কাৰাগাৰতে জীৱন কটাব খুজিছে জাপানৰ একাংশ বৃদ্ধলোকে। তেওঁলোক ইমানেই নিসংগ হৈ পৰিছে যে ঘৰৰ সলনি কাৰাগাৰত থকাই শ্ৰেয় বুলি গণ্য কৰিছে।
জাপানৰ কাৰাগাৰৰ সূত্ৰই সংবাদ মাধ্যমক জনোৱা অনুসৰি, বহু লোকে আৰ্থিক অনাটনৰ বাবেই বিভিন্ন অপৰাধ সংঘটিত কৰি কাৰাগাৰলৈ যোৱাৰ পথ মুকলি কৰি লয়। বহুলোকে আৰ্থিক অনাটনত জাপানৰ শীতৰ লগত মোকাবিলা কৰিব নোৱাৰিও এনেদৰে কাৰাগাৰলৈ আহে।
OECD ৰ তথ্য অনুসৰি জাপানত ৬৫ বছৰৰ ওপৰৰ ২০ শতাংশ লোক দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে।
উল্লেখ্য যে জাপানৰ কাৰাগাৰত বন্দী বৃদ্ধ সকলে নিয়মীয়াকৈ আহাৰ গ্ৰহণ, বিনামূলীয়া স্বাস্থ্যসেৱা আৰু বৃদ্ধাৱস্থাৰ যত্ন লাভ কৰে। লগতে তেওঁলোকে কাৰাগাৰৰ কয়দী সকলক দৈনিক লগ পাই থাকে বাবে নিসংগতাও দূৰ হয়।
জানিব পৰা মতে, জাপানৰ জ্যেষ্ঠ কয়দীৰ মাজত আটাইতকৈ সাধাৰণ অপৰাধ হৈছে চুৰি, বিশেষকৈ মহিলাৰ মাজত। চৰকাৰী পৰিসংখ্যা অনুসৰি ২০২২ চনত জাপানৰ ৮০ শতাংশতকৈ অধিক বৃদ্ধ মহিলা বন্দী চুৰিৰ অপৰাধত কাৰাগাৰত আছিল।
আনহাতে যিসকল বৃদ্ধ লোক অসুস্থ তেওঁলোকে বিনামূলীয়া চিকিৎসা আৰু থকা খোৱাৰ সুবিধা লাভ কৰিবৰ বাবেই কাৰাগাৰলৈ আহে।
উল্লেখ্য যে জাপানত দেখা দিয়া এই সমস্যা সমাধানৰ বাবে চৰকাৰে এতিয়া বৃদ্ধসকলৰ বাবে গৃহ নিৰ্মাণৰ সুবিধা অধিক সুলভ কৰি তোলাৰ পৰিকল্পনা কৰিছে। কিন্তু এই প্ৰচেষ্টাই সমস্যা সমাধান কৰিব পাৰিব নে নোৱাৰে সেই সম্পৰ্কে কোনো নিশ্চিতি নাই।
ইপিনে জাপানত বৃদ্ধ লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। চৰকাৰী তথ্য অনুসৰি ২০৪০ চনৰ ভিতৰত জাপানত বৃদ্ধ লোকক চোৱাচিতা কৰিবৰ বাবে ২৭.২ লাখ সহায়িকাৰ প্ৰয়োজন হ’ব।



