NORTHEAST NOW (Assamese)

দুগৰাকী প্ৰাপ্তবয়স্কই বিয়া পাতিব বিচাৰিলে পৰিয়াল আৰু সমাজৰ সন্মতিৰ প্ৰয়োজন নাই : উচ্চতম ন্যায়ালয়

February 13, 2021 12:10 pm · এন ই নাও নিউজ
উচ্চতম ন্যায়ালয়।

দুগৰাকী প্ৰাপ্তবয়স্ক যুৱক-যুৱতীৰ বিবাহৰ ক্ষেত্ৰত পৰিয়াল আৰু সমাজৰ সন্মতিৰ প্ৰয়োজন নাই, এইক্ষেত্ৰত দুয়োগৰাকী প্ৰাপ্তবয়স্কৰ সন্মতিকহে অগ্ৰাধিকাৰ দিয়া হ’ব বুলি উচ্চতম ন্যায়ালয়ে কয়।

এইক্ষেত্ৰত প্ৰায়ে যুৱক-যুৱতী সকল বয়স্ক লোক সকলৰ দ্বাৰা ভাবুকিৰ সন্মুখিন হ’বলগীয়া হয় আৰু ন্যায়ালয়ে যুৱক-যুৱতী সকলক সহায়ৰ বাবে আহিবলগীয়া হয়।

আনহাতে, উচ্চতম ন্যায়ালয়ে শিক্ষিত যুৱসমাজে নিজৰ জীৱনসংগী নিজে বিচাৰি লোৱা কাৰ্য্যৰো প্ৰশংসা কৰে।

শিক্ষিত যুৱসমাজে নিজৰ জীৱনসংগী নিজে বাচি লোৱাৰ ফলত সমাজৰ জাত-পাতৰ নামত বিভাজন বহু পৰিমাণে হ্ৰাস পাব বুলিও লগতে কয়।

সৰ্বোচ্চ ন্যায়ালয়ে শেহতীয়া এক ৰায়দানত ছোৱালীৰ পৰিয়ালে এনে বিবাহক মানি লোৱাৰ লগতে ছোৱালী আৰু তেওঁৰ স্বামীৰ সৈতে সামাজিক সম্পৰ্ক আৰম্ভ কৰাৰ ক্ষেত্ৰত আগবঢ়া উচিত বুলি আশা প্ৰকাশ কৰে।

কৰ্ণাটকৰ বেলগভী জিলাত এগৰাকী যুৱতীয়ে পৰিয়ালৰ অসন্মতিত নিজৰ ইচ্ছামতে এগৰাকী যুৱকৰ সৈতে বিবাহত বহাৰ পাছত পৰিয়ালৰ লোকে দাখিল কৰা এক এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ উত্তৰত ন্যায়াধীশ সঞ্জয় কিষাণ আৰু হৃষিকেশ ৰয়ে এই ৰায়দান দিয়ে।

Related News