NORTHEAST NOW (Assamese)

স্বৰ্গৰ দ্বাৰ! চাওক মহাকাশত হোটেল পৰিকল্পনাৰ ভাইৰেল Video

October 23, 2019 4:54 pm · এন ই নাও নিউজ
দি গে’টৱে’ ফাউণ্ডে’চন পৰিকল্পিত স্পে’চক্ৰাফ্ত। সৌজন্য-- টুইটাৰ।

এমেৰিকান সংস্থা দি গে’টৱে’ ফাউণ্ডে’চনে মহাকাশত হোটেল খোলাৰ পৰিকল্পনা বাস্তৱ ৰূপায়ণত নামিছে।

সংস্থাটোৱে ২০২৭ চনৰ ভিতৰত মহাকাশত আৱাস সম্ভৱ হ’ব বুলি আশা কৰিছে।

সংস্থাটোৰ উদ্যোগ লৈছে নাছা, বিমান নিৰ্মাণ কোম্পানি বয়িঙত কাম কৰাৰ অভিজ্ঞতা থকা বহুকেইগৰাকী ব্যক্তিয়ে।

কেইবাখনো আগশাৰীৰ এমেৰিকান বিশ্ববিদ্যালয়ত গৱেষণা সম্পন্ন কৰা বহুকেইগৰাকী ব্যক্তিও প্ৰকল্পটোত জৰিত আছে।

ৰথৰ চকাৰ দৰে ঘূৰি থকা মহাকাশ আস্থান এটাত তাৰকা হোটেলৰ সকলো সুবিধাৰে সৈতে সংস্থাটোৱে দৰ্শনাৰ্থীক শূন্যত ভ্ৰমণ কৰোৱাৰ পৰিকল্পনা কৰিছে।

মহাশূন্যত পৃথিৱীৰ দৰে এই সকলো সুবিধাৰ ব্যৱস্থা কৰাৰ বাবে সংস্থাটোৱে “কৃত্ৰিম মধ্যাকৰ্ষণ বল”ৰ ব্যৱস্থা কৰিবলৈ আগবাঢ়িছে।

সংস্থাটোৱে কৰি থকা পৰিকল্পনা ৰূপায়্ণৰ কামৰ ভিডিঅ’ ইউটিউবত মুকলি কৰিছে আৰু এইবোৰ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

https://www.youtube.com/watch?v=LfycUTv2-aY

https://www.youtube.com/watch?v=Bk8M6MsKv-8

Related News