দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ
দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰক আহব্বান জনাইছে ৰাষ্ট্ৰবাদী ভাবধাৰাৰ অগ্রণী জাতীয় সংগঠন হিন্দু সুৰক্ষা সেনা, অসমে।
আজি এক প্ৰেছ বিবৃতিৰ জৰিয়তে শেহতীয়া পাক্-ভাৰত সামৰিক সংঘাত আৰু আকষ্মিক যুদ্ধবিৰতি সন্দৰ্ভত মন্তব্য দি সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ সভাপতি কাঞ্চন নাথে কয় যে দশক দশক ধৰি অজস্ৰ ভাৰতীয় সৈনিক আৰু সাধাৰণ নাগৰিকৰ প্ৰাণ কাঢ়ি নিয়াৰ উপৰি ভাৰতৰ বিপুল আর্থিক ক্ষতি সাধন কৰা পাকিস্তানী ছায়াযুদ্ধ স্থায়ীভাবে বন্ধ কৰি দিয়াৰ এটা বিৰল সুযোগ এইবাৰ ভাৰতীয় সেনাই আনি দিয়াৰ পাছতো প্রধানমন্ত্রী মোদীয়ে যেনেদৰে এক অপ্রত্যাশিত তথা অবাঞ্ছিত যুদ্ধবিৰতিৰদ্বাৰা সেই সুযোগৰ অপচয় কৰিলে, সেয়া অক্ষমণীয়।
বিবৃতিটোত নাথে কয় যে- বিগত অদ্ধ শতাব্দীৰো অধিক কাল জুৰি পাকিস্তানে ভাৰতৰ বিৰুদ্ধে চলাই থকা ছায়াযুদ্ধ (যিখন যুদ্ধত ভাবতে পৰম্পৰাগত যুদ্ধতকৈও অধিক সামৰিক-অসামৰিক লোক আৰু সম্পদ হেৰুৱাইছে) স্থায়ীভাবে শেষ কৰাৰ স্বাৰ্থতে দুয়ো দেশৰ মাজত এখন পূর্ণ পৰ্যায়ৰ যুদ্ধৰ প্ৰয়োজন আছিল; যাতে এই দেশে পৰৱৰ্তী দিনবোৰত ইছলামিক সন্ত্রাসবাদৰ বলি হৈ নিজৰ আৰু অধিক মানৱ সম্পদ তথা বৈষয়িক সম্পদ হেৰুৱাব লগা নহয়। অথচ ইমানৰ পিছতো পাকিস্তানী ৰাষ্ট্ৰযন্ত্ৰৰ ৰাজহাড় আৰু পাকিস্তানী সামৰিক তন্ত্ৰৰ আন্তঃগাঁথনি সম্পূৰ্ণৰূপে ধ্বংস কৰি নেপেলোৱাকৈয়ে নতুন দিল্লীয়ে সাম্প্রতিক যুদ্ধ বা অপাৰেশ্বন সিন্দুৰৰ সমাপ্তি ঘটালে (অপাৰেশ্বন সিন্দুৰ এতিয়াও চলি আছে বুলি কোৱাটো অর্থহীন)।
এতিয়া নিশ্চিতভাৱে পৰৱৰ্তী এক-ডেৰ বছৰৰ ভিতৰতে ভাৰতত আকৌ ইছলামিক সন্ত্রাসবাদ তথা মুছলিম সন্ত্রাসবাদীৰ তাণ্ডৱ আৰম্ভ হ’ব। এই যুদ্ধৰ জৰিয়তে ভাৰতে পাক্ অধিকৃত গোলাম কাশ্মীৰ তথা গিলগিট বাল্টিস্তান পুনৰুদ্ধাৰ কৰিব পাৰিলে ৱাখান ক’ৰিডৰৰ লগত যি সংযোগ লাভকৰিলেহেতেন, সেই সংযোগে আনি দিয়া ৰণকৌশলগত আৰু বাণিজ্যিক সুবিধাই যুদ্ধৰ ক্ষতিপূৰণো কৰাই দিব পাৰিলেহেঁতেন। কিন্তু সেইবোৰ একো নহ’ল। ভাৰতৰ বাবে বিশেষ একো কৌশলগত লক্ষ্য পূৰণ নোহোৱাকৈয়ে, কোনো লাভ বা ক্ষতিপূৰণ আদায় নোপোৱাকৈয়ে, লজ্জাজনকভাবে আমেৰিকাৰ হেঁচাত নতি স্বীকাৰ কৰি যুদ্ধবিৰতি ঘোষণা কৰিলে নতুন দিল্লীয়ে। অথলে গ’ল বহু সৈনিক আৰু অনা সৈনিক ভাৰতীয়ৰ জীৱনদান। অথলে গ’ল দেশৰ স্বাৰ্থত কৰা অন্য অজস্র ক্ষতি স্বীকাৰো। এতিয়া নতুনকৈ সাজু হোৱাৰ বাবে পাকিস্তানে সময় পাব। সময় পাব নতুনকৈ শক্তি আৰু সাহস সঞ্চয় কৰাৰ বাবে। ভাৰতবাসীয়ে এতিয়াৰেপৰা আকৌ উদ্বিগ্নতাৰে সৈতে অপেক্ষা কৰি থাকিব লাগিব পাকিস্তানৰ পৃষ্ঠপোষকতাপ্রাপ্ত ইছলামিক সন্ত্রাসবাদীৰ নিশ্চিত আঘাত বা নৰসংহাৰ নামি অহালৈকে। সমগ্র ঘটনাক্রম মাথোন দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত মোদীয়ে খেলা কৰাৰ নিচিনাহে হ’ল। একেটা বিবৃতিতে সেনাৰ সভাপতিগৰাকীয়ে আক্ষেপেৰে সৈতে এইটোও কয় যে, ঠিক একেদৰে ১৯৬৫ চনতো পাকিস্তান বিজয় আধাতে সামৰি বৃহৎ শক্তিৰ হেঁচাত যুদ্ধবিৰতি মানি লৈছিল তেতিয়াৰ ভাৰতে। এতিয়াও সেই একেই অৱস্থা। অর্থাৎ বহুতে বহুত ঢাক-ঢোল বজাই থকাৰ নচিনাকৈ আজিব ভাবত, মোদীৰ ভাৰত কোনো (নতুন ভাৰত) নহয়। এইখন ষাঠী বছৰ পূৰ্বৰ, ১৯৬৫ চনৰ সেই পুৰণি ভাৰতখনেই।