ইমান অশ্লীল, চাবই নোৱাৰি : চৰকাৰে বন্ধ কৰি দিলে ১৮ টাকৈ অ’টিটি চেনেল 

ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অত্যধিক পৰ্ণগ্ৰাফিক বিষয়বস্তু দেখুওৱাৰ বাবে ১৮টা অ’টিটি চেনেল নিষিদ্ধ কৰিছে। লগতে সমগ্ৰ দেশতে ১৯টা ৱেবছাইট, ১০টা এপ্লিকেচন, ৫৭টা ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰা হৈছে। 

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মূলতঃ অশ্লীল বিষয়বস্তু দেখুৱাই মহিলাক অপমান কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। 

ইয়াৰ পূৰ্বে মন্ত্ৰালয়ে এই সকলো অ’টিটি সংবাদ মাধ্যমৰ কাৰ্যবাহীলৈ কেইবাবাৰো সতৰ্কবাণী প্ৰেৰণ কৰিছিল। কিন্তু তেতিয়াও তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। গতিকে অৱশেষত মন্ত্ৰালয়ে চূড়ান্ত সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে।

এই সন্দৰ্ভত এখন চৰকাৰী অধিসূচনা প্ৰকাশ কৰি কোৱা হৈছে, “সংশ্লিষ্ট সংবাদ মাধ্যমত প্ৰদৰ্শিত বেছিভাগ বিষয়বস্তু অশ্লীল আৰু মহিলাৰ বাবে  অসন্মানজনক। ইয়াত ছাত্ৰ-শিক্ষকৰ সম্পৰ্ক, পাৰিবাৰিক সম্পৰ্কতো যৌনতা দেখুওৱা হৈছে। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ১২টা ফেচবুক, ১৭টা ইনষ্টাগ্ৰাম, ১৬টা এক্স আৰু ১২টা ইউটিউব একাউণ্ট নিষিদ্ধ কৰা হৈছে।”

উল্লেখ্য যে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে সংশ্লিষ্ট সংবাদ মাধ্যমক নগ্নতা, অশ্লীলতা প্ৰদৰ্শন নকৰিবলৈ বাৰে বাৰে সকীয়াই দিছিল। 

ভাৰতীয় দণ্ডবিধিৰ ২৯২ ধাৰাৰ অধীনত এই মঞ্চসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 

বাতিল কৰা অ’টিটি প্লেটফৰ্মসমূহৰ ভিতৰত আছে ড্ৰিমছ ফিল্মছ, ভুভি, য়েছমা, আনকাট আড্ডা, ট্ৰাই ফ্লিকছ, এক্স প্ৰাইম, নিয়ন এক্স ভিআইপি, বেছাৰামছ, হাণ্টাৰছ, ৰেবিট, এক্সট্ৰামুড, নুফ্লিকছ, মুডএক্স, মজফ্লিক্স, হট শ্বটছ ভিআইপি, ফুগি, চিকুফলিক্স আৰু প্ৰাইম প্লে। 

ইয়াৰে এটা এপ্লিকেচন ১ কোটিতকৈও অধিক বাৰ ডাউনলোড হৈছে। প্লে ষ্ট’ৰৰ পৰা ৫০ লাখতকৈও অধিক বাৰ ২ টা এপ্লিকেচন ডাউনলোড হৈছে। 

কেৱল OTT মাধ্যমেই নহয়, এই কোম্পানীসমূহে প্ৰচাৰৰ বাবে ছচিয়েল মিডিয়াক আহিলা হিচাপে ব্যৱহাৰ কৰিছিল। দৰ্শকক আকৰ্ষণ কৰিবলৈ তেওঁলোকৰ ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া একাউণ্টত ট্ৰেইলাৰ, কাট দৃশ্য প্ৰদৰ্শন কৰা হৈছিল। এনে ছ’চিয়েল মিডিয়া একাউণ্টৰ ব্যৱহাৰকাৰী আছিল ৩২ লাখৰো অধিক। নগ্নতা, যৌনতা, ছাত্ৰ-শিক্ষকৰ সম্পৰ্কৰ পৰা আৰম্ভ কৰি পাৰিবাৰিক সম্পৰ্কক অপমান কৰা আৰু নাৰীক অপমান কৰা এই একাউণ্ট সমূহৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।