NORTHEAST NOW (Assamese)

অসম আৰক্ষীত কৰ্মৰত পুত্ৰৰ সন্ধান নাপাই ব্যথিত পিতৃ; শীৰ্ষ আৰক্ষী বিষয়াৰ পৰা পোৱা নাই সঁহাৰি

June 11, 2021 11:36 am · নিৰ্মলেন্দু পাঠক
ফটো: নৰ্থইষ্ট নাও।

হামৰেং জিলাৰ কাৰ্বি-লংপি জল বিদ্যুৎ প্ৰকল্পত নিয়োজিত ১৬ নং অসম পুলিচ বেটেলিয়ানৰ জোৱান ঋতু বৰা কৰ্তব্য সম্পাদন কৰি থকাৰ পৰা নিৰুদ্দেশ হৈ থকা ঘটনাই ছটা দিন অতিক্ৰম কৰাৰ পাছতো সন্ধান নোলোৱাত জোৱান জনৰ টীয়ক মেলেং লহকৰ গাঁৱৰ পৰিয়ালৰ মাজত উৎকন্ঠাৰ বৃদ্ধি পাইছে।

৪ জুনৰ পুৱতি নিশা পৰ্যন্ত কৰ্তব্যত উপস্থিত থকাৰ পাছৰে পৰা জোৱান জন নিৰুদ্দেশ হৈ আছে যদিও তেওঁৰ মানিবেগ, মবাইল ফোন আদি তেওঁৰ বিচনাৰ তলত উদ্ধাৰ হোৱাৰ উপৰি চাৰ্ভিচ ৰাইফলটো প্ৰকল্পটোৰ পৰা নাতি দূৰত উদ্ধাৰ হৈছিল।

লক্ষ্যনীয় এই যে আজিও আনুষ্ঠানিকভাৱে ঋতু বৰাৰ নিৰুদ্দেশ সম্পৰ্কত বেটেলিয়ান কোম্পানীটোৰ পৰা পৰিয়ালৰ লোকক অবগত নকৰাত সমগ্ৰ বিষয়টোৱে ৰহস্যৰ সৃষ্টি কৰিছে।

ইপিনে নিজৰ পুত্ৰৰ সন্ধানত বৈঠালাংছুলৈ ঢাপলি মেলিছিল যদিও জিলাখনৰ শীৰ্ষ আৰক্ষীৰ পৰা কোনোধৰণৰ ইতিবাচক সঁহাৰি নোপোৱাত দুৰ্ভগীয়া পিতৃ ফনী বৰাই মুখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানক এই ক্ষেত্ৰত হস্তক্ষেপৰ আহ্বান জনায়।

Related News