• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিল্পী জুবিন গাৰ্গৰ তদন্তত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপক লৈ প্ৰশ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2025 6:23 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হেৰাই যোৱা বিষয়টোক লৈ মুখ্যমন্ত্ৰীৰ শেহতীয়া স্থিতিয়ে আমাক সন্দিহান কৰি তুলিছে। মুখ্যমন্ত্ৰীৰ কথা-বতৰাৰ পৰা জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যি তদন্ত চলি আছে সেয়া প্ৰকৃতাৰ্থত শুদ্ধ নে অশুদ্ধ তাক লৈ মুখ্যমন্ত্ৰীজনে মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। আমাৰ সন্দেহ হৈছে এছআইটিৰ পৰা তেওঁক কোনোবাই তথ্য যোগান ধৰি আছে নেকি? কাৰণ প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে ক’লে যে এয়া এক হত্যাকাণ্ড। শেহতীয়াকৈ তেওঁ কৈছে যে যিবোৰ তথ্য ৰাজহুৱা হ’ব সেই কথা অসমৰ মানুহে হজম কৰিবলৈ বহুত সময় লাগিব। এনেকুৱা কি কথা তেখেতে এছআইটিৰ পৰা গম পাইছে যি কথা সংবাদ মাধ্যমৰ যোগেদি ৰাইজক জনাই আছে? মুখ্যমন্ত্ৰীজনে কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে জুবিন গাৰ্গৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংশয় আছে। নিজে অৱগত বিষয় এটাৰ ক্ষেত্ৰত শিল্পীজন ছিংগাপুৰলৈ যাওতে নিৰাপত্তাৰ ব্যৱস্থাটো সঠিককৈ কৰা হৈছিল নে নাই সেই বিষয়টো তদন্তৰ আওতালৈ আহিব লাগে।

বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই আজি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ এক সংবাদ মেলত শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত এইদৰে বিস্ফোৰক মন্তব্য আগবঢ়ায়।

Apply Now

বিৰোধী দলৰ নেতাজনে কয় যে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ৰ উদ্যোগত ছিংগাপুৰত ভাৰত চৰকাৰৰ উচ্চায়ুক্তই নৰ্থ-ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰিছিল আৰু এই অনুষ্ঠানৰ অতিথি আছিল শিল্পী জুবিন গাৰ্গ। এনে স্থলত কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগে শিল্পীজনৰ নিৰাপত্তা আৰু স্বাস্থ্যজনিত বিষয়টো তদাৰক কৰিছিল নে নাই?

বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাক ইয়াৰ বাবে জবাবদিহি কৰিব লাগে বুলি উল্লেখ কৰি শইকীয়াই কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ এবাৰলৈও শিল্পী জুবিন গাৰ্গৰ ঘৰলৈ খবৰ ল’বলৈ নহাত আশ্চৰ্য প্ৰকাশ কৰে। সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো মুখ্যমন্ত্ৰীয়ে নিজেই নিয়ন্ত্ৰণ কৰিছে নেকি বুলি প্ৰশ্ন কৰি শইকীয়াই কয় যে অসমৰ চিআইডি বিভাগ ১৯২২ চনতে ব্ৰিটিছৰ যুগতে প্ৰতিষ্ঠা হৈছিল আৰু অত্যন্ত দক্ষতাপূৰ্ণ আৰু প্ৰশিক্ষণপ্ৰাপ্ত বিষয়া চিআইডি বিভাগত আছে। তেনেস্থলত মুখ্যমন্ত্ৰীৰ নিজৰ নিয়ন্ত্ৰণত থকা ১৯৮৪ চনত গঠন হোৱা চিএম ভিজিলেন্সৰ অধীক্ষক চিআইডি বিভাগত কিয় নিয়োগ কৰা হৈছে?

মুখ্যমন্ত্ৰীয়ে নিজৰ নিয়ন্ত্ৰণত থকা বিষয়াৰ দ্বাৰা চিআইডি বিভাগৰ তদন্ত পৰিচালনা কৰিছে নেকি বুলি প্ৰশ্ন কৰি শইকীয়াই কয় যে চিএম ভিজিলেন্সত যদি ইমানে দক্ষতাপূৰ্ণ বিষয়া আছে তেতিয়াহ’লে তেওঁলোকক চিআইডিলৈ বদলি কৰি দিয়ক। অন্যহাতে বিৰ্তৰ্কিত ব্যৱসায়ী শ্যামকানু মহন্তৰ ঘৰত তালাচী চলোৱাৰ সময়ত দণ্ডাধীশ পৰ্যায়ৰ কোৱনো বিষয়া অথবা সাক্ষী লৈ যোৱা হৈছিল নে নাই? শ্যামকানু মহন্তৰ ঘৰ যদি ছীল কৰা হৈছিল তেতিয়াহ’লে পৰিৱৰ্তী সময়ত শ্যামকানুৰ পৰিয়ালে কেনেকৈ সেই ঘৰ ব্যৱহাৰ কৰিব পাৰিলে সেই তথ্যও মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰা উচিত। এছআইটি অৰ্থাৎ স্পেচিয়েল টাস্ক ফৰ্চত চিএম ভিজিলেন্সৰ যি দুই-এজন বিষয়াক নিয়োগ কৰা হৈছে তেওঁলোকক কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ দেশদ্ৰোহিতা সম্পৰ্কীয় এক গোচৰৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ঘোষণা কৰিছিল যে ভয়ানক তথ্য লাভ কৰা হৈছে। সেই তথ্যসমূহ ১০ ছেপ্টেম্বৰত প্ৰকাশ কৰা হ’ব। ১০ ছেপ্টেম্বৰৰ পিছত ক’লে যে কেবিনেটত সিদ্ধান্ত হৈছে দিল্লীৰ সাংবাদিক মাতি আনি এই ভয়ানক কথাবোৰ ৰাজহুৱা কৰা হ’ব।

শইকীয়াই প্ৰশ্ন কৰে এই তথ্যবোৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ নকৰিলে কিয়? ইফালে, শইকীয়াই কয় যে যোৱা ২৪ ছেপ্টেম্বৰত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূলৈ এখন পত্ৰ লিখি এই ঘটনাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্বাৱধানত চিআইডিয়ে চলোৱা তদন্তত চিবিআইয়ে সহযোগ কৰিব লাগে বুলি আহ্বান জনাইছিলো। চিঠিখনত লিখা হৈছিল যে জুবিন গাৰ্গে অসমীয়া জাতীয়তাবাদক নেতৃত্ব দিছিল আৰু অসমত ‘কা’ আইন বলৱৎ হোৱাতো নিবিচাৰিছিল। শিল্পীগৰাকীয়ে এইবুলিও কৈছিল যে ”মোৰ মৃত্যু হ’লেও মই অসমত ‘কা’ বলৱৎ হ’বলৈ নিদিও।’’ পৰৱৰ্তী সময়ত আছু, যুৱ-ছাত্ৰ পৰিষদ আৰু শিল্পী সমাজক লৈ তেওঁ ৰাজপথত আন্দোলন কৰিছিল। শিল্পী জুবিন গাৰ্গৰ আন্দোলনে অসমত এক প্ৰতিষ্ঠানবিৰোধী জোৱাৰ আনিছিল আৰু শিল্পীগৰাকীয়ে ‘পলিটিক্স নকৰিবা বন্ধু’ শীৰ্ষক গীত লিখি সকলো শ্ৰেণীৰ ৰাইজক অসমীয়া জাতিৰ সপক্ষে থিয় হ’বলৈ আহ্বান জনাইছিল। সেইবাবে শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আজি ৰাইজৰ মনত বহু প্ৰশ্নৰ উদয় হৈছে। আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ তত্বাৱধানত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা এই তদন্ত হ’ব লাগে বুলি দেশৰ ৰাষ্ট্ৰপতিক অনুৰোধ জনাইছিলো। কাৰণ পৰিয়ালৰ অলক্ষিতে বিতৰ্কিত ব্যৱসায়ী শ্যামকানু মহন্তই জুবিন গাৰ্গক ছিংগাপুৰৰ চৰকাৰী অনুষ্ঠানলৈ লৈ গৈছিল। শ্যামকানু মহন্তই জুবিন গাৰ্গক ছিংগাপুৰলৈ নিয়াৰ ক্ষেত্ৰত কেবাবাৰো ৰাজহুৱা বক্তব্য সলনি কৰিছিল। বিষয়টোত আমি সেইবাবে ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিছিলো।

ইফালে, শইকীয়াই কয় যে, অসমৰ জনকণ্ঠ জুবিন গাৰ্গৰ অস্থি-চিতাভস্ম অসমৰ সকলো জিলালৈ প্ৰেৰণ কৰাৰ কথা আছিল। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক এই ক্ষেত্ৰত দায়িত্ব দিয়া হৈছিল। চিতাভস্ম প্ৰেৰণৰ বাবে জুবিন গাৰ্গ ফেন ক্লাৱক পৰ্টেলৰ যোগেদি আবেদন কৰিবলৈ কোৱা হৈছিল। মন্ত্ৰী ৰণোজ পেগুৱে এই সন্দৰ্ভত চৰকাৰীভাৱে ঘোষণাও কৰিছিল। পৰ্টেলটো খোলা হ’লনে? আৰু যদি খুলিলে জিলাসমূহলৈ চিতাভস্ম কিয় এতিয়াও পঠিওৱা হোৱা নাই? এই চিতাভস্ম ক’ত কেনেকৈ সুৰক্ষিত অৱস্থাত ৰখা হৈছে সেই বিষয়েও অসমৰ ৰাইজক জনাব লাগে। লগতে তেওঁ কয়, অসমৰ ৰাইজে বছৰ বছৰ ধৰি চিতাভস্ম সংৰক্ষণ কৰি ৰাখে আৰু পুঁজিৰ যোগাৰ হ’লে সেয়া হৰিদ্বাৰ, প্ৰয়াগৰাজ আদিৰ দৰে পৱিত্ৰ স্থানত বিসৰ্জন দিয়ে। জুবিন গাৰ্গৰ চিতাভস্মৰ বিসৰ্জনৰ ক্ষেত্ৰত জুবিন ফেন ক্লাৱক কিয় চিতাভস্মৰ পৰিৱৰ্তে সমাধিস্থলীৰ মাটিহে দিয়া হ’ল বুলি প্ৰশ্ন কৰে।

জুবিন গাৰ্গৰ মৃত্যুক লৈ কোনে ৰাজনীতি কৰি আছে সেয়া অসমৰ ৰাইজে দেখি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী হোৱাৰ লগতে তেওঁ জুবিন গাৰ্গৰো বন্ধু আছিল। শিল্পীজনৰ স্বাস্থ্যৰ কথাবোৰ অৱগত হোৱাৰ পিছতো তেওঁ কিয় এই বিষয়ে ছিংগাপুৰ চৰকাৰক অৱগত কৰা নাছিল? এইক্ষেত্ৰত পৱিত্ৰ মাৰ্ঘেৰিটা নিজৰ দায়িত্ব পালনত ব্যৰ্থ হোৱা বুলিও তেওঁ অভিযোগ কৰে।

তেওঁ আৰু কয় যে, যোৱা ১৮ অক্টোবৰত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙক এখন পত্ৰ লিখি শিল্পী জুবিন গাৰ্গক তদন্তৰ ক্ষেত্ৰত স্বচ্ছতা প্ৰদান কৰাত গুৰুত্ব দিবলৈ আহ্বান কৰা হৈছিল। উক্ত পত্ৰখনত কোৱা হৈছিল যে ভাৰত আৰু ছিংগাপুৰৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰিবলৈ ভাৰত চৰকাৰৰ উচ্চায়ুক্তৰ সহযোগত ছিংগাপুৰত নৰ্থ-ইষ্ট ফেষ্টিভেল অনুষ্ঠিত কৰা হৈছিল। আমাৰ প্ৰশ্ন হ’ল চৰকাৰী সহযোগত অনুষ্ঠিত কৰা এই উদযাপনত শিল্পী জুবিন গাৰ্গক কিয় চৰকাৰী আতিথ্য প্ৰদান কৰা নহ’ল? কিয় তেখেতক দেহৰক্ষী প্ৰদান কৰা নহ’ল? সুৰক্ষিত স্থানত ৰখা নহ’ল আৰু চিকিৎসা সম্পৰ্কীয় সা-সুবিধা প্ৰদান কৰা নহ’ল? অসমৰ পৰা লৈ যোৱা শিল্পীগৰাকী যে অসুস্থ হৈ আছিল আৰু চিজাৰত আক্ৰান্ত হৈ থকা শিল্পীজনে দৈনিক নিয়মীয়াকৈ ঔষধ গ্ৰহণ কৰিব লাগে, পানীৰ পৰা আঁতৰি থাকিব লাগে সেই কথা ছিংগাপুৰ কৰ্তৃপক্ষ অৱগত আছিল নে নাই? ছিংগাপুৰ কৰ্তৃপক্ষই কি পৰিস্থিতিত সাগৰৰ মাজলৈ জুবিন গাৰ্গক যাবলৈ দিয়া হৈছিল, লাইফ জেকেট নামিবলৈ পানীত নামিবলৈ দিয়া হৈছিল সেই কথা অৱগত হয় নে নহয়? ইফালে, গুৱাহাটীৰ ফাঁচী বজাৰত কৰ্মৰত সাংবাদিকৰ ওপৰত দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলোৱা ঘটনাৰ প্ৰতিবাদ কৰি শইকীয়াই কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজক দেৱালীত বোমা ফুটাবৰ বাবে প্ৰৰোচিত কৰিছিল।

তেওঁ কয়, হিমন্ত বিশ্ব শৰ্মাই আগতে বৰপেটাৰ আতচবাজী ফুটাইছিল নে নাই নাজানো, কিন্তু এইবাৰ নিজে বোমা ফুটাই ৰাইজকো ফুটাবলৈ আহ্বান কৰা বাবে ৰাইজ অত্যুৎসাহী হৈছিল। সাংবাদিক নিৰ্যাতনৰ ঘটনা নিন্দনীয় বুলি শইকীয়াই উল্লেখ কৰে।

আনহাতে, বিৰোধীৰ সৰ্বদলীয় সমিতিয়ে জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থত শব্দৰ বিভ্ৰান্তি সন্দৰ্ভত কৰা প্ৰশ্নত সংবাদ মেলত উপস্থিত থকা স্মৃতিগ্ৰন্থ ‘কাঞ্চনজংঘা জুবিন’ৰ সম্পাদনা সমিতিৰ সদস্য বেদব্ৰত বৰাই কয় যে ৰহ্যসজনক শব্দটোৰ পৰিৱৰ্তে স্কুবা ডাইভিঙত জুবিন গাৰ্গৰ মৃত্যু বুলি কাৰিকৰী বিজুতিৰ (অশুদ্ধ প্ৰিণ্টিং ফাইল যোৱা বাবে) বাবে হ’বলৈ পালে। পৰৱৰ্তী সময়ত ভুলকৈ প্ৰকাশ হোৱা শব্দ দুটা শুদ্ধ কৰি ই-সংস্কৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে। এইক্ষেত্ৰত বৰাই নিজে ক্ষমাপ্ৰাৰ্থী বুলিও উল্লেখ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

এছ আই আৰ বিৰোধিতাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ; কংগ্ৰেছ, আপকে ধৰি ২৩ টা দলৰ স্বাক্ষৰ

June 30, 2026 3:14 pm
পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd