• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ বিৰোধী ঐক্য মঞ্চৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 28, 2024 8:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্রদায়িক বিষবাষ্পৰে অসমৰ জাতি-জনগোষ্ঠীক উত্তেজিত কৰিব পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ স্বাৰ্থত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছে বিৰোধী ঐক্য মঞ্চ, অসমে। মুখ্যমন্ত্ৰীজনে সদনৰ বাহিৰে-ভিতৰে উগ্র সাম্প্রদায়িক মন্তব্য কৰি বিশেষকৈ হিন্দু-মুছলমান, উজনি-নামনি আদিৰ দ্বাৰা সাধাৰণ লোকক প্ৰৰোচিত কৰাৰ অপচেষ্টা অব্যাহত ৰখা বুলি অসমৰ ১৮ টা বিৰোধী ৰাজনৈতিক দলে গভীৰ আশংকা প্রকাশ কৰে আৰু ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে আজি দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰে।

বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈৰ নেতৃত্বত অসম প্রদেশ কংগ্রেছ কমিটি, অসম জাতীয় পৰিষদ, অসম জাতীয় দল, চিপিআইএম, চিপিআইএমএল, ৰাইজৰ দল, এপিএইছএলচি, পিএলপি আদি দলসমূহৰ প্ৰতিনিধিয়ে দিছপুৰ গণেশ মন্দিৰৰ পৰা আৰক্ষী থানালৈকে সমদল কৰি দিছপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাতত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এখন এজাহাৰ দিয়ে আৰু এজাহাৰৰ প্ৰতিলিপিৰ প্ৰাপ্তি স্বীকাৰ কৰাই লয়। কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, চিপিআইএমৰ জ্যেষ্ঠ নেতা ইছফাকুৰ ৰহমান, এনচিপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক পৰেশ বৰুৱা প্ৰমুখ্যে নেতাসকলে সাংবাদিকৰে হোৱা বার্তালাপত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ লগতে অপশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰে আৰু তৎকালে কাৰ্যকৰী হোৱাকৈ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ দাবী জনায়।

Apply Now

ভাৰতীয় ন্যায় সংহিতাৰ ২০২৩ৰ সংশোধনী ধাৰা ৬১, ১৯৬ আৰু ৩৫/২ৰ বিধিমতে অসমৰ মুখ্যমন্ত্ৰীয়ে মানসিক সন্তুলন হেৰুৱাইছে আৰু তেখেতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। নিজকে বলীয়া কুকুৰ বুলি ঘোষণা কৰা মুখ্যমন্ত্ৰীজনক আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰি আৱদ্ধ কৰি নৰখাতো সাধাৰণ মানুহৰ বাবে ভয়ংকৰ কথা বুলি উল্লেখ কৰি আৰক্ষীক তৎকালে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে।

হিমন্ত বিশ্ব শৰ্মাই অসমৰ হিন্দু-মুছলমানৰ মাজত সংঘাত লগাবৰ বাবে অপচেষ্টা চলোৱা বুলি প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই গুৰুতৰ অভিযোগ কৰে। বৰাই কয় যে বিধানসভাৰ বাহিৰে-ভিতৰে মুখ্যমন্ত্ৰীজনে সাংবিধানিক পদ মর্যাদা লাঘৱ হোৱা কথা-বাৰ্তাৰে ৰাইজক ভীকিগ্রস্ত কৰি ৰাখিছে।

একেদৰে বিৰোধী ঐক্য মঞ্চৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ বাবে বিপদজনক হৈ পৰিছে বুলি উল্লেখ কৰি কয় যে এই মানুহজনে ৰাজ্যখনৰ শান্তি-সম্প্রীতি বিনষ্ট কৰাৰ বাবে ষড়যন্ত্র অব্যাহত ৰাখিছে।

বিৰোধী দলপতি দেৱব্রত শইকীয়াই শিৱসাগৰত বিজেপিৰে নেতৃত্বই শ্রমিকক মাৰ-ধৰ কৰা আৰু জ্যেষ্ঠ লোকক প্ৰশাসনৰ সমুখত আঁঠু কঢ়াই সন্মান লাঘৱ কৰা বিষয়টো অসমীয়া জাতীয় সংস্কৃতি আৰু পৰম্পৰা বিৰুদ্ধ বুলি উল্লেখ কৰে।

সাংসদ ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ অবাধ সম্পত্তিৰ সুৰক্ষাৰ স্বাৰ্থত নিকৃষ্ট ৰাজনীতি কৰা বুলি অভিযোগ কৰে।

বিৰোধী ঐক্য মঞ্চৰ সজাতী দলটোৱে দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত এজাহাৰ দাখিল কৰাতে ক্ষান্ত নাথাকি অসমৰ ৰাজ্যপাল আৰু দেশৰ ৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিব বুলি উল্লেখ কৰে। ৰাজ্যপালক সাক্ষাৎ কৰি অসমৰ মুখ্যমন্ত্রীক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবী জনাবলৈ ইতিমধ্যে ৰাজ্যপালৰ সাক্ষাৎ বিচাৰি যোগাযোগ কৰা বুলিও জানিব পৰা গৈছে। ৰাজ্যপালগৰাকী অসমৰ বাহিৰত থকাত তেওঁৰ কাৰ্যালয়ৰ লগত বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বই যোগাযোগ অব্যাহত ৰাখিছে আৰু অসমত হ’ব পৰা যিকোনো ধৰণৰ সাম্প্রদায়িক সংঘৰ্ষৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া হ’ব বুলি আশংকা প্রকাশ কৰে।

সাংসদ অজিত কুমাৰ ভূঞাই ড০ হিমন্ত বিশ্ব শর্মাক এজন খিলঞ্জীয়া বিৰোধী নায়ক বুলি অভিহিত কৰে। ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱৰা হিমন্ত বিশ্ব শৰ্মাই দীর্ঘদিন ধৰি অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰী হৈ থকাৰ পিছতো অসমৰ পৰা এজনো বিদেশী খেদিব নোৱাৰিলে। এইজন মুখ্যমন্ত্রী শুদ্ধ এখন এনআৰচি থলুৱাৰ স্বাৰ্থত প্ৰকাশ কৰিব নোৱাৰিলে। এইজন মুখ্যমন্ত্রীয়ে ৬নং দফা কাৰ্যকৰী কৰিব নোৱাৰিলে। হিমন্ত বিশ্ব শৰ্মা অসমৰ বাবে এক ডাঙৰ বোজা হৈ পৰিছে বুলি সাংসদ ভূঞাই উল্লেখ কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd