• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সাহ আছে যদি সন্ত্ৰাসবাদীৰ শিৰ চ্ছেদ কৰি আনক : এজাহাৰ দাখিলৰ পিছতেই কেন্দ্ৰীয় চৰকাৰক তুলাধূনা নেহা সিং ৰাথ’ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2025 3:45 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেহেলগাম আক্ৰমণক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰাৰ বাবে ভোজপুৰী লোকশিল্পী নেহা সিং ৰাথোৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। অভয় প্ৰতাপ সিং নামৰ এজন ব্যক্তিয়ে তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ ৰুজু কৰিছে। ইয়াৰ পিছতো লোকশিল্পীগৰাকীয়ে নিজৰ মন্তব্যত দৃঢ়তাৰে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে।

লক্ষ্ণৌৰ হজৰতগঞ্জ থানাত নেহা সিং ৰাথোৰৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে। অভয় প্ৰতাপ সিঙৰ অভিযোগ যে শিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াত ঘৃণা বিয়পাইছে। সাম্প্ৰদায়িক ঘৃণাক প্ৰসাৰিত কৰা, জনশান্তি বিঘ্নিত কৰা, ভাৰতৰ সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতাক বিপন্ন কৰা আদিকে ধৰি ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত অভিযোগ দাখিল কৰা হৈছে।

Apply Now

এফ আই আৰৰ পিছতো নেহাই মোডী চৰকাৰক কৰা আক্ৰমণ কৰা বন্ধ কৰা নাছিল। সামাজিক মাধ্যমৰ জৰিয়তে নেহাই কয়, “পেহেলগাম আক্ৰমণৰ পিছত এতিয়ালৈকে চৰকাৰে কি কৰিছে? মোৰ বিৰুদ্ধে এফআইআৰ! মোৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰি চৰকাৰে প্ৰকৃত বিষয়টোৰ পৰা মনোযোগ আঁতৰাই পেলাবলৈ চেষ্টা কৰিছে।”

पहलगाम हमले के जवाब में अब तक सरकार ने क्या किया है? मेरे ऊपर FIR ?

अरे दम है तो जाइये…आतंकवादियों के सिर लेकर आइये!

सरकार मेरे ऊपर FIR करवाकर असली मुद्दों से ध्यान भटकाना चाहती है…क्या ये बात समझना इतना मुश्किल है? pic.twitter.com/mOuKPzYYoF

— Neha Singh Rathore (@nehafolksinger) April 28, 2025

তেওঁ আৰু কয়, “যদি আপোনাৰ সাহস আছে তেন্তে সন্ত্ৰাসবাদীৰ মূৰ কাটি আনক। আপোনাৰ ব্যৰ্থতাৰ বাবে মোৰ ওপৰত দোষ দিয়াৰ প্ৰয়োজন নাই। গণতন্ত্ৰত প্ৰতিটো ভোট যেনেকৈ গুৰুত্বপূৰ্ণ, প্ৰতিটো প্ৰশ্নও গুৰুত্বপূৰ্ণ। আৰু চৰকাৰৰ সকলো অসুবিধাৰ কাৰণ মোৰ প্ৰশ্ন। সেইবাবেই তেওঁলোকে মোক প্ৰশ্ন কৰাত বাধা দিবলৈ চেষ্টা কৰিছে।”

লগতে শিল্পীগৰাকীয়ে চৰকাৰক প্ৰশ্ন কৰে যে, “আপুনি এতিয়ালৈকে কিমানজন সন্ত্ৰাসবাদীক ধৰিবলৈ সক্ষম হৈছে? দেশৰ জনসাধাৰণে আপোনাক পাকিস্তানলৈ গৈ বিৰিয়ানী খাবলৈ নিৰ্বাচিত কৰিছিল নেকি? ইয়াৰ কিবা উত্তৰ আছে নেকি? একো নাই। প্ৰতিটো প্ৰশ্ন কৰাৰ পৰিৱৰ্তে আপুনি কেৱল জাননী পঠিয়াইছে, এফআইআৰ দাখিল কৰিছে, চাকৰি কাঢ়ি লৈছে, আৰু মানুহক অপমান কৰিছে। এইটো অপৰাধ নহয়নে? দেশৰ জনসাধাৰণক মোৰ প্ৰশ্ন, এই কাৰণেই নেকি আপুনি ভোট দিছিল?”

লগতে নেহাই কয়, “আপুনি যদি প্ৰশ্ন কৰে তেন্তে আপোনাক বিশ্বাসঘাতক বুলি কোৱা হৈছে! বিজেপি দেশ নহয়, নৰেন্দ্ৰ মোডী ঈশ্বৰ নহয়। মোৰ প্ৰশ্নত যদি ইমান আপত্তি আছে, তেন্তে ক্ষমতা এৰি বিৰোধী শিবিৰলৈ আহক। মই আৰু প্ৰশ্ন নকৰো।”

মন কৰিবলগীয়া যে পেহেলগাম আক্ৰমণৰ পিছত এটা ভিডিঅ’ত নেহাই দাবী কৰে যে, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰ নিৰ্বাচনত পেহেলগাম আক্ৰমণক ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব। ঠিক যেনেকৈ ২০১৯ চনত পুলৱামা আক্ৰমণক নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল।” এই মন্তব্যৰ বাবেই তেওঁৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগত এফআইআৰ দাখিল কৰা হৈছে।

মন কৰিবলগীয়া যে ১৯৯৭ চনত বিহাৰৰ জাণ্ডাহত ভোজপুৰী লোকসংগীতৰ জনপ্ৰিয় নেহা সিং ৰাথোৰৰ জন্ম হৈছিল। ২০১৮ চনত কানপুৰ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰা নেহাই ইয়াৰ পূৰ্বেও কেইবাবাৰো কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিক সমালোচনা কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd