NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰীৰ নিৰ্দেশত গা লৰিল স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বৰ; ১০৮-১০২ কৰ্মচাৰীৰ সৈতে বহিব আলোচনাত

September 16, 2018 8:51 am ·

অৱশেষত গা লৰিল ৰাজ্য চৰকাৰৰ। বিগত ১১ দিন ধৰি লখৰাস্থিত জি ভি কেৰ মুখ্য কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰা জৰুৰীকালীন সেৱাৰ ১০৮ আৰু ১০২ ৰ কৰ্মচাৰীৰ সৈতে আলোচনাত বহিবলৈ মান্তি হৈছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী।

ন্যায্য প্ৰাপ্যৰ দাবীত ৰাজপথত আন্দোলন অব্যাহত ৰখা ১০৮ তথা ১০২ এম্বুলেঞ্চৰ চালক আৰু পেৰা-মেডিকেলৰ কৰ্মচাৰীৰ সৈতে অহা ১৮ ছেপ্টম্বৰত বৈঠকত মিলিত হ’বলৈ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

মন কৰিব লগীয়া যে দুদিন আগলৈকে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কৰ্তব্যৰ পৰা বিৰত থকা জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দিছিল। লগতে আন্দোলন অব্যাহত ৰাখিলে জৰুৰীকালীন স্বাস্থ্য সেৱা সন্দৰ্ভত চৰকাৰে বিকল্প চিন্তা কৰিব বুলিও মন্ত্ৰীজনে মন্তব্য কৰিছিল।

কিন্তু শেহতীয়াকৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জি ভি কে ই এম আৰ আই আৰু ১০৮, ১০২ৰ কৰ্মচাৰীৰ মাজত হোৱা সংঘাত মষিমূৰ কৰিবলৈ স্বাস্থ্য মন্ত্ৰীক নিৰ্দেশ দিছিল। ফলত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আন্দোলন অব্যাহত ৰখা জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীক আলোচনাৰ বাবে মাতিছে।

উল্লেখযোগ্য যে হায়দৰাবাদৰ কোম্পানী জি ভি কে ই এম আৰ আই আৰু ৰাজ্য চৰকাৰৰ মাজক হোৱা চুক্তি অনুসৰি ৰাজ্যত ২০০৮ চনৰ পৰাই মৃত্যুঞ্জয় জৰুৰীকালীন সেৱা চলি আহিছিল।

কিন্তু কোম্পানীটোৱে কৰ্মচাৰীসকলক বছৰেকীয়া বৰ্ধিত ভাত্তা, আৰ্জিত ছুটী আদিৰ পৰা বঞ্চিত কৰি অহাত বিগত প্ৰায় দুসপ্তাহ ধৰি জৰুৰীকালীন কৰ্মচাৰী সকলে কৰ্মবিৰতি পালন কৰি আহিছে।

আনহাতে প্ৰতিবাদকাৰী জৰুৰীসেৱাৰ কৰ্মচাৰী সকলে জনোৱা অনুসৰি ১৮ ছেপ্টেম্বৰত স্বাস্থ্য মন্ত্ৰীৰ সৈতে হ’ব লগীয়া আলোচনা যদি বিফল হয় তেন্তে এইবাৰ পৰিয়ালৰ সদস্যক লৈ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব।

Related News