চে’ৰগেচিক লৈ ডাঙৰ সিদ্ধান্ত কেন্দ্ৰ চৰকাৰৰ : জাৰি কৰিছে নতুন নিৰ্দেশনা

চৰকাৰী কৰ্মচাৰীৰ প্ৰসূতিকালীন ছুটী ২৬ সপ্তাহ বা ৬ মাহৰ। অৱশ্যে এইবাৰ চেৰ’গেচিৰ বাবে নতুন গাইডলাইন জাৰি কৰিছে কেন্দ্ৰই।

চেৰ’গেচিৰ জৰিয়তে সন্তান জন্ম হ’লেও ১৮০ দিনৰ বা প্ৰায় ৬ মাহৰ ছুটী লাভ কৰিব মাতৃয়ে । কেৱল মাতৃৰ বাবেই নহয়, পিতৃৰ ছুটীৰ কথাও গাইডলাইনত উল্লেখ কৰা হৈছে।

অৰ্থাৎ যিজনে সন্তান জন্ম দিব আৰু যিজনে সেই সন্তানক ডাঙৰ-দীঘল কৰিব, যদি তেওঁলোক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হয়, তেন্তে দুয়োজনে ১৮০ দিনৰ ছুটী পাব।

তাৰোপৰি যিসকলৰ দুটা সন্তান আছে, তেওঁলোকে চেৰ’গেচিৰ জৰিয়তে তৃতীয় সন্তান জন্ম দিলেও ৬ মাহৰ ছুটী পাব।

কেন্দ্ৰীয় অসামৰিক সেৱা (এল ই ভি)ৰ নিয়ম সংশোধন কৰি চৰকাৰী কৰ্মচাৰীৰ সুবিধাৰ্থে এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে। যদি কোনো পুৰুষ কৰ্মচাৰীয়ে চেৰ’গেচিৰ জৰিয়তে পিতৃ হয় তেন্তে ১৫ দিনৰ পিতৃত্বৰ ছুটী পাব। সন্তান জন্ম হোৱাৰ ৬ মাহৰ ভিতৰত এই ছুটী ল’ব লাগিব। কিন্তু পিতৃৰ তৃতীয় সন্তান হ’লে এই ছুটীৰ নিয়ম প্ৰযোজ্য নহ’ব।