ইভিএমৰ নিৰ্ভৰযোগ্যতাক লৈ প্ৰশ্ন কৰাৰ বাবে কংগ্ৰেছে দেশৰ ওচৰত ক্ষমা খুজিব লাগে : প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে কংগ্ৰেছে ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম)ৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ বাবে দেশৰ ওচৰত ক্ষমা খুজিব লাগে।

গোৱা অনুষ্ঠিত বিজেপিৰ এখন নিৰ্বাচনী সভাত মোদীয়ে লগতে কয় যে গোৱাত ভাৰতীয় জনতা পাৰ্টিয়ে কেন্দ্ৰীয় চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহ ১০০ শতাংশ ৰূপায়ণ কৰি এক আৰ্হি দাঙি ধৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে ইভিএমক লৈ মিছা কথা কৈছিল আৰু মানুহক উচটনি দিবলৈ চেষ্টা কৰিছিল যদিও শেহতীয়া ৰায়দানত উচ্চতম ন্যায়ালয়ে ইভিএমৰ কোনো দোষ নাই বুলি কয়।

তেওঁ কয় যে কংগ্ৰেছে নিজৰ স্থিতিৰ বাবে দেশৰ ওচৰত ক্ষমা খুজিব লাগে। তেওঁ কয়, ‘গোৱা চৰকাৰে কল্যাণমূলক আঁচনিসমূহ প্ৰতিজন ব্যক্তিৰ মাজলৈ লৈ গৈছে। যাৰ ফলত কৃষক, দৰিদ্ৰ, মাছমৰীয়া আৰু মহিলাসকল উপকৃত হৈছে। মোদী আপোনালোকৰ সপোন আৰু আকাংক্ষা পূৰণৰ বাবে জীয়াই আছে।”

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে দেশত অলিম্পিক আয়োজন কৰিব আৰু গোৱাক আন্তঃৰাষ্ট্ৰীয় অধিৱেশন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব।

লগতে মোদীয়ে দাবী কৰে যে ‘‘ইণ্ডিয়া মিত্ৰজোঁট’-এ ৩৭০ অনুচ্ছেদ পুনৰ ঘূৰাই আনিব বিচাৰিছে কাৰণ ইয়াৰ তুষ্টিকৰণৰ ৰাজনীতি আৰু কংগ্ৰেছে ৫৫ শতাংশ উত্তৰাধিকাৰ কৰ আৰোপ কৰাৰ পৰিকল্পনা জড়িত হৈ আছে। ”