NORTHEAST NOW (Assamese)

গোলাঘাটত পৰিস্থিতি সাপেক্ষে অধিক কঠোৰ হোৱাৰ ঘোষণা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

June 22, 2021 4:56 pm · মীনাক্ষী ফুকন
ফটো: নর্থইষ্ট নাও।

গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন ক’ভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰে।

দুপৰীয়াৰ ভাগত  উপস্থিত হোৱা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে গোলাঘাটৰ স্প’ৰ্টচ কমপ্লেক্সত থকা ক’ভিড প্ৰতিষেধক টীকাকৰণ কেন্দ্ৰ পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ।

ক’ভিড প্ৰতিষেধক কেন্দ্ৰ পৰ্যবেক্ষণ কৰি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশব মহন্তই। তেওঁ বৰ্তমান ৰাজ্যত ক’ভিডৰ সৈতে মোকাবিলা কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমানৰ ভেকচিন,অক্সিজেন মজুত আছে বুলিও জানিবলৈ দিয়ে।

আনহাতে, সম্পূৰ্ণ  লকডাউন দিয়া সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি কয় যে , গোলাঘাট জিলাখনত আংশিক লকডাউনেই হৈ থাকিব। প্ৰয়োজনত অংশবিশেষত লকডাউন দিয়া বা কন্টেইমেন্ট জ’ন ঘোষণা কৰা হ’ব পাৰে বুলি কয় যদিও সেইয়া স্পষ্টকৈ কোৱা পৰিলক্ষিত নহ’ল।

অৱশ্যে, লকডাউনৰ নীতি-নিৰ্দেশনা পূৰ্বতকৈ কঠোৰ হ’ব বুলি স্পষ্টকৈ জানিবলৈ দিয়ে মন্ত্ৰী জনে।

তদুপৰি, আজি মন্ত্ৰী জনে জিলাখনৰ বোকাখাত নাট্য মন্দিৰ, বৰপথাৰৰ আদৰ্শ হিন্দী হাইস্কুল, সৰুপথাৰৰ থুৰাজান এম ই স্কুল, খুমটাইৰ জয়া গগৈ কলেজ, পাঁচ আলি শিৱ মন্দিৰ আৰু দেৰগাঁৱৰ মাৰোৱাৰী ধৰ্মশালা আদি সাতটা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত উপস্থিত হৈ সবিশেষ বুজ লয়।

Related News