যাদুৰ দেশ মায়ঙক লৈ ৰাজ্যত প্ৰথমখন চলচ্চিত্ৰ, বুঢ়া মায়ঙত ‘দ্য গৱৰ্নমেণ্ট ছাৰ্ভেণ্ট’ৰ শুভ মহুৰত

Mayang

মায়ং, যাদুৰ দেশ বুলি সকলোৰে মুখে মুখে এখন ঠাইৰে নাম ভাহি আহে, সেয়া হ’ল মায়ং। তন্ত্ৰ-মন্ত্ৰ, কলা-যাদুৰ আধাৰস্থলী হিচাপে যুগে যুগে চিহ্নিত হৈ আহিছে মায়ং। প্ৰাগজ্যোতিষপুৰৰ ইতিহাসত মায়ং এখন ঠাই, যাৰ নাম কল্পনা কৰিলেই অলৌকিক শক্তিৰ অৱস্থিতি সকলোৰে মনলৈ আহে।

হিড়িম্বাৰ পৰা ঘটোৎকোচলৈ কল্প কাহিনীতো মায়াঙৰ নাম সন্নিবিষ্ট হৈ আছে। পিছে সঁচাই জানো মায়ং ইমান কুহেলিকাৰ আঁৰত। সঁচাই জানো মায়াঙত মানুহ ৰূপান্তৰিত হয় বাঘলৈ। পীৰাত বহিলেই তপিনাত পীৰা লাগি ধৰে।

এই সকলো কাল্পনিক কাহিনী তথা বাস্তৱিকতাৰ ওপৰত আধাৰ কৰি সাহিত্য অকাডেমি বঁটা বিজয়ী জয়ন্ত মাধৱ বৰাই ৰচনা কৰিছিল তেওঁৰ উপন্যাস ‘মায়ং’। মায়াঙৰ বাস্তৱিক ৰূপ এইবাৰ চেলুলয়ডত দাঙি ধৰাৰ প্ৰয়াস কৰিছে এদল কলা-কুশলীয়ে।

প্ৰদ্যুৎ কুমাৰ ডেকাৰ পৰিচালনাত জয়ন্ত মাধৱ বৰাৰ ‘মায়ং’ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰি থকা হৈছে নতুন চলচ্চিত্ৰ ‘দ্য গৱৰ্নমেণ্ট ছাৰ্ভেণ্ট’। আজি বুঢ়া মায়াঙত ‘দ্য গৱৰ্নমেণ্ট ছাৰ্ভেণ্ট’ৰ শুভ মহুৰতৰ পিছত ভাই ভাই ধাবাত কে’বাটাও দৃশ্য গ্ৰহণ কৰা হয়।

বিশিষ্ট অভিনেতা কপিল বৰাই মুখ্য চৰিত্ৰত অভিনয় কৰা চলচ্চিত্ৰখনত আছে অসমৰ চলচ্চিত্ৰ জগতৰ বলিষ্ঠ অভিনেতা হিৰণ্য ডেকা, উপকূল বৰদলৈ, নিকুমণি বৰুৱা, দুৰ্গাশ্ৰী বৰা আদি। চলচ্চিত্ৰখনৰ প্ৰযোজনা দেৱাশিস¸ গোস্বামী, লিপিকা মেধি শৰ্মা। কাহিনী, চিত্ৰনাট্য জয়ন্ত মাধৱ বৰা, প্ৰদ্যুৎ কুমাৰ ডেকাৰ।

উল্লেখ্য যে অসমৰ সাংস্কৃতিক জগতত প্ৰথমবাৰৰ বাবে মহিলা দৃশ্যগ্ৰহণকাৰীয়ে ছবিখনৰ সকলো দৃশ্য গ্ৰহণ কৰিব। দৃশ্যগ্ৰহণৰ দায়িত্বত আছে মীনাক্ষী ভাগৱতী। আনহাতে, ছবিখনৰ সংগীত দেৱাশিস গোস্বামীৰ।

মহুৰতৰ অনুষ্ঠানত উপস্থিত থাকি ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যকাৰ জয়ন্ত মাধৱ বৰাই কয় যে মায়ঙক লৈ বহুতৰে মনত বিভিন্ন কথা ভাহি আহে, কিন্তু প্ৰকৃতাৰ্থত মায়ংখন কেনেধৰণৰ। কেনেধৰণৰ মায়ংবাসী আৰু তেওঁলোকৰ জীৱন-জীৱিকা। এই সকলোবোৰ সন্নিবিষ্ট কৰি আধুনিক মায়ঙৰ ছবি দাঙি ধৰা হৈছে চলচ্চিত্ৰখনত।

আনহাতে, মুখ্য চৰিত্ৰত অভিনয় কৰা কপিল বৰাই কয় যে এজন চৰকাৰী বিষয়াৰ দৃষ্টিত মায়ংখন কেনেধৰণৰ সেয়া ছবিখনৰ বিষয়বস্তু। এটা প্ৰত্যাহবানমূলক চৰিত্ৰত তেওঁ অভিনয় কৰিবলৈ ওলাইছে। এই ছবিখনৰ যোগেদি মায়াãৰ বাস্তৱ ৰূপ দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে বুলি তেওঁ কয়।

আনহাতে, ছবিখনৰ চিত্ৰ নাট্যকাৰ তথা পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাই মুহুৰতৰ সময়ত কয় যে কিছু অগতানুগতিক কাহিনীৰে ছবিখন নিৰ্মাণ কৰা হৈছে, য’ত দৰ্শকসকলৰ বাবে যথেষ্ট সমল থাকিব। দৰ্শকৰ বৌদ্ধিক বিকাশৰ বাবে ছবিখন নিৰ্মাণ কৰা হৈছে। অসমৰ ৰাইজে ছবিখন আঁকোৱালি ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।

উল্লেখ্য যে মায়াঙৰ ওপৰত আজিলৈকে কোনো এখন ছবি নিৰ্মাণ কৰা হোৱা নাই। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰহস্যময়ী মায়ঙৰ ওপৰত ‘দ্য গৱৰ্নমেণ্ট ছাৰ্ভেণ্ট’তেই হ’ব প্ৰথমখন কথাছবি।