• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰব্ৰজিত শ্ৰমিকৰ দুখ-যান্ত্ৰণাৰ অভিজ্ঞতাকলৈ চুনু চুদৰ গ্ৰন্থ : প্ৰকাশ কৰিব পেঙ্গুইন ৰেণ্ডম হাউছে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 2:04 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’নাৰ প্ৰতিৰোধৰ বাবে দেশত হঠাৎ বলৱৎ কৰা ল’কডাউনে দেশৰ কোটি কোটি প্ৰব্ৰজিত শ্ৰমিকৰ জীৱননৈ নমাই আনিছিল চৰম দুৰ্যোগ।

লাখ লাখ শ্ৰমিকে পদব্ৰজে হাজাৰ আৰু শ শ কিলোমিটাৰ পথ অতিক্ৰম কৰি নিজ গৃহাভিমুখে যাত্ৰা কৰিছিল। বহু শ্ৰমিকৰ মৃত্যু ঘটিছিল পদযাত্ৰাৰ সময়ত।

Apply Now

লাখ লাখ শ্ৰমিক অনাহাৰ অনিদ্ৰাত আৱদ্ধ হৈ পৰিছিল প্ৰৱাসত।

চৰকাৰে প্ৰথমাৱস্থাত কোনো পদক্ষেপ লোৱা নাছিল এই প্ৰব্ৰজিত শ্ৰমিকসকলক উদ্ধাৰ বাবে।

তেনে সময়তে প্ৰৱাসী দৰিদ্ৰ শ্ৰমিকৰ ত্ৰাণকৰ্তাৰ ৰূপত আবিৰ্ভাৱ ঘটিছিল বলিউদৰ জনপ্ৰিয় অভিনেতা চুনু চুদ।

অভিনেতা চুনু চুদে একক প্ৰচেষ্টাৰে হাজাৰ হাজাৰ শ্ৰমিকক খাদ্য যোগান ধৰাৰ লগতে নিজ গৃহলৈ প্ৰেৰণ কৰিছিল।

গাড়ী, উৰাজাহাজ ভাড়া কৰি আনকি পিছলৈ ট্ৰেইনৰ টিকট কাটিয়ো হাজাৰ হাজাৰ শ্ৰমিকক নিজ গৃহলৈ প্ৰেৰণ কৰিছিল অভিনেতা চুনু চুদে।

অতি ওচৰৰ পৰা দেখিছিল শ্ৰমিকৰ দুৰ্দশাগ্ৰস্ত দৰিদ্ৰ জীৱন। একাত্ম হৈ পৰিছিল শ্ৰমিকসকলৰ দুখ আৰু দুৰাৱস্থাৰ সৈতে।

এতিয়া চুনুৱে নিজে শ্ৰমিকসকলৰ সৈতে একাত্ম হৈ সঞ্জয় কৰা অভিজ্ঞতালানিক গ্ৰন্থত লিপিৱদ্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

“বিগত চাৰে তিনি মাহে মোৰ জীৱন সলনি কৰি দিলে। প্ৰতি দিনে ১৬-১৮ ঘণ্টা প্ৰব্ৰজিত শ্ৰমিকৰ সৈতে জীৱন কটাইছো। তেওঁলোকৰ দুখৰ সমভাগী হৈছে। যেতিয়াই দেখো কোনোৱে তেওঁলোকৰ গৃহাভিমুখে যাত্ৰা কৰিছে, তেতিয়া আমাৰ মন আনন্দৰে ভৰি পৰে। চকুৰ কোণত জিলিকি উঠা সেই চকুপানী আৰু হাঁহি মোৰ জীৱনৰ বৃহত্তম সঞ্চয়। মই তেতিয়াই সংকল্প লওঁ, শেষৰজন প্ৰব্ৰজিত শ্ৰমিকক নিজৰ ঘৰত উপস্থিত নোহোৱা পৰ্যন্ত আমি এই কাম কৰি যাম।” চুনু চুদে কয়।

চুনু চুদৰ মতে এই পৱিত্ৰ কৰ্ম কৰিবলৈকে নিয়তিয়ে তেওঁক মুম্বাইলৈ আনিছিল।

সংবাদ মাধ্যমৰ আগত তেওঁ আৰু কয়, “প্ৰব্ৰজিত শ্ৰমিকসকলৰ হকে মোক কাম কৰাৰ সুযোগ দিয়াৰ বাবে ইশ্বৰক ধন্যবাদ দিছো। আমাৰ হৃদস্পন্দন মুম্বাইত, কিন্তু এই প্ৰব্ৰজিত শ্ৰমিকৰ সূত্ৰে আমাৰ অসম, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাড়খণ্ডৰ গাঁওসমূহৰ সৈতে গভীৰতৰ যোগাযোগ সম্ভৱ হ’ল। এই অভিজ্ঞতাক আমি ধৰি ৰাখিব খুজো।”

উল্লেখ্য যে, এই অভিজ্ঞতাৰ ভিত্তিত লিখিবলগীয়া চুনু চুদৰ গ্ৰন্থখন পেঙ্গুইন ৰেণ্ডম হাউছ ইণ্ডিয়াই প্ৰকাশ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

আৰক্ষীৰ প্ৰহাৰত কাণেৰে নুশুনা হ’ল দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰী! সংবাদমেলত ভুক্তভোগীয়ে বৰ্ণনা কৰিলে বৰ্বৰতাৰ কাহিনী

October 14, 2026 3:10 pm
সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

সাধাৰণ জনতাৰ পকেটত মাধমাৰ! অৰ্থনীতিবিদৰ অনুমানক চেৰ পেলাই উৰ্ধ্বমুখী দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ

October 14, 2026 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd