• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হায় ছুপাৰ স্পেচিয়েলিটি হস্পিতাল! শেষকৃত্যৰ সময়ত জী উঠিল চিকিৎসালয়ত মৃত ঘোষণা কৰা শিশু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2023 7:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰোগীৰ লগত আৰু কিমান কিমান হেতালী খেলিব একাংশ চিকিৎসকে? এইবাৰ চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰা শিশু জী উঠিল শেষকৃত্য কৰাৰ সময়ত। এই ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ মেদিনীপুৰ জিলাত।

মেদিনীপুৰ জিলাৰ ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ বিৰুদ্ধে উত্থাপন হৈছে এই ভয়ানক অভিযোগ।

Apply Now

অভিযোগ অনুসৰি শনিবাৰে পুৱা প্ৰসৱ বেদনা আৰম্ভ হোৱাৰ বাবে ৰাস্কুণ্ডু অঞ্চলৰ এগৰাকী প্ৰসূতিক দিনৰ ১২ মান বজাত হাস্পতালখনত ভৰ্তি কৰোৱা হয়। দুপৰীয়া ২ মান বজাত প্ৰসূতিগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে। সন্ধিয়া ৫ বজাত পৰিয়ালৰ লোকক চিকিৎসকে জানিবলৈ দিয়ে যে জন্ম হোৱাৰ ২০ মিনিট মানৰ পিছতেই তেওঁলোকৰ সন্তানটিৰ মৃত্যু ঘটিছে।

নিশা ৯ মান বজাত আনুষ্ঠানিকতা শেষ কৰি মৃত্যুৰ প্ৰমাণ পত্ৰসহ হাস্পাতাল কৰ্তৃপক্ষই নৱজাতকটিক পৰিয়ালৰ হাতত গতাই দিয়ে । নিশা ১০.৩০ মান বজাত নৱজাতটিক লৈ ঘৰলৈ উভটি যায় পৰিয়ালটো।

ঘৰলৈ গৈ পৰিয়ালটোৱে শিশুটিৰ শেষকৃত্য কৰাৰ কথা চিন্তা কৰি থকাৰ সময়তে হঠাতে শিশুটিৰ শাৰীৰিক প্ৰতিক্ৰিয়া লক্ষ্য কৰে। লগে লগেই বিপাঙত পৰা পৰিয়ালটোৱে পুনৰ চিকিৎসালয়লৈ লৈ যায় মৃত্যুৰে সৈতে যুঁজি থকা শিশুটিক। পুনৰ চুপাৰ স্পেচিয়েলিটি হাস্পাতালত ভৰ্তি কৰা হয় শিশুটিক। কিন্তু চিকিৎসালয় পোৱাৰ পিছত এইবাৰ সঁচাকৈয়ে শেষ নিশ্বাস ত্যাগ কৰে শিশুটিয়ে।

এই ঘটনাক অভূতপূৰ্ব ঘটনা আখ্যা দি পৰিয়ালটোৱে পশ্চিম মেদিনীপুৰ জিলাৰ ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ চিকিৎসাৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি তদন্তৰ দাবী জনাইছে।

জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, নৱজাতকটোৰ মৃত্যু কেনেকৈ আৰু কেতিয়া হ’ল তাৰ তদন্তৰ বাবে দুখন উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা হৈছে।

পৰিয়ালৰ লোকে দাবী কৰে যে দ্বিতীয়বাৰ শিশুটিয়ে সঁচাকৈয়ে শেষ নিশ্বাস ত্যাগ কৰাৰ পিছত চিকিৎসালয়খনৰ পৰা দ্বিতীয়বাৰৰ বাবে মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হোৱা নাছিল।

নৱজাতকৰ এজন সম্বন্ধীয় বকুল খানে কয়, “শিশুটোক ৮ ঘণ্টা ধৰি চিকিৎসা অবিহনে ৰখা হৈছিল। এই চিকিৎসালয়ৰ চিকিৎসকেই শিশুটিৰ মৃত্যুৰ বাবে দায়ী। আমি তেওঁৰ বাবে আদৰ্শ শাস্তি বিচাৰো।”

শিশুটিৰ পিতৃ আলী আহমেদ খানে দাবী কৰা মতে, দেওবাৰে পুৱা যেতিয়া তেওঁ চিকিৎসালয়খনত অধীক্ষকক লগ কৰিবলৈ গৈছিল তেতিয়া তেওঁ তাত উপস্থিত নাছিল।

দেওবাৰে বিয়লি চিকিৎসালয়ৰ অধীক্ষক সুব্ৰত দে আৰু জিলা মুখ্য স্বাস্থ্য বিষয়া সৌম্যশংকৰ ছাংগীয়ে মৃতকৰ পৰিয়ালৰ সৈতে এক বৈঠকত মিলিত হয়। সভাত বিজেপিৰ বিধায়ক শীতল কাপতো উপস্থিত থাকে।

ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd