অহা ২৪ জুনৰ পৰা আৰম্ভ হ’ব ১৮ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশন। ৯ দিন অব্যাহত থাকিব এই অধিৱেশন। ৩ জুলাইত এই অধিৱেশনৰ অন্ত পৰিব। সংসদৰ এই বিশেষ অধিৱেশনত নৱনিৰ্বাচিত সাংসদসকলে শপত গ্ৰহণ কৰিব আৰু অধ্যক্ষ নিৰ্বাচিত হ’ব।
আনহাতে, ২৭ জুনৰ পৰা আৰম্ভ হ’ব ৰাজ্যসভাৰ ২৬৪ সংখ্যক অধিৱেশন আৰু ৩ জুলাইত অন্ত পৰিব।
উল্লেখযোগ্য যে যোৱা দেওবাৰে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল।