আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল
২০০৮ চনৰ আমদাবাদ ধাৰাবাহিক বিস্ফোৰণ গোচৰত দোষীসকলৰ আবেদন খাৰিজ কৰিলে গুজৰাট উচ্চ ন্যায়ালয়ে। বিশেষ আদালতে দিয়া আগৰ ৰায়কেই উচ্চ ন্যায়ালয়েও বহাল ৰাখিছে। ফলত এই গোচৰত ৩৮ জন দোষীৰ মৃত্যুদণ্ড আৰু আন ১১ জনৰ যাৱজ্জীৱন কাৰাদণ্ড অব্যাহত থাকিব। মঙলবাৰে আদালতে দোষীসকলৰ সকলো আপিল খাৰিজ কৰি বিশেষ আদালতৰ সিদ্ধান্তত কোনো হস্তক্ষেপ নকৰাৰ কথা স্পষ্ট কৰে।
২০০৮ চনৰ ২৬ জুলাইত গুজৰাটৰ আমদাবাদ চহৰ এক ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সাক্ষী হৈছিল। মাত্ৰ প্ৰায় ৭০ মিনিটৰ ভিতৰত চহৰৰ বিভিন্ন স্থানত ২১টা বিস্ফোৰণ সংঘটিত হৈছিল। এই বিস্ফোৰণত ৫৬ জন নিৰীহ লোকৰ মৃত্যু হৈছিল আৰু ২০০ জনতকৈ অধিক লোক আহত হৈছিল। হঠাৎ হোৱা এই ধাৰাবাহিক বিস্ফোৰণে সমগ্ৰ চহৰখনক আতংকিত কৰি তুলিছিল।
তদন্তৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে এই ভয়ংকৰ বিস্ফোৰণৰ আঁৰত আছিল ইণ্ডিয়ান মুজাহিদিন নামৰ সন্ত্ৰাসবাদী সংগঠন। তদন্তকাৰীৰ মতে, ২০০২ চনৰ গোধৰা কাণ্ড আৰু তাৰ পিছৰ গুজৰাট সংঘৰ্ষৰ প্ৰতিশোধ লোৱাৰ উদ্দেশ্যে এই আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল। বিস্ফোৰণৰ লক্ষ্য আছিল সাধাৰণ মানুহৰ মনত ভয় আৰু অস্থিৰতা সৃষ্টি কৰা।
দীর্ঘদিনীয়া শুনানিৰ অন্তত ২০২২ চনত বিশেষ আদালতে এই গোচৰৰ ৰায় ঘোষণা কৰিছিল। মুঠ ৭৭ জন অভিযুক্তৰ ভিতৰত ২৮ জনক প্ৰমাণৰ অভাৱত খালাচ দিয়া হৈছিল। আন ৪৯ জনক দোষী সাব্যস্ত কৰা হয়। ইয়াৰ ভিতৰত ৩৮ জনক মৃত্যুদণ্ড আৰু ১১ জনক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হৈছিল। উল্লেখ্য যে দেশৰ আইনী ইতিহাসত একে গোচৰত ইমানসংখ্যক লোকক মৃত্যুদণ্ড দিয়াৰ নজীৰ নাই।
বিশেষ আদালতৰ এই ৰায়ৰ বিৰুদ্ধে দোষীসকলে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। তেওঁলোকে শাস্তি হ্ৰাসৰ আবেদনো জনাইছিল। কিন্তু উচ্চ ন্যায়ালয়ে তেওঁলোকৰ যুক্তি গ্ৰহণ নকৰিলে। উচ্চ ন্যায়ালয়ে বিশেষ আদালতৰ ৰায়ক যুক্তিযুক্ত বুলি মানি লৈ ৩৮ জনৰ মৃত্যুদণ্ড আৰু ১১ জনৰ যাবজ্জীৱন কাৰাদণ্ড বহাল ৰাখে।
এই ৰায়ৰ পিছত আমদাবাদ বিস্ফোৰণত নিহত আৰু আহত লোকসকলৰ পৰিয়ালৰ বাবে দীৰ্ঘদিনীয়া ন্যায়যাত্ৰাৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় সম্পূৰ্ণ হ’ল। প্ৰায় ১৮ বছৰ আগৰ সেই ৰক্তক্ষয়ী ঘটনা আজি ভুক্তভোগী পৰিয়ালসমূহে পাহৰিব পৰা নাই।