NORTHEAST NOW (Assamese)

whatsapp statusৰ জৰিয়তে সকলোকে সতৰ্ক কৰি দিলে গুৱাহাটীৰ কৰ’না আক্ৰান্ত ব্যৱসায়ীজনে

April 4, 2020 11:46 am · কল্পজ্যোতি শইকীয়া
Updated: April 4, 2020 4:22 pm
গুৱাহাটীৰ জুৰ'ডৰ স্পেনিছ গাৰ্ডেন। ফাইল ফটো

শেহতীয়াকৈ কৰ’নাভাইৰাছৰ দ্বাৰা আক্ৰান্ত গুৱাহাটীৰ স্পেনিছ গাৰ্ডেনৰ এপাৰ্টমেণ্টত থকা ব্যৱসায়ী লোকজনৰ whatsapp statusএটা পোহৰলৈ আহিছে।

কালি নিশা তেওঁ এই ষ্টেটাছ দিছিল আৰু যোৱা ২ সপ্তাহৰ ভিতৰত তেওঁ  কাৰ কাৰ সংস্পৰ্শলৈ আহিছিল সেয়া নিজে জনাবলৈ অনুৰোধ জনাইছিল।

লগতে তেওঁলোকক ১৪ দিন নিজকে কোৱাৰেন্টাইন কৰি ৰাখিবলৈও ব্যৱসায়ীজনে আহ্বান জনায়।

উল্লেখযোগ্য যে যিসময়ত কৰ’না আক্ৰান্তৰ শংকাত বহুতেই নিজকে লুকাই ৰখাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে, সেই সময়ত ব্যৱসায়ীজনে নিজেই আগবাঢ়ি আহি সকলোকে সতৰ্ক কৰি দিছে।

ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁ নিজৰ পৰিচয় লুকাই নৰখাকৈ স্পষ্টভাৱে তেওঁৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলকো কোৱাৰেন্টাইন যোৱাৰ বাবে আহ্বান জনাইছে।

কৰ’না আক্ৰান্ত ব্যৱসায়ীজনৰ whatsapp statusটো।

লোকজনৰ নাম মনিষ তিবেৰৱাল(৪৫) বুলি জানিব পৰা গৈছে। যোৱা ১ মাৰ্চত দিল্লীৰ পৰা লোকজন ঘুৰি আহিছিল যদিও ১৪ দিনৰ ভিতৰত covid-19 ৰ উপস্থিতি ধৰা পৰা নাছিল।

দিল্লীৰ পৰা ঘূৰি আহি লোকজনে উশাহ নিশাহ লোৱাত কষ্ট হৈছিল আৰু GMCH ত চিকিৎসা সেৱা গ্ৰহণ কৰি আছিল। ২৫ দিন স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁ কালি COVID-19 পজিটিভ ধৰা পৰে। মানুহজন এজমা ৰোগতো আক্রান্ত আছিল।

জানিব পৰা মতে, কিছুদিন ঘৰতে কোৱাৰেন্টাইন কৰি ৰখা মনিষক বৰ্তমান এম এম চি এইচত চিকিৎসাৰ বাবে ভৰ্তি কৰা হৈছে।

মনিষৰ পৰিয়ালৰ লোককো কোৱাৰেন্টাইন কৰা হৈছে সৰুসজাই ষ্টেডিয়ামত। বৰ্তমালৈকে চিৰিয়াখানা সমীপৰ স্পেনিছ গাৰ্ডেন ছীল কৰা হোৱা নাই।

ইপিনে যোৱা ১০ মাৰ্চত মহানগৰীৰ কোনো এক স্থানত মনিষে হোলীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল বুলিও জানিব পৰা গৈছে।

উল্লেখযোগ্য যে অসমত নিজামুদ্দিনৰ সৈতে সম্পৰ্ক নথকা এইটো হৈছে প্ৰথমটো COVID-19 আক্ৰান্তৰ ঘটনা।

Related News