দীঘলীপুখুৰীক গুজৰাটৰ ব্যক্তিগত প্ৰতিষ্ঠানক গতোৱাৰ তীব্ৰ বিৰোধিতা ডি ৱাই এফ আইৰ

দীঘলীপুখুৰী আৰু ইয়াৰ ভিতৰত থকা পাৰ্ক, নৌকা, ৰেষ্টুৰা আদি গুজৰাটৰ ব্যক্তিগত কোম্পানীক লিজত দিয়া বুলি বাতৰি প্ৰকাশ পাইছে। আত্মনিৰ্ভশীল অসমৰ শ্লোগান দিয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ এই কাৰ্যক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ বিৰোধিতা কৰিছে আৰু এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে। 

পৰ্যটন খণ্ডৰ ব্যাপক উন্নয়ন হোৱা বুলি দাবী কৰা চৰকাৰখনে গুৱাহাটীৰ মাজ-মজিয়াৰ এই ৰাজহুৱা স্থানখিনিও বহিঃৰাগত কোম্পানীৰ হাতত তুলি দিবলৈ আগবাঢ়িছে। চৰকাৰখনে পৰ্যটন খণ্ডৰ উন্নয়নৰ সলনি বহিঃৰাগত কোম্পানীক গতাই দি অসম বিৰোধী সিদ্ধান্তহে গ্ৰহণ কৰিছে। 

মুখত বৰ বৰ কথা কোৱা বিজেপি চৰকাৰখনে ৰাজ্যৰ এটাৰ পাছত এটাকৈ ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডক গতাই দিছে। অকল দীঘলীপুখুৰীয়ে নহয়, ৰাজ্যিক চিৰিয়াখানাৰ জীৱ-জন্তুকো “আদানি গোষ্ঠী”ক বিক্ৰী কৰি দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে। 

ৰাজহ সংগ্ৰহৰ কোনো বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ নকৰি চৰকাৰ খনে ৰাজ্যখন সম্পদ বিক্ৰী কৰা ধ্বংসাত্মক সিদ্ধান্ত গ্ৰহণ কৰিছে। জনতাৰ মতামতক উপেক্ষা কৰি চৰকাৰখনে নিজৰ মইমতালিৰে সিদ্ধান্ত গ্ৰহণ কৰাটো ৰাজ্যৰ ভবিষ্যতৰ বাবে অশনি সংকেত। 

ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদ কৰাৰ লগতে ইয়াৰ বিৰোধিতা কৰিবলৈ অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছে।