চি আই ডি থানাত গোচৰ পঞ্জীয়ন হোৱাৰ পাছতে বীৰ লাচিত সেনাৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে অসম চি আই ডিয়ে। চি আই ডিয়ে সমগ্ৰ ৰাজ্যৰ বিভিন্ন থানাত সংগঠনটোৰ বিৰুদ্ধে পূৰ্বে পঞ্জীয়ন হোৱা গোচৰৰ সৈতে জড়িত ফাইল পুনৰ মুকলি কৰিছে।
এই গোচৰৰ ফাইলসমূহ পুনৰ খোলাৰ কিছু সময়ৰ পাছতেই একাধিক জিলাত অভিযান চলোৱা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বীৰ লাচিত সেনাৰ কমেও ১১ জন সদস্যক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষী সূত্ৰই জনোৱা মতে, আটকাধীন আটাইকেইজন ব্যক্তিক জেৰাৰ বাবে গুৱাহাটীস্থিত চি আই ডিৰ মুখ্য কাৰ্যালয়লৈ অনা হ’ব।
বিষয়াসকলৰ মতে, বৃহস্পতিবাৰে চি আই ডি থানাত সংগঠনটোৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে ২০/২৫ নম্বৰৰ গোচৰ ৰুজু কৰা হয়। ইয়াৰ পিছত চিআইডিয়ে সংগঠনটোৰ বিৰুদ্ধে দাখিল কৰা সকলো এফআইআৰ একত্ৰিত কৰিবলৈ আৰম্ভ কৰে যাতে তদন্তত সুবিধা হয়।





