• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেতিয়া বিয়াত বহিব ৰণবীৰ-আলিয়া? দুই তাৰকাৰ লগ্নত বাধা লকডাউন!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 25, 2020 7:23 am

1 min read

ৰণবীৰ-আলিয়া

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট।

313
VIEWS
Share on FacebookShare on Twitter

চলিত বৰ্ষৰ প্ৰথম ভাগতেই শুনিবলৈ পোৱা গৈছিল যে ২০২০ৰ শেহৰ পিনে বিবাহপাশত আৱদ্ধ হ’ব বলীউদৰ বহুচৰ্চিত যুটী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট।

পিচে, যোৱা মাৰ্চ মাহৰ পৰা কোভিড-১৯ৰ বাবে গোটেই দেশতে লকডাউন আৰম্ভ হয়। এই লকডাউনৰ ফলতেই ৰণবীৰ-আলিয়াৰ বিয়াৰ পৰিকল্পনা স্থগিত ৰয়।

শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এটি সাক্ষাৎকাৰত এই বিষয়টো স্পষ্ট কৰিছে ৰণবীৰে। তেওঁ কয় যে অতিমাৰী নহাহেঁতেন ইমানদিনে তেওঁৰ প্ৰেমিকা আলিয়াৰ সৈতে বিবাশপাশত আৱদ্ধ হৈ পৰিলেহেঁতেন।

অৱশ্যে, এই মুহূৰ্তত কেতিয়া বিয়া পাতিব বিচাৰে সেই বিষয়ে একো জনোৱা নাই।

তাৰ মাজতে আলিয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৰণবীৰ। আলিয়াক ‘অ’ভাৰ এচিভাৰ’ আখ্যা দি তেওঁ কয় যে এই লকডাউনৰ সময়ত গীটাৰৰ পৰা আৰম্ভ কৰি চিত্ৰনাট্য লিখালৈকে সকলো কথাই শিকি পেলাইছে আলিয়াই।

আলিয়াৰ কাষত নিজকে ‘আণ্ডাৰ এচিভাৰ’ বুলিয়েই ভাৱে ৰণবীৰে আৰু তেওঁ সেই কথা অকপটে স্বীকাৰো কৰে।

লকডাউনৰ সময়খিনি তেওঁ কেনেদৰে কটাইছে সেই সম্পৰ্কত ৰণবীৰে কয় যে আলিয়াৰ দৰে তেওঁ গীটাৰ বা আন কোনো বিষয়ৰ ওপৰত ক্লাছ কৰা নাই। কিন্তু লকডাউনৰ মাজতে তেওঁ পিতৃ ঋষি কাপুৰক হেৰুৱাইছে।

ৰণবীৰ-আলিয়াৰ বিয়াক লৈ বলীউদৰ বিতৰত সৰৱ চৰ্চা চলিছে। এই যুটীটোক অয়ন মুখাৰ্জী পৰিচালিত পৰৱৰ্তী ছবি ব্ৰহ্মাস্ত্ৰত দেখা যাব।

ৰণবীৰ আলিয়াৰ উপৰি এই ছবিখনত অভিনয় কৰিছে অমিতাভ বচ্চন, ডিম্পল কাপাডিয়া, নাগাৰ্জুন আৰু মৌনি ৰায়ক।

Recent News

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

WhatsApp Image 2021-01-24 at 9.08.34 PM

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd