• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

AI-ৰ অপব্যৱহাৰ কৰি অশ্লীল কন্টেন্টৰ ৰমৰমীয়া বেহা : ‘এক্স’ৰ পৰা ৭২ ঘন্টাৰ ভিতৰত উত্তৰ বিচাৰিলে কেন্দ্ৰীয় চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2026 9:32 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ অপব্যৱহাৰক লৈ এইবাৰ অত্যন্ত কঠোৰ স্থিতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স বা পূৰ্বৰ টুইটাৰক এক গুৰুত্বপূৰ্ণ জাননী প্ৰেৰণ কৰিছে দেশৰ তথ্যপ্ৰযুক্তি মন্ত্ৰালয়ে।

চৰকাৰৰ অভিযোগ অনুসৰি, এক্স কৰ্পোৰেচনে ২০০০ চনৰ তথ্যপ্ৰযুক্তি আইন আৰু ২০২১ চনৰ আইটি নিয়ম অনুসৰি যিবোৰ আইনী দিশ মানি চলিব লাগে, সেইবোৰ সঠিকভাৱে পালন কৰা নাই। সেইবাবেই আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ এক বিতং প্ৰতিবেদন জমা দিবলৈ কেন্দ্ৰই নিৰ্দেশ দিছে।

Apply Now

তথ্যপ্ৰযুক্তি মন্ত্ৰালয়ে জনোৱা মতে, এক্সৰ এআই সেৱা গ্ৰ’কৰ জৰিয়তে অশ্লীল আৰু যৌন উত্তেজক সমল তৈয়াৰ কৰি ছচিয়েল মিডিয়াত বিয়পাই দিয়াৰ বহুতো অভিযোগ লাভ কৰা হৈছে। বিশেষকৈ মহিলাসকলক লক্ষ্য কৰি এই ধৰণৰ আপত্তিকৰ সমল বা ফটো-ভিডিঅ’ প্ৰস্তুত কৰা কাৰ্যক চৰকাৰে অতি গুৰুতৰ বিষয় হিচাপে গণ্য কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ জাননীত স্পষ্টকৈ কোৱা হৈছে যে গ্ৰ’কৰ এআই প্ৰযুক্তি ব্যৱহাৰ কৰি কাৰোবাৰ ব্যক্তিগত গোপনীয়তা ভংগ কৰা আৰু কাৰোবাক অপমান কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।

চৰকাৰৰ মতে এনেধৰণৰ সমল কেৱল বেআইনিয়েই নহয়, ই সমাজত যৌন উৎপীড়নৰ দৰে ঘটনাক সহজ কৰি তোলাৰ এক ভয়ংকৰ প্ৰৱণতা সৃষ্টি কৰিছে। ইয়াৰ ফলত দেশৰ আইনী সুৰক্ষা ব্যৱস্থা দুৰ্বল হোৱাৰ আশংকা আছে। সেয়েহে এক্স কৰ্পোৰেচনক তেওঁলোকৰ গ্ৰ’ক প্ৰযুক্তিৰ গাঁথনি আৰু নীতি-নিয়মসমূহ পুনৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে ভৱিষ্যতে এনে কোনো বেআইনি কাম কৰিব নোৱাৰে।

ইয়াৰ উপৰিও এক্সক তেওঁলোকৰ ব্যৱহাৰকাৰী নীতি অধিক কঠোৰ কৰিবলৈ কোৱা হৈছে। যদি কোনোবাই নিয়ম উলংঘা কৰে, তেন্তে তেওঁৰ একাউণ্ট সাময়িকভাৱে বা স্থায়ীভাৱে বন্ধ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। যিবোৰ আপত্তিকৰ সমল ইতিমধ্যে ইণ্টাৰনেটত আছে, সেইবোৰ ততালিকে আঁতৰাবলৈ কোৱা হৈছে যদিও এই কাম কৰোঁতে যাতে কোনো প্ৰমাণ নষ্ট নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ কোৱা হৈছে।

কেন্দ্ৰীয় চৰকাৰে এক্সৰ পৰা জানিব বিচাৰিছে যে তেওঁলোকৰ মুখ্য কমপ্লায়েন্স অফিচাৰৰ ভূমিকা কি আছিল আৰু তেওঁলোকে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ নিয়মসমূহ পালন কৰিছে নে নাই।

মন্ত্ৰালয়ে সকীয়াই দিছে যে যদিহে এই নিৰ্দেশ মনা নহয়, তেন্তে তথ্যপ্ৰযুক্তি আইনৰ ৭৯ নং ধাৰাৰ অধীনত এক্স-এ লাভ কৰা বিশেষ সুৰক্ষা ব্যৱস্থা প্ৰত্যাহাৰ কৰা হ’ব। ইয়াৰ উপৰিও ভাৰতীয় ন্যায় সংহিতা আৰু পকচো আইনৰ দৰে কঠোৰ ধাৰাত ফৌজদাৰী গোচৰ ৰুজু কৰা হ’ব পাৰে। কেন্দ্ৰৰ এই পদক্ষেপে এআইৰ জৰিয়তে চলি থকা অশ্লীলতা আৰু হাৰাশাস্তিৰ বিৰুদ্ধে এক ডাঙৰ অভিযানৰ ইংগিত দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd