• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰব্ৰজিত শ্ৰমিকৰ দুখ-যান্ত্ৰণাৰ অভিজ্ঞতাকলৈ চুনু চুদৰ গ্ৰন্থ : প্ৰকাশ কৰিব পেঙ্গুইন ৰেণ্ডম হাউছে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 2:04 pm
3.2k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’নাৰ প্ৰতিৰোধৰ বাবে দেশত হঠাৎ বলৱৎ কৰা ল’কডাউনে দেশৰ কোটি কোটি প্ৰব্ৰজিত শ্ৰমিকৰ জীৱননৈ নমাই আনিছিল চৰম দুৰ্যোগ।

লাখ লাখ শ্ৰমিকে পদব্ৰজে হাজাৰ আৰু শ শ কিলোমিটাৰ পথ অতিক্ৰম কৰি নিজ গৃহাভিমুখে যাত্ৰা কৰিছিল। বহু শ্ৰমিকৰ মৃত্যু ঘটিছিল পদযাত্ৰাৰ সময়ত।

লাখ লাখ শ্ৰমিক অনাহাৰ অনিদ্ৰাত আৱদ্ধ হৈ পৰিছিল প্ৰৱাসত।

চৰকাৰে প্ৰথমাৱস্থাত কোনো পদক্ষেপ লোৱা নাছিল এই প্ৰব্ৰজিত শ্ৰমিকসকলক উদ্ধাৰ বাবে।

তেনে সময়তে প্ৰৱাসী দৰিদ্ৰ শ্ৰমিকৰ ত্ৰাণকৰ্তাৰ ৰূপত আবিৰ্ভাৱ ঘটিছিল বলিউদৰ জনপ্ৰিয় অভিনেতা চুনু চুদ।

অভিনেতা চুনু চুদে একক প্ৰচেষ্টাৰে হাজাৰ হাজাৰ শ্ৰমিকক খাদ্য যোগান ধৰাৰ লগতে নিজ গৃহলৈ প্ৰেৰণ কৰিছিল।

গাড়ী, উৰাজাহাজ ভাড়া কৰি আনকি পিছলৈ ট্ৰেইনৰ টিকট কাটিয়ো হাজাৰ হাজাৰ শ্ৰমিকক নিজ গৃহলৈ প্ৰেৰণ কৰিছিল অভিনেতা চুনু চুদে।

অতি ওচৰৰ পৰা দেখিছিল শ্ৰমিকৰ দুৰ্দশাগ্ৰস্ত দৰিদ্ৰ জীৱন। একাত্ম হৈ পৰিছিল শ্ৰমিকসকলৰ দুখ আৰু দুৰাৱস্থাৰ সৈতে।

এতিয়া চুনুৱে নিজে শ্ৰমিকসকলৰ সৈতে একাত্ম হৈ সঞ্জয় কৰা অভিজ্ঞতালানিক গ্ৰন্থত লিপিৱদ্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

“বিগত চাৰে তিনি মাহে মোৰ জীৱন সলনি কৰি দিলে। প্ৰতি দিনে ১৬-১৮ ঘণ্টা প্ৰব্ৰজিত শ্ৰমিকৰ সৈতে জীৱন কটাইছো। তেওঁলোকৰ দুখৰ সমভাগী হৈছে। যেতিয়াই দেখো কোনোৱে তেওঁলোকৰ গৃহাভিমুখে যাত্ৰা কৰিছে, তেতিয়া আমাৰ মন আনন্দৰে ভৰি পৰে। চকুৰ কোণত জিলিকি উঠা সেই চকুপানী আৰু হাঁহি মোৰ জীৱনৰ বৃহত্তম সঞ্চয়। মই তেতিয়াই সংকল্প লওঁ, শেষৰজন প্ৰব্ৰজিত শ্ৰমিকক নিজৰ ঘৰত উপস্থিত নোহোৱা পৰ্যন্ত আমি এই কাম কৰি যাম।” চুনু চুদে কয়।

চুনু চুদৰ মতে এই পৱিত্ৰ কৰ্ম কৰিবলৈকে নিয়তিয়ে তেওঁক মুম্বাইলৈ আনিছিল।

সংবাদ মাধ্যমৰ আগত তেওঁ আৰু কয়, “প্ৰব্ৰজিত শ্ৰমিকসকলৰ হকে মোক কাম কৰাৰ সুযোগ দিয়াৰ বাবে ইশ্বৰক ধন্যবাদ দিছো। আমাৰ হৃদস্পন্দন মুম্বাইত, কিন্তু এই প্ৰব্ৰজিত শ্ৰমিকৰ সূত্ৰে আমাৰ অসম, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাড়খণ্ডৰ গাঁওসমূহৰ সৈতে গভীৰতৰ যোগাযোগ সম্ভৱ হ’ল। এই অভিজ্ঞতাক আমি ধৰি ৰাখিব খুজো।”

উল্লেখ্য যে, এই অভিজ্ঞতাৰ ভিত্তিত লিখিবলগীয়া চুনু চুদৰ গ্ৰন্থখন পেঙ্গুইন ৰেণ্ডম হাউছ ইণ্ডিয়াই প্ৰকাশ কৰিব।

Recent News

ইউনুছক সেনা প্ৰধানৰ সকীয়নি! কোন দিশে অশান্ত-অস্থিৰ বাংলাদেশ?

ইউনুছক সেনা প্ৰধানৰ সকীয়নি! কোন দিশে অশান্ত-অস্থিৰ বাংলাদেশ?

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

‘ফ্ৰী পেলেষ্টাইন’ শ্লোগান! ৱাশ্বিংটনত দুই ইজৰাইলী দূতাবাসৰ কৰ্মীক গুলীয়াই হত্যা

‘ফ্ৰী পেলেষ্টাইন’ শ্লোগান! ৱাশ্বিংটনত দুই ইজৰাইলী দূতাবাসৰ কৰ্মীক গুলীয়াই হত্যা

অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ নাম সলনি কৰি পুনৰ বিবাদৰ সৃষ্টি কৰিছে চীনে

অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ নাম সলনি কৰি পুনৰ বিবাদৰ সৃষ্টি কৰিছে চীনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd