৎ ২৫ ডিচেম্বৰৰ পৰা  ২০২১ ৰ ১০ জানুৱাৰীলৈকে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

Related News