কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰতিফলিত হৈছে মুছলীম লীগৰ চিন্তাধাৰা : মোদীৰ আস্ফালন

শুকুৰবাৰে কংগ্ৰেছে প্ৰকাশ কৰে লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী ইস্তাহাৰ। ইয়াৰ ২৪ ঘন্টাৰ ভিতৰতে এই ইস্তাহাৰৰ সন্দৰ্ভত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

মোদীয়ে কয় যে কংগ্ৰেছৰ ইস্তাহাৰত ‘মুছলিম লীগৰ চিন্তাধাৰাৰ ছাপ’ আছে।

শনিবাৰে উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভা অনুষ্ঠিত হয়। সেই জনসভাৰ পৰাই মোদীয়ে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰ সমালোচনা কৰে। 

তেওঁ কয়, ‘স্বাধীনতা মুছলিম লীগৰ চিন্তাধাৰা কংগ্ৰেছৰ ইস্তাহাৰত প্ৰতিফলিত হৈছে। কংগ্ৰেছৰ ইস্তাহাৰত সম্পূৰ্ণৰূপে মুছলিম লীগৰ মতাদৰ্শৰ ছাপ পৰিছে।’

শুকুৰবাৰে কংগ্ৰেছে প্ৰকাশ কৰে এই ইস্তাহাৰ। ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেৰ উপস্থিতিত নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা হয়।

এই ইস্তাহাৰ সম্পৰ্কে বিজেপিয়ে কৈছে , ‘এয়া কংগ্ৰেছৰ ইস্তাহাৰ নে ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণৰ ভ্ৰমণসূচী?’ 

উল্লেখযোগ্য যে কেৰালাৰ ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগৰ সৈতে কংগ্ৰেছৰ সম্পৰ্কক লৈ ৰাজনৈতিক মহলত বিতৰ্কৰ সৃষ্টি হৈছে। ইয়াৰ বাবে বিজেপিৰ লগতে বাওঁপন্থীয়েও কংগ্ৰেছক আক্ৰমণ কৰে। 

উল্লেখ্য, কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে বিদেশৰ এটা অনুষ্ঠানত মুছলিম লীগ ধৰ্মনিৰপেক্ষ বুলি দাবী কৰিছিল।