NORTHEAST NOW (Assamese)

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত ফলাফল

April 30, 2025 9:56 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 30, 2025 2:06 pm

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল। যোৱা ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ মাৰ্চলৈকে অনুষ্ঠিত হৈছিল এই পৰীক্ষা। লগতে ২৯ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল ব্যৱহাৰিক পৰীক্ষা সমূহ।

এইবাৰ এই পৰীক্ষাত কলা শাখাৰ পৰা ২,৩০,০৯১ গৰাকী, বিজ্ঞান শাখাৰ পৰা ৫৭,৭২৪ গৰাকী, বাণিজ্য শাখাৰ পৰা ১৭,৮৬৯ গৰাকী আৰু বৃত্তিমূলক শিক্ষাৰ পৰা ১,২৪১ গৰাকী ছাত্ৰ-ছাত্ৰী উৰ্তীণ হৈছে।

উল্লেখ্য যে এইবাৰ বাণিজ্য শাখাত উত্তীর্ণ হাৰ ৮২.১৮ শতাংশ , কলা শাখাত উত্তীৰ্ণ হাৰ ৮১.০৩ শতাংশ, বিজ্ঞান শাখাত উত্তীর্ণ হাৰ ৮৪.৮৮ শতাংশ ।‎

এই পৰীক্ষাত মুঠ ২,২৬,৭৫৬ গৰাকী প্ৰাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ – ৪৯,৫৭৭ গৰাকী,  দ্বিতীয় বিভাগত উত্তীৰ্ণ – ৮০,৬৫০ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ – ৫৩,৫১৮ গৰাকী ছাত্ৰ-ছাত্ৰী।

উল্লেখ্য যে এইবাৰ কলা শাখাত ৯৪.২১ শতাংশ উত্তীৰ্ণ হাৰেৰে শীৰ্ষত আছে বাক্সা জিলা । বিজ্ঞান শাখাত ১০০ শতাংশ উত্তীৰ্ণ হাৰৰ সৈতে শীৰ্ষ স্থান দখল কৰিছে পশ্চিম কাৰ্বি আংলং জিলাই । আনহাতে বাণিজ্য শাখাক শীৰ্ষত দক্ষিণ শালমৰা জিলা । জিলাখনত উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ ।

চৰকাৰে জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়সমূহৰ পৰা মাৰ্কশ্বীট সংগ্ৰহ কৰিব লাগিব। অনলাইন মাৰ্ক শ্বীটখন ছাত্ৰ-ছাত্ৰীয়ে কলেজত নামভৰ্তিৰ উদ্দেশ্যেহে ব্যৱহাৰ কৰিব পাৰিব।

Related News