নৱেম্বৰত কাৰ্যক্ষম হৈ উঠিব ৰাজ্যখনৰ প্ৰথমটো চি এন জি ষ্টেশ্যন

cng-dibrugarh

ডিব্রুগড়ৰ চৌকিডিংগিত থকা অসম ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানৰ সমুখতে অসম গেছ কোম্পানী লিমিটেডে নির্মাণ কৰি আছে এটা চি এন জি ষ্টেশ্যন। চি এন জি অৰ্থাৎ কম্প্ৰেছ নেচাৰেল গেছ বৰ্তমান ইন্ধন হিচাপে পৰিৱেশ উপযোগী হোৱাৰ লগতে কম খৰচী হোৱাত ইয়াক ব্যৱহাৰ কৰিবলৈ সকলোৱে উৎসাহিত হ’ব।

সম্প্ৰতি যি হাৰত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাবলৈ লৈছে তালৈ চাই চি এন জিৰ আগমনে ৰাইজক সকাহ দিয়াৰ সম্ভাৱনা আছে। ইপিনে ডিব্রুগড়ত  নির্মাণ কৰি থকা অসমৰ প্রথমটো চি এন জি ষ্টেশ্যন অহা নৱেম্বৰ মাহত কার্যক্ষম হৈ উঠিব।

উল্লেখযোগ্য যে  ২০১৭’ৰ নৱেম্বৰ মাহৰ পৰা এই ষ্টেশ্যনৰ নির্মাণকার্য চলি আছে। এই ষ্টেশ্যনটোত প্ৰাৰম্ভিক পৰ্যায়ত দৈনিক ৪০০ যান-বাহনে চি এন জিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

অসম গেছ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক আদিত্য কুমাৰ শর্মাই জানিব দিয়ে যে এই চি এন জি ষ্টেশ্যনটোৰ নির্মাণকার্য প্রায় সম্পূর্ণ হোৱাৰ পথত। অহা নৱেম্বৰ মাহত ইয়াৰ শুভাৰম্ভ কৰাৰ আশা কৰা হৈছে। তেওঁ জানিবলৈ দিয়া মতে ডিব্রুগড়ৰ আৰু দুঠাইত চি এন জি ষ্টেশ্যন স্থাপনৰ পৰিকল্পনা লোৱা হৈছে। তদুপৰি শৰ্মাই জানিব দিয়া মতে অসম গেছ কোম্পানী লিমিটেডে তিনিচুকীয়া, মৰাণ, শিৱসাগৰ আৰু যোৰহাটতো চি এন জি ষ্টেছন স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰিছে।

আনহাতে, চি এন জিৰ সুবিধা পাবলৈ হ’লে যান-বাহনৰ গৰাকীয়ে বাহনত চি এন জি কিট এটা স্থাপন কৰিব লাগিব। চি এন জি ইন্ধন প্রতি কেজিত ৪২ টকা ধার্য কৰা হৈছে। পেট্রলৰ মূল্য প্রতি লিটাৰত প্ৰায়  ৯০ টকা আৰু ডিজেলৰ মূল্য ৮০ টকা স্পৰ্শ কৰিবলৈ আগবঢ়াৰ সময়ত চি এন জিৰ সুলভ দৰে জনসাধাৰণক উপকৃত কৰিব।

তদুপৰি, এক লিটাৰ পেট্রলৰ তুলনাত এক কেজি চি এন জিৰে এখন বাহনত অধিক দূৰত্ব যাত্রা কৰিব পৰা যাব। গতিকে গ্রাহকে ইন্ধনৰ দাম আৰু দূৰত্ব দুই দিশৰ পৰাই উপকৃত হ’ব। প্রদূষণ নিয়ন্ত্রণৰ প্ৰতি লক্ষ্য ৰাখি অসম গেছ কোম্পানী লিমিটেডে প্রথমতে স্কুলভান আৰু অট’ৰিক্সাসমূহক সামৰি লোৱাৰ পৰিকল্পনা কৰিছে৷

উল্লেখযোগ্য যে বৰ্তমান উত্তৰ-পূর্বাঞ্চলৰ একমাত্ৰ ত্রিপুৰাতহে চি এন জি ষ্টেশ্যন আছে।