• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দ্য কনচিকুচেন্স : এখন চলচিত্ৰৰ নিৰ্মোহ বিশ্লেষণ

ৰিমলী বৰকটকী by ৰিমলী বৰকটকী
June 2, 2023 4:35 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্য কনচিকুৱেন্স-অৰ্থাৎ পৰিণাম বা পৰিণতি। গত ২৬মে’ ২০২৩ তাৰিখে ছবিগৃহত মুক্তিলাভ কৰা এই অসমীয়া ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ত ছবিখন চোৱা হৈছিল। ছবিখনৰ কাহিনী,সংলাপ তথা পৰিচালনা-চন্দ্ৰশেখৰ দাসৰ। এ এম টেলিভিছনে প্ৰযোজনা কৰা এই ছবিখনে ইতিমধ্যেই বহু সংখ্যক ৰাষ্ট্ৰী-আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কেইবাটাও বঁ‌টা-বাহনো লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত ২০২১-২২ বৰ্ষৰ লাভ কৰা শ্ৰেষ্ঠ পৰিচালক(আন্তঃৰাষ্ট্ৰীয়),শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ দুটিকৈ বঁ‌টা(এটি প্ৰাগ চিনে এৱাৰ্ড)আদি লাভ কৰিছে। লগতেই মুখ্য ভূমিকাত অভিনয় কৰা শ্ববনম বৰগয়াৰীয়ে গ’ল্ডেন পিকক্ চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। কিশোৰ মনস্তত্ত্বকেন্দ্ৰীক আৰু কিছু পৰিমাণে উৎকন্ঠাময় ছবিখন বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি আছে।

   ছবিৰ আৰম্ভণি ঘটে ধুমুহা বলি থকা এক দৃশ্যপটেৰে। মূখ্য চৰিত্ৰৰ ছাৱাৰাৰ পানীৰ তলত নিজ মনোজগততে নিমগ্ন আৰু মাতৃ হুইল চেয়াৰত নিশ্চল হৈ বহি থাকে। এই দৃশ্যাংশই প্ৰতীকীৰূপত চিনেমাখনৰ কাহিনীভাগক প্ৰতিফলিত কৰে। ঘৰৰ ভিতৰত,লগ-সমনীয়াৰ সংষ্পৰ্শৰ পৰা দূৰৈত ভিডিঅ’ গেমত নিমগ্ন হওঁতে হওঁতে এগৰাকী স্বাভাৱিক কিশোৰীৰ মানসিক অৱস্থাই কোন দিশে গতি কৰিব পাৰে-কিমান বিপৰ্যয় ঘটিব পাৰে মানসিক স্বাস্থ্যৰ-মূলতঃ এই লৈয়েই কাহিনীভাগ আগবাঢ়ে। স্ক্ৰীজ’ফ্ৰেনিয়াত আক্ৰান্ত হৈ পৰা অস্বাভাৱিক আচৰণ কৰা মনিষা(শ্ববনম বৰগয়াৰী)ক পিতৃয়ে গাঁৱৰ ঘৰলৈ লৈ যায় আৰু এইখিনিৰে পৰা কাহিনীৰ গতিলৈ ভিন্নতা আহি পৰে। বৰ্তমান সময়ত বহিঃজগত বা প্ৰকৃতিৰ পৰা বিচ্ছিন্ন হ’লে,ই মানসিক স্বাস্থ্যৰ ওপৰত কিদৰে প্ৰভাৱ পেলাব পাৰে-তাৰেই এক প্ৰতিফলন দা কনচিকুৱেঞ্চ। আৰম্ভণিৰে পৰাই ছবিখনৰ খুব ভাল লগা এক দিশ হৈছে সুজিত দেৱবাৰ্মাৰ আলোকশিল্পৰ কাম। লগতেই জুন খাউণ্ডৰ সম্পাদনাৰ দিশটোও যথেষ্ট পৈণত। ছবিখন মাথোঁ দেৰঘন্টা দৈৰ্ঘ্যৰ যদিও,মাজে মাজে কাহিনী কথন আৰু দুই এটি দৃশ্যাংশই অলপ লেহেমীয়া গতিৰ কৰি তোলা যেন অনুভৱ হ’ল। লগতেই,ঘৰুৱা কথোপকথনত মাজে-সময়ে কৰা লিখিত ভাষাৰ ব্যৱহাৰ কিছু শ্ৰুতিকটূ হৈছে। কাহিনী-চিত্ৰনাট্যই এইদৰে ছন্দ হেৰুৱাৰ আঁৰৰ কাৰণ হিচাপে গম পাইছিলো-যেতিয়া পৰিচালকে চিত্ৰনাট্য লিখা হোৱা নাছিল বুলিলে। ইতিমধ্যেই নিৰ্মিত এখন চুটি ছবিৰ কাহিনীৰ আধাৰত এই ছবিখন চিত্ৰনাট্য নোহোৱাকৈয়েই নিৰ্মাণ কৰি তুলিলে পৰিচালকে। গতিকেই,এনে ক্ৰূটি থকা স্বাভাৱিক। মাজে মাজে মৃদু হাস্যৰসৰ অৱতাৰণাও কৰা হৈছে। অনিৰুদ্ধ বৰুৱাৰ আৱহ-সংগীত আৰু সংগীত ব্যৱস্থাপনাৰ লগতেই মাধূৰ্য গগৈৰ শব্দগ্ৰহণ ভাল লগা। খুব ভাল লগা তথা প্ৰতীকী এক দৃশ্যাংশ হৈছে-যেতিয়া অন্তৰ ফালে এটি মুক্ত মনেৰে মনিষা জলাশয়ৰ পাৰত বহি থাকে আৰু জলাশয়ৰ তলত নহৈ লঠঙা,মৰহা লতাৰে গছদাল ওপৰত থাকে আৰু ধোঁ‌ৱাৰে মাজত সহজভাৱে সময় ভাসমান হৈ যায়-পৰিচালকক প্ৰশংসা কৰিব লাগিব।

Apply Now

   অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম লব লাগিব মনিষাৰ বৰদেউতাকৰ চৰিত্ৰত অভিনয় কৰা বিপুল বৰাৰ  স্বতঃস্ফূৰ্ত অভিনয়ৰ কথা। শ্ববনম বৰগয়াৰী আৰু কৃতাৰ্থ কান্ত বৰুৱা(চুনু)ৰ অভিনয়ো স্বাভাৱিক। যদিহে এখন পৰিয়ালকেন্দ্ৰিক কিশোৰ মনস্তত্ত্বৰ ছবি চাবলৈ বিচাৰে-তেন্তে দ্য কনচিকুৱেন্স আপোনাৰ বাবে।

ৰিমলী বৰকটকী

ৰিমলী বৰকটকী

Stay Connected

  • 117k Fans

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm
এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd