NORTHEAST NOW (Assamese)

ছল চাই কঠীয়া পৰাৰ ৰাজনীতি কৰিছে মুখ্যমন্ত্ৰীয়ে : সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়িকা শিৱামণি বৰাৰ ওপৰত চলা আক্ৰমণৰ প্ৰতিবাদত আৰক্ষী সঞ্চালক প্ৰধানক স্মাৰক পত্ৰ কংগ্ৰেছৰ

April 29, 2025 5:03 pm · এন ই নাও নিউজ, গুৱাহাটী

পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ উত্থানত শংকিত হৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ছদ্মবেশী বিজেপি গুণ্ডাই কংগ্ৰেছ নেতা-কৰ্মীৰ ওপৰত জঁপিয়াই পৰিছে। নিয়মিতভাৱে ঘটি থকা এই গুণ্ডাৰাজ বন্ধ নকৰিলে অসম আৰক্ষীৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হাৰমীত সিঙক আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত কংগ্ৰেছ দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এইদৰে কয়।

ইয়াৰ পূৰ্বে প্ৰাক্তন সাংসদ বলীন কুলী আৰু প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰামান্না বৰুৱাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে ডিজিপি হাৰমীত সিঙক সাক্ষাৎ কৰি দেওবাৰে নগাঁৱত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ ওপৰত হোৱা আক্ৰমণৰ তদন্ত কৰিবলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে। সাংসদ বলীন কুলীয়ে আৰক্ষী সঞ্চালক প্ৰধানজনক কয় যে আপোনালোকে বিজেপিৰ বি টীমৰ দৰে কাম কৰিছে। অসম আৰক্ষীৰ গৰিমা ম্লান কৰাৰ কলংক আপোনালোকে নলব বুলি উল্লেখ কৰি তেওঁ কংগ্ৰেছ কৰ্মীৰ ওপৰত চলি থকা অহৰহ অত্যাচাৰৰ বাবে আৰক্ষীক দোষাৰোপ কৰে। আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কৰিব নোৱৰা বাবেই নগাঁও, শোণিতপুৰ, ধেমাজি জিলাৰ লগতে বৰাক উপত্যকাত বিজেপিৰ গুণ্ডাবাহিনীয়ে কংগ্ৰেছ নেতা-কৰ্মীৰ ওপৰত আক্ৰমণ চলাবলৈ সাহস কৰিছে। আৰক্ষীক ৰাজনৈতিক মেৰপেচৰ পৰা উদ্ধাৰ কৰি নিজৰ দায়িত্ব পালন কৰিবলৈকো প্ৰাক্তন সাংসদগৰাকীয়ে আহ্বান জনায়।

আৰক্ষী সঞ্চালকপ্ৰধানজনে লিখিত অভিযোগসমূহৰ তদন্ত কৰা হব বুলি জানিবলৈ দিয়ে। শোণিতপুৰ জিলাৰ নদুৱাৰত আৰক্ষীয়ে পক্ষপাতিত্বমূলক আচৰণ কৰা বুলি উল্লেখ কৰি এজাহাৰ গ্ৰহণ কৰিও দুষ্কৃতিকাৰীক শাস্তি নিদিয়াৰ অভিযোগ তোলে প্ৰতিনিধি দলটোৱে। আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰা দলটোত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা, সেৱা দলৰ অধ্যক্ষ দীপ বায়ন, সম্পাদক মইনাজান বেগম, মৌচুমী নেওগ, প্ৰণৱ কুমাৰ শইকীয়া, মুখপাত্ৰ ইমদাদুল হুছেইন, ৰূপা কলিতাকে ধৰি কেবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে। আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰাৰ পিছত কংগ্ৰেছৰ প্ৰতিনিধি দলটোৱে সাংবাদিকৰ আগত কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা-কৰ্মীৰ ওপৰত নিৰ্যাতন চলাবলৈ আৰক্ষীক গোপনে নিৰ্দেশ দিছে। মুখ্যমন্ত্ৰীজনে সংখ্যালঘু এলেকাত ভোট বিচাৰি উজনি অসমত বিজেপিক সংখ্যালঘুৰ ভোট নালাগে বুলি দম্ভালি মাৰি সাম্প্ৰদায়িক ৰাজনীতি অব্যাহত ৰাখিছে।

কংগ্ৰেছ দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে মুখ্যমন্ত্ৰী ছল চাই কঠীয়া পাৰি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে।

Related News