• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত কেৱল শাসক দলৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰিছেঃ ডি ৱাই এফ আই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 22, 2023 7:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰায় সকলোবোৰ বিৰোধী দল, জাতীয় সংগঠন আৰু ৰাইজৰ  প্ৰবল বিৰোধিতা সত্ত্বেও ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) উন্নীত নকৰাকৈ ২০০১ চনৰ লোক পিয়লৰ ভিত্তিত ভাৰতৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা তালিকা প্ৰকাশ কৰিছে। আৰ এছ এছ আৰু বিজেপি দলৰ স্বৈৰাতান্ত্ৰিক নিৰ্দেশ আৰু তীব্ৰ হেঁ‌চাতেই নিৰ্বাচন আয়োগে খৰতকীয়াকৈ এই খচৰা তালিকা প্ৰকাশ কৰিছে।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে এই খচৰা তালিকাক লৈ তীব্ৰ আপত্তি প্ৰকাশ কৰিছে আৰু বিজেপি চৰকাৰ আৰু আৰ এছ এছৰ নিৰ্দেশতেই এই তালিকা প্ৰকাশ কৰিছে বুলি মত প্ৰকাশ কৰিছে।

লগতে পঢ়ক: দিল্লীৰ পাঁচ তাৰকাযুক্ত হোটেলত ২ বছৰ কটাই ফুটাকড়ি এটাও বিল নিদিয়াকৈয়ে পলাল অসমৰ প্ৰৱঞ্চক অংকুশ দত্ত!

Apply Now

 সম্পূৰ্ণ সাম্প্ৰদায়িক মনোভাৱেৰে আৰু সংকীৰ্ণ ৰাজনৈতি স্বাৰ্থ আগতলৈ খচৰা তালিকা প্ৰকাশ কৰিছে বুলি ডি ৱাই এফ আইয়ে মত প্ৰকাশ কৰাৰ লগতে নিৰ্বাচন আয়োগে নিজৰ স্বতন্ত্ৰতাক বিসৰ্জন দিছে বুলি অভিহিত কৰিছে। বিজেপি দলৰ নেতা পালিনেতাসকলে এই খচৰা তালিকাখনক যেনেকৈ আঁ‌দৰি জনাইছে তাৰ পৰা এটা কথা প্ৰমাণ কৰিছে যে এই খচৰা তালিকাখন তেওঁলোকেই প্ৰস্তুত কৰিছে।

২০০১ চন অৰ্থাৎ ২২ বছৰ আগৰ লোক পিয়লৰ ভিত্তিত ৰাজ্যৰ বিধানসভা আৰু লোকসভা সমষ্টিসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰি ইয়াৰ খচৰা প্ৰকাশ কৰাতো এক যুক্তিহীন কাৰ্য। প্ৰকাশিত খচৰা তালিকা অনুসৰি নিৰ্বাচন আয়োগে লোক সভা আৰু বিধান সভা সমষ্টি নতুনকৈ নিৰ্ধাৰণ কৰিবলৈ যাওতে বৰ্তমানৰ সমষ্টিৰ নাম আৰু তাৰ লগত জড়িত ঐতিহ্যক অস্বীকাৰ কৰিছে।

লগতে পঢ়ক: কোভিড-১৯ ভেকচিনৰ বাবেই মৃত্যু হৈছিল শ্বেন ৱাৰ্ণৰ! কি ক’লে চিকিৎসকে?

সমষ্টিসমূহৰ ভৌগলিক অৱস্থান, যোগাযোগ আৰু প্ৰশাসনিক ব্যৱস্থাৰ সা-সুবিধাক উপেক্ষা কৰি কেৱল সাম্প্ৰদায়িক দৃষ্টিভংগীৰে সমষ্টিৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে। আটাইতকৈ আশ্চৰ্যকৰ কথা হৈছে পূৰ্বতে যি যুক্তিৰ আধাৰত অসমৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া স্থগিত ৰখা হৈছিল তাৰ ভিতৰত অন্যতম আছিল ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীতকৰণৰ কাম সম্পূৰ্ণ নোহোৱা। বিজেপি দলেও  এনআৰচি উন্নীত নোহোৱাকৈ সমষ্টিসমূহৰ সীমা পুনৰ্নিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতা কৰিছিল। কিন্তু এতিয়া সেই বিজেপি দল আৰু চৰকাৰেই নীতিহীন ৰাজনীতিৰ আশ্ৰয় লৈছে। 

এনআৰচিৰ চূড়ান্তকৰণৰ কাম ভাৰতৰ মহাপঞ্জীয়কে কৰাৰ পূৰ্বেই অসমৰ সমষ্টিসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণৰ বাবে উঠি পৰি লাগিছে। এই কাম কৰিবলৈ যাওতে বহু জিলাৰ সমষ্টি কৰ্তন কৰিছে। বৰাক উপত্যকাৰ সমষ্টি কৰ্তন কৰা হৈছে। উজনি আৰু নামনি অসমৰ কিছু সমষ্টি কৰ্তন কৰি নতুন সমষ্টি গঠন কৰা হৈছে।

লগতে পঢ়ক: মণিপুৰত অব্যাহত আছে অশান্তি; দিল্লীত সৰ্বদলীয় বৈঠকৰ আহ্বান অমিত শ্বাহৰ

এই কাম কৰিবলৈ গৈ নিৰ্বাচন আয়োগেও সংবিধান প্ৰদত্ত নিজৰ স্বতন্ত্ৰ অধিকাৰ বিসৰ্জন দিবলৈ কুণ্ঠাবোধ কৰা নাই, চৰকাৰৰ নিৰ্দেশ কেৱল আখৰে আখৰে পালন কৰিছে। এনে অজস্ৰ অভিযোগেৰে অভিযুক্ত নিৰ্বাচন আয়োগৰ খচৰা তালিকাকলৈ ডি ৱাই এফ আইয়ে তীব্ৰ আপত্তি কৰিছে আৰু এয়া ৰাজ্যখনৰ স্বাৰ্থৰ পৰিপন্থী বুলি অভিহিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd