NORTHEAST NOW (Assamese)

এডভাণ্টেজ আছাম ২.০ শীৰ্ষক সন্মিলনলৈ দক্ষিণ কোৰিয়াৰ বিনিয়োগকাৰী আৰু উদ্যোগপতিসকলক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

January 20, 2025 9:43 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: January 20, 2025 8:11 pm

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ছিউলত উপস্থিত হৈ অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ শীৰ্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনলৈ দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ব্যৱসায়ীসকলক আমন্ত্ৰণ জনায়।

শৰ্মাই আগন্তুক এডভাণ্টেজ আছাম ২.০ শীৰ্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলন উপলক্ষে আজি ছিউলত এক বৰ্ণাঢ্য ৰোডশ্বত অংশগ্ৰহণ কৰি সম্ভাৱ্য বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনোৱাৰ লগতে অসমৰ ভৌগোলিক অৱস্থান, কৌশলগত সম্ভাৱনা আৰু ব্যৱসায়িক সুযোগ- সুবিধাসমূহৰ বিষয়ে উপস্থাপন কৰে।

তেওঁ কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ হকে বিশেষ অগ্ৰাধিকাৰ প্রদান কৰি আহিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এক্ট ইষ্ট পলিচিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই নীতিৰ লক্ষ্য হৈছে দক্ষিণ পূব আৰু দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক বৃদ্ধিৰ বাবে অসমক দক্ষিণ পূব এছিয়াৰ দুৱাৰমুখ হিচাপে চিহ্নিত কৰা। দক্ষিণ কোৰিয়াত ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চৰ উদ্যোগত আয়োজিত এই ৰোডশ্বত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দেশখনৰ ১৪০ জনৰো অধিক ব্যৱসায়িক প্রতিষ্ঠানৰ মুৰৰী তথা শীৰ্ষ উদ্যোগীসকলৰ লগতো মত বিনিময় কৰে।

এডভাণ্টেজ আছাম ২.০ ৰপ্ৰতি দক্ষিণ কোৰিয়াৰ উদ্যোগী আৰু ব্যৱসায়ীসকলে প্রকাশ কৰা আগ্ৰহক প্রশংসা কৰি শৰ্মাই কয় যে দ্ৰুত বিকাশশীল বৃহৎ অৰ্থনীতি হিচাপে ভাৰতে বিশ্ব অৰ্থনীতিত স্থান লাভ কৰা বিষয়টোৱে তেওঁলোকক উৎসাহিত কৰি তুলিছে।

তেওঁ লগতে উল্লেখ কৰে যে অসমে ভাৰত আৰু দক্ষিণ কোৰিয়া উভয়ৰে পাৰস্পৰিক লাভৰ বাবে দক্ষিণ কোৰিয়াৰ ব্যৱসায়িক আৰু উদ্যোগীসকলক অনন্য সুযোগ আগবঢ়াব। মুখ্যমন্ত্ৰীয়ে কয় যে অসমক এক অগ্রণী বিনিয়োগৰ ক্ষেত্র হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে বিনিয়োগকাৰীৰে বন্ধুত্বপূৰ্ণ ব্যৱসায়িক পৰিৱেশ নিৰ্মাণৰ দিশত গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয় যে অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হবলগীয়া এডভাণ্টেজ আছাম ২.০ ত তেওঁলোকৰ অংশগ্ৰহণে অসমৰ উন্নয়নৰ ক্ষেত্ৰত বিনিয়োগৰ বাবে এক পৰিৱেশ গঢ়ি তুলিব।

মুখ্যমন্ত্ৰীয়ে কয় যে অসম কেৱল মাত্ৰ বিনিয়োগৰ অপৰিসীম সম্ভাৱনাৰ বাবেই নহয়, পৰ্যটন ক্ষেত্ৰটো ই চহকী। চাহ বাগিচা, সুন্দৰ ৰিজৰ্ট’ৰ লগতে ইউনেস্ক’ৰ তিনিটা বিশ্ব এঁতিহ্য ক্ষেত্ৰত অসমত আছে। এই স্থানসমূহে পৰ্যটকক আকৰ্ষিত কৰাৰ লগতে পৰ্যটকসকলক আতিথ্য প্ৰদান আৰু আমো৷দ-প্রমোদৰো ব্যৱস্থা কৰিব পাৰিব।

ইয়াৰ পিছতে শৰ্মাই কোৰিয়া ট্ৰেড ইনভেষ্টমেণ্ট প্ৰমোশ্যন এজেন্সিৰ সভাপতি কিউংছুং কাঙৰ নেতৃত্বত এটা প্রতিনিধি দলৰ সৈতেও আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে আগন্তক এডভাণ্টেজ আছাম ২.০ শীৰ্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সন্মিলনলৈ তেওঁলোকক আমন্ত্ৰণ জনায়।

তেওঁ কয় যে আগন্তুক এই সন্মিলনখন বিনিয়োগকাৰী আৰু উদ্যোগীসকলৰ সন্মুখত অসমৰ ওদ্যোগিক আৰু বিনিয়োগৰ পৰিৱেশৰ বিষয়ে জ্ঞান বিনিময়ৰ এক মঞ্চ হিচাপে উপস্থাপিত হ’ব। বাণিজ্য, উদ্যোগ তথা দক্ষতা বৃদ্ধি আৰু উন্নয়নৰ ক্ষেত্ৰত অংশীদাৰীত্বৰে এই সন্মিলনে অসম আৰু কোৰিয়াৰ পাৰস্পৰিক ব্যৱসায়িক লাভৰ বাবে এক সুদৃঢ় সম্পৰ্ক গঢ়ি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। পৰ্যটন ক্ষেত্ৰত অসমৰ প্ৰচুৰ সম্ভাৱনাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে জাগীৰোডত স্থাপন হ’বলগীয়া ছেমিকণ্ডাক্ট্ৰ উদ্যোগৰ জৰিয়তে বিশ্বৰ সৰ্ববৃহৎ অএছএটি (আউট চৰ্চ ছেমিকণ্ডাক্টৰ এছেম্বলী এণ্ড টেষ্ট) পৰিপূৰক হিচাপে অসমক গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

ইয়াৰ উপৰি মুখ্যমন্ত্ৰীয়ে দক্ষিণ কোৰিয়াৰ অটবাইল আৰু ইয়াৰ আনুষংগিক প্ৰতিষ্ঠানসমূহৰ মুখ্যকাৰ্যবাহী তথা শীৰ্ষ বিষয়াসকলৰ সৈতেও এক বৈঠকত মিলিত হয়৷ মুখ্যমন্ত্ৰী শৰ্মাই তেওঁলোকক অসমলৈ আমন্ত্ৰণ জনাই ৰাজ্যখনত অটবাইল আৰু আনুষংগিক সামগ্ৰী নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰে সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।

দক্ষিণ পূব এছিয়াৰ ১০০ বিলিয়ন ডলাৰৰ ভাৰতৰ অটবাইল উদ্যোগ ক্ষেত্ৰখনত প্ৰৱেশৰ বাবে তেওঁলোকক অসম চৰকাৰে সকলো ধৰণৰ সা-সুবিধা আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

Related News