• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুৱা একাউন্ট খুলি জলপানিৰ ধন হৰলুকি প্ৰধান শিক্ষকৰ; প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী

৩০ জন ছাত্ৰ-ছাত্ৰী নথকা বিদ্যালয়ত ৫৮ জনৰ নামত উলিয়ালে স্ক’লাৰশ্বিপ

ইয়াছিন আলী by ইয়াছিন আলী
July 4, 2021 7:28 am
teacher grab money by fake account

ফটো: নৰ্থইষ্ট নাও।

269
VIEWS
Share on FacebookShare on Twitter

চৰকাৰে সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ বাবে প্ৰতি বছৰে কৌটি কৌটি টকা ব্যয় কৰা পৰিলক্ষিত হৈছে। কিন্তু সেই জলপানিৰ কিমান শতাংশ লাভ কৰে ছাত্ৰ-ছাত্ৰী সকলে? প্ৰকৃততে ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত অহা ধন সমূহ একাংশ মধ্যভোগী আৰু বিদ্যালয় প্ৰধানৰ জেপতহে সোমায়।

ইয়াৰ এক জলন্ত উদাহৰণ স্বৰূপে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত হাজী আজিমুদ্দিন মেম’ৰিয়েল মাদ্ৰাছাৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ নামত অহা ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে।

মাদ্ৰাছা খনৰ প্ৰধান শিক্ষক আতোৱাৰ ৰহমানে ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ টকা সুমুৱাই দিয়াৰ নামত বেংক একাউন্ট খুলিব লাগিব বুলি প্ৰতি জন ছাত্ৰ-ছাত্ৰীৰ পৰা নথিপত্ৰ আৰু ১০০ টকা কৈ সংগ্ৰহ কৰে।

কিন্তু সেই নথি পত্ৰৰে নিজৰ কৌশল প্ৰয়োগ কৰি নিজৰ ফিংগাৰ প্ৰিন্ট ব্যৱহাৰ কৰি জালিয়াতিৰে বেংক একাউন্ট খোলে।

সেই একাউন্টত প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ নামত ১০৭০০ কৈ টকা চৰকাৰে দিয়ে। কিন্তু সেই টকা প্ৰকৃততে ছাত্ৰ-ছাত্ৰীৰ একাউন্টত সোমাইছে যদিও ফিংগাৰ প্ৰিন্ট কোনো ছাত্ৰ-ছাত্ৰীয়ে দিয়া নাই আৰু কোনো একাউন্ট বুক ছাত্ৰ-ছাত্ৰীক দিয়া হোৱা নাই।

নিজৰ ফিংগাৰ প্ৰিন্ট ব্যৱহাৰ কৰাৰ বাবে টকা সমূহ নিজেই গ্ৰাহক সেৱা কেন্দ্ৰৰ কৰ্তৃপক্ষৰ লগত গোপন মিতিৰালি কৰি আত্মসাৎ কৰে। কিছুদিন পিছত ছাত্ৰ- ছাত্ৰীয়ে টকা নোপোৱাত লাহে লাহে ৰহস্য ফাদিল হবলৈ ধৰে।

এই কথাৰ উমান পাই প্ৰধান শিক্ষকে ৩হাজাৰ কৈ টকা ছাত্ৰ-ছাত্ৰীক দিয়ে বুলি ছাত্ৰ ছাত্ৰী সকলে জানিব দিয়ে ।কিন্তু মন কৰিবলগীয়া কথা হ’ল যে যিখন বিদ্যালয়ত ৩০ জন ছাত্ৰ-ছাত্ৰী নাই সেইখন বিদ্যালয়ত কেনেকৈ ৫৮ জন ছাত্ৰ ছাত্ৰীৰ বাবে জলপানিৰ টকা সোমাল সেইটো ডাঙৰ কথা।

ছাত্ৰ-ছাত্ৰীৰ নামত ভূৱা একাউন্ট খুলি ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয় চৌহদত প্ৰধান শিক্ষক গো বেক, মূৰ্দাবাদ ধ্বনি দিয়ে আৰু আমাৰ টকা লাগিবই বুলি চৰকাৰলৈ দাবী জনায়।

অভিযোগ মতে বিদ্যালয়খনত ভূৱা ছাত্ৰ-ছাত্ৰীৰে একাউন্ট খুলি বহু পৰিমাণৰ টকা আত্মস্যাৎ কৰাৰ লগতে মূল ছাত্ৰ-ছাত্ৰীৰ নামতো ভূৱা বেংক একাউন্ট খুলি প্ৰধান শিক্ষকজনে ধন আত্মস্যাৎ কৰিছে।

ছাত্ৰ-ছাত্ৰীৰ পৰা বেংক একাউন্ট  খুলি বৃত্তি দিয়াৰ বাবে ১০০ কৈ টকা সংগ্ৰহ কৰিছিল যদিও ছাত্ৰ-ছাত্ৰীক এটিএম, পাছ বুক বা একাউন্টৰ কোনো প্ৰমাণ নিদিয়ে।

বৰ্তমান অসমৰ বহু সংখ্যক বিদ্যালয়ত ছাত্ৰ বৃত্তিৰ নামত ব্যাপক কেলেংকাৰী হোৱা বুলি জানিব পৰা গৈছে। দুখীয়া ছাত্ৰ-ছাত্ৰীৰ ধন লুটি পুটি খোৱা এই মানুহৰূপী তেজপিয়া শিক্ষকৰ বিৰুদ্ধে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হব।

Recent News

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

মেঘালয়ৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা; মধ্যপ্ৰদেশৰ পৰা উদ্ধাৰ ৰঘুবংশী দম্পতীৰ সোণৰ গহনা

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

একেৰাহে ৩২ ঘণ্টা যান-জঁট! আৱদ্ধ হৈ পৰে বহু গাড়ী, শ্বাসৰুদ্ধ হৈ মৃত্যু কমেও তিনিজনৰ

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

মনে মনে থকা মানে কোনো সমস্যা নহয়; অন্তৰ্মুখী শিশুসকলক কোৱা উচিত নহয় এই ৫টা কথা

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

লোকপিয়ল ২০২৬: অসমসহ সমগ্ৰ দেশত ১ এপ্ৰিলৰ পৰা ঘৰৰ গণনা আৰম্ভ, সমান্তৰালকৈ হ’ব জাতি গণনাও

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd