• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশেষজ্ঞৰ নতুন আশংকা! : ভাৰতত ছেপ্তেম্বৰৰ মাজ ভাগত শীৰ্ষত উঠিব ক’ৰ’নাৰ গ্ৰাফ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 19, 2020 5:09 pm

2 min read

Story-2-8-1140x570
1.6k
VIEWS
Share on FacebookShare on Twitter

দেশত ছেপ্তেম্বৰৰ মধ্য ভাগত ক’ৰ’নাৰ সংক্ৰমণৰ গ্ৰাফডাল উৰ্দ্ধমুখী হ’ব।

এই আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞ অধ্যাপক কে শ্ৰীনাথে।

ফাউণ্ডেশ্যন অৱ ইণ্ডিয়া প্ৰেছিডেন্টৰ অধ্যাপক কে শ্ৰীনাথৰ মতে ছেপ্তেম্বৰৰ মধ্য ভাগত দেশত ক’ৰ’নাৰ গ্ৰাফডাল শীৰ্ষত উঠাৰ সম্ভাৱনা আছে।

“এই ব্যাপক হাৰৰ ক’ৰ’না সংক্ৰমণ আমি প্ৰতিৰোধ কৰিব পাৰিব লাগিছিল। পৰিস্থিতি দ্ৰুত নিয়ন্ত্ৰণ কৰিবলৈ আমি চেষ্টা কৰা উচিত আছিল।” শ্ৰীনাথে কয়।

দেশত এই মুহূৰ্তলৈকে প্ৰায় ১০ লাখ ৭৭ হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। মৃত্যু হৈছে প্ৰায় ২৬ হাজাৰ আক্ৰান্ত।

উল্লেখ্য যে, দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যা যিমানে বৃদ্ধি পাইছে সেই অনুপাতে অৱশ্যে ক’ৰ’নাৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে।

কিন্তু আক্ৰান্তৰ উৰ্দ্ধমুখী হাৰে চিন্তিত কৰিছে চৰকাৰৰ লগে দেশবাসীক।

ইফালে ক’ৰ’না সংক্ৰমণ প্ৰতিৰোধত সফল হোৱা কেৰেলাত পুনৰ গণ সংক্ৰমণৰ লক্ষণ দেখা দিয়া বুলি মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কৰা ঘোষণাই উদ্বেগ বঢ়াই তুলিছে দেশবাসীৰ।

বিজয়নে জনোৱা অনুসৰি ৰাজ্যখনৰ তিৰুঅনন্তপুৰমৰ সমীপৰ কেইবাখনো গাঁৱত ৮৪ টি গণ সংক্ৰমণৰ ঘটনা ঘটিছে। য’ত প্ৰায় ৫০ শতাংশ মানুহ গণ সংক্ৰমণৰ দ্বাৰা সংক্ৰমিত হৈছে।

ইফালে মহাৰাষ্ট্ৰত পূৰ্ব সকলো ৰেকৰ্ড ভংগ কৰি শনিবাৰ দিনটোত ৮,৩৪৮ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ৰাজ্যখনত কোভিড১৯ আক্ৰান্ত সংখ্যাই ৩ লাখ অতিক্ৰম কৰিছে।

দেশৰ প্ৰায়বোৰ ৰাজ্যতে প্ৰতিদিনে ক্ৰমাগতভাৱে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈ আছে।

শনিবাৰে দেশত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি প্ৰায় ৩৯ হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

এইদৰে দেশত প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। এই গতিত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই গৈ থাকিলে আগন্তুক ১০ আগষ্টৰ ভিতৰত দেশত ক’ৰ’নাক্ৰান্তৰ সংখ্যাই ২০ লাখ অতিক্ৰম কৰিব বুলি ধাৰণা কৰা হৈছে। আৰু ছেপ্তেম্বৰৰ মাজ ভাগত দেশত কোভিড আক্ৰান্ত গ্ৰাফডাল শীৰ্ষত অৱস্থান কৰিব!

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd