• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাদী ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মিঞা, অচিনাকি বুলি কৈ থকা এআইইউডিএফক লগত ল’বলৈকো কুণ্ঠাবোধ নকৰিলেঃ গৌৰৱ গগৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2026 9:30 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকক দেখুৱাই বছৰৰ পিছত বছৰ ধৰি এআইইউডিএফ সাম্প্ৰদায়িক দল আখ্যা দি গালি-গালাজ কৰি অহা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হঠাতে সেইটো দলৰে সহায় ল’বলৈ বাধ্য হোৱাটোৱে বিজেপিৰ ক্ষমতাকেন্দ্ৰিক ৰাজনীতি স্পষ্ট কৰি তুলিছে। ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে এনডিএ অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টীৰ সহযোগী দল ইউপিপিএলৰ নেতা প্ৰমোদ বড়োৰ মনোনয়নত এআইইউডিএফৰ ৩জন বিধায়ক ক্ৰমাৎ কৰিমুদ্দিন বৰভূঞা, নিজামুদ্দিন চৌধুৰী, জাকিৰ হুছেইন লস্কৰে স্বাক্ষৰ কৰা বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে।

গগৈয়ে কয় যে মুখ্যমন্ত্ৰীয়ে বছৰ বছৰ ধৰি অসমৰ ৰাইজক এআইইউডিএফক ভয় কৰিবলৈ আহ্বান জনাই আহিছে। ৰাজহুৱা সভা-সমিতিত সংখ্যালঘু সমাজক লক্ষ্য কৰি “মিঞা” আৰু “অচিনাকি” আদি শব্দ ব্যৱহাৰ কৰি বিদ্বেষমূলক ৰাজনৈতিক ভাষণ আগবঢ়াই আহিছে। উচ্ছেদ অভিযান আৰু বুলড’জাৰ ৰাজনীতিকো তেওঁ সমৰ্থন কৰি সমাজত বিভাজন সৃষ্টিৰ চেষ্টা কৰিছিল। কিন্তু আজি যেতিয়া ৰাজ্যসভাৰ তৃতীয়খন আসনৰ বাবে বিজেপিৰ সংখ্যা কম হ’ল, তেতিয়াই সেই একেই এআইইউডিএফ হঠাতে আপোন হৈ পৰিল বুলিও তেওঁ কটাক্ষ কৰে।

Apply Now

গগৈয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে যদি এআইইউডিএফ সঁচাকৈয়ে অসমৰ বাবে ভাবুকি হয়, তেন্তে এনডিএৰ প্ৰাৰ্থী প্ৰমোদ বড়োক জয়ী কৰিবলৈ তেওঁলোকৰ সহায় কিয় ল’বলগীয়া হ’ল? যদি এআইইউডিএফ ভাবুকি নহয়, তেন্তে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে দিয়া ভাষণবোৰ কেৱল ভয় সৃষ্টিৰ ৰাজনীতি নাছিলনে বুলিও গগৈয়ে প্ৰশ্ন কৰে।

গগৈয়ে আৰু কয়, ”মুখ্যমন্ত্ৰীয়ে সদায় আদৰ্শ আৰু মতাদৰ্শৰ কথা কয়, কিন্তু ক্ষমতাৰ প্ৰতি ভাবুকি আহি পৰিলেই সেই আদৰ্শ নোহোৱা হৈ যায়।’’ তেওঁ লগতে কয় যে অসমৰ সুৰক্ষাৰ কথা কোৱা মুখ্যমন্ত্ৰীৰ বাবে আজি নিজৰ গাদী ৰক্ষা কৰাটোৱেই যেন অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে।

আনহাতে, অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে এআইইউডিএফ দল যে বিজেপিৰ ‘বি’ টীম সেয়া আজি স্পষ্টকৈ প্ৰমাণিত হ’ল। শইকীয়াই কয় যে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত ইউপিপিএলৰ মন্ত্ৰীয়ে কাৰ্যনিৰ্বাহ কৰি আছে আৰু সেই ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক ৰাজ্যসভালৈ প্ৰেৰণ কৰিবৰ বাবে এআইইউডিএফ দলৰ বিধায়কৰ সহায় ল’বলগীয়া হৈছে। বাহিৰত দেখুৱাই দুয়োটা দলে ইটোৰ-সিটোৰ মাজত আদৰ্শগত মিল নাই বুলি কয় যদিও প্ৰকৃততে ক্ষমতাৰ বাবে এওঁলোকে সকলো কামেই কৰিব পাৰে। শইকীয়াই কয় যে ক্ষমতাকেন্দ্ৰিক ৰাজনীতিত বৰ্তি থাকিবলৈ ভাৰতীয় জনতা পাৰ্টীয়ে একেই সাম্প্ৰদায়িক দল এআইইউডিএফৰ লগত দীৰ্ঘদিন ধৰি সম্পৰ্ক ৰক্ষা কৰি আহিছে। বাহিৰত দেখুৱাই দুয়োটা দলৰ নেতাসকলে ইটোৱে আনটোক গালি-গালাজ কৰাতো ৰাইজক বিভ্ৰান্ত কৰাৰ এক ৰাজনৈতিক কৌশলহে মাত্ৰ। ভাৰতীয় জনতা পাৰ্টীয়ে এআইইউডিএফৰ অক্সিজেন নোহোৱাকৈ চলিব নোৱাৰে বুলিও শইকীয়াই মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd