DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ স্পেনিছ গাৰ্ডেনত ঘোষ ব্ৰাডাৰ্ছৰ স্বত্বাধিকাৰীৰ ঘৰত চিবিআইৰ অভিযান

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2021 5:43 pm
a-cbi-750x375

প্ৰতিনিধিত্বমূলক ফটো।

203
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ জুৰোডস্থিত বিলাসী এপাৰ্টমেন্ট স্পেনিছ গাৰ্ডেনত আজি  চিবিআইয়ে অভিযান চলায়। এপাৰ্টমেণ্টটোৰ দশম মহলাৰ ‘বি’ ব্লকত চলায় এই অভিযান। ঘোষ ব্ৰাডাৰ্ছৰ স্বত্বাধিকাৰীৰ ঘৰত এইদৰে অভিযান চলোৱা হয়।

চিবিআইয়ে পূৰ্বৰ এক বেংক জালিয়াতিৰ গোচৰৰ ভিত্তিত আজি এই অভিযান চলাইছিল।

জুন মাহৰ প্ৰথম ভাগতে কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)ই ঘোষ ব্ৰাডাৰ্ছৰ চাৰিগৰাকী প্ৰম’টাৰ-ডিৰেক্টৰৰ লগতে এগৰাকী চাৰ্টাৰ্ড একাউন্টটেন্ট, অজ্ঞাত বেংক বিষয়া আৰু আন ব্যক্তিৰ বিৰুদ্ধে আইডিবিআই বেংকৰ ১৬৮.৬২ কোটি টকা লোকচান কৰাৰ অভিযোগত এটা গোচৰ ৰুজু কৰিছিল।

অভিযুক্ত কেইগৰাকীৰ ভিতৰত প্ৰনব কুমাৰ ঘোষ, প্ৰতুল কুমাৰ ঘোষ, গীতা ৰাণী ঘোষ আৰু প্ৰবীৰ কুমাৰ ঘোষ এই আটাই কেইগৰাকীয়ে ঘোষ ব্ৰাডাৰ্ছ অটোমবাইলছৰ প্ৰম’টাৰ-ডিৰেক্টৰ।

তদুপৰি, তেওঁলোকৰ লগতে চাৰ্টাৰ্ড একাউন্টেন্ট অৰুণাভ চট্টোপাধ্যায় আৰু অজ্ঞাত বেংক বিষয়া তথা আন ব্যক্তিৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছিল।

অভিযোগ অনুসৰি, গুৱাহাটীৰ বেতকুছিস্থিত প্ৰাইভেট কোম্পানীটোলৈ গাড়ী ক্ৰয় কৰিবলৈ আইডিবিআই বেংকৰ গুৱাহাটী শাখাৰ পৰা প্ৰায় ৬৪.৬৭কোটি টকাৰ জালিয়াতিৰে টাৰ্ম লোন আৰু কেচ ক্ৰেডিটৰ সুবিধা আগবঢ়োৱা হৈছিল।

আনহাতে, অভিযোগ অনুসৰি অভিযুক্তকেইগৰাকীয়ে ভুৱা নথি দাখিল কৰি লোনৰ সুবিধা গ্ৰহণ কৰিছিল আৰু লগতে অভিযুক্তই তেওঁলোকক যি উদ্দেশ্যত লোন দিছিল তাৰ বিপৰীতে আন কামত ব্যৱহাৰ কৰিছিল আৰু সেইদৰে তেওঁলোকে ৩১মে’ ২০২১লৈ বেংকৰ প্ৰায় ১৬৮.৬২কোটি টকা লোকচান কৰিছে।

যোৱা ২০২০ চনৰ ১ জুলাইলৈ তেওঁলোকৰ অনাদায় ধনৰ পৰিমান আছিল প্ৰায় ১৫৩.৩৮কোটি টকা আৰু সেই একাউন্টটো বেংকৰ পাবলগীয়া ধন আদায় নিদিয়াৰ বাবে নন পাৰ্ফৰ্মিং এছেট (এন পি এ) হৈ পৰিছিল।

চিবিআইয়ে এই গোটেই বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে আৰু আজি চলোৱা অভিযানো তাৰেই এক অংশ বুলি জানিব পৰা গৈছে।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd