• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাৱধান! কোনো কোভিড-১৯ ৰোগীৰ সংস্পৰ্শলৈ নহাকৈ বঙাইগাওঁৰ চাৰিগৰাকী লোকৰ দেহলৈ এই মাৰাত্মক ভাইৰাচ আহিল কেনেকৈ?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 30, 2020 4:14 pm

2 min read

95260473_10157530843578983_3598491164442886144_n

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফাইল ফটো

60.4k
VIEWS
Share on FacebookShare on Twitter

কোনো কোভিড ৰোগীৰ সংস্পৰ্শলৈ নহাকৈ বঙাইগাওঁৰ চাৰিগৰাকী লোকৰ দেহত ধৰা পৰিছে মাৰাত্মক কোভিদ-১৯ পজিটিভ ভাইৰাচ। বঙাইগাওঁ অসামৰিক চিকিৎসালয় পৰিদৰ্শনৰ পাছতে এই কথা সদৰী কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

‘আজিৰ চাৰিওটা কেচৰে কোনো সংস্পৰ্শলৈ অহাৰ ৰেকৰ্ড নাই। তেওঁলোক কোনো পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ অহা নাছিল। সাধাৰণ জ্বৰ হোৱাৰ বাবে সন্দেহবশতঃ এওঁলোকৰ চেম্প’ল বিলাক পৰীক্ষাৰ বাবে পঠিওৱা হৈছিল।‘ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।

ইপিনে, কোনো ৰোগীৰ সংস্পৰ্শলৈ নহাকৈ ধৰা পৰা অসমত এইটো প্ৰথম ঘটনা বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে কয়, ‘চাৰিগৰাকীৰ দেহলৈ কেনেকৈ এই ভাইৰাছ আহিল এই সম্পৰ্কে গভীৰভাৱে অনুসন্ধান কৰিব লাগিব। কেনেকৈ সংস্পৰ্শলৈ আহিল সেইটোৰ তথ্য আজিলৈকে আমাৰ হাতত নাই।‘

‘কাইলৈৰ ভিতৰত এই চাৰিজন ৰোগীয়ে কাৰোবাক লগ পাইছিল নেকি বা কোনোবা বাহিৰৰ পৰা অহা লোকৰ সৈতে সংস্পৰ্শ হৈছিল নেকি সেয়া গম পোৱা যাব।‘ মন্ত্ৰীগৰাকীয়ে লগতে কয়।

ইপিনে, এই মুহূৰ্তত বঙাইগাওঁৰ ৰাইজ অত্যন্ত সাৱধান হৈ থকাটো প্ৰয়োজন বুলি উনুকিয়াই দি তেওঁ লগতে কয়, ‘বঙাইগাওঁৰ লোকসকলে এতিয়া যিমান ভয় খাই আছে তাতকৈ বেছি ভয় খাব লাগিব।‘

মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি আজি বঙাইগাওঁৰ চাপ্ৰাকাটাৰ অনুপম ঠাকুৰীয়া, আমগুৰি পাৰ্ট ২ ৰ দীপক মল্লিক, চহিদ বেদীৰ ববিতা বাচফৰ, ৰেইলৱে কলনীৰ ৰীণা বিশ্বকৰ্মাৰ দেহত এই মাৰাত্মক ভাইৰাছ ধৰা পৰিছে।

ইয়াৰে তিনিটা কেচ বঙাইগাওঁ নগৰৰ পৰা লাভ কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘তিনিওটা কেচৰে তিনি কিল’মিটাৰ দূৰত্বলৈকে জিলা উপায়ুক্তই কন্টেইনমেন্ট জ’ন ঘোষণা কৰিব। বঙাইগাওঁ জিলাখন ৰেড জ’ন হিচাপে ঘোষণা কৰাৰ সিদ্ধান্ত লোৱা হৈছে। জিলাখনত একেৰাহে ৫ টাকৈ কোভিদ-১৯ পজিটিভ কেচ পোৱা গৈছে।‘

কাইলৈৰ পৰা ৰেণ্ডম বেচিছত এই ৰোগ ধৰা পৰা বঙাইগাওঁৰ পাঁচখন ঠাইৰ পৰা ২৫ টাকৈ চেম্প’ল সংগ্ৰহ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

ইপিনে, ‘যিখন প্ৰদেশত এটাও কেচ নাছিল, জিলাসমূহত এতিয়া এটা এটাকৈ বাঢ়ি গৈ আছে, চৰকাৰৰ আগত প্ৰত্যাহ্বান কি আছে?’ বুলি এজন সাংবাদিকে প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয়, ‘কেচটো বাঢ়েগা জবতক ভেকছিন ঔৰ মেডিচিন নেহি মিলেগা কেচটো বাঢ়েগা। লেকিন কম কিটনা কৰ সকতা হে। জবতক মেডিচিন ঔৰ ভেকচিন নেহি নিকালেগা তবতক নটিছ মে ৰেহনাহি পৰেগা।‘

Tags: COVID-19

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd