• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাম্ৰাজ্য বিস্তাৰৰ অপ্ৰতিৰোধ্য গতি! ৰিণিকি ভূঞা শৰ্মাৰ মাটিৰ দাম বৃদ্ধিৰ স্বাৰ্থত সলনি কলিয়াবৰৰ ফ’ৰলেনৰ দিশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2025 11:29 am
878
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰীৰ পত্নীৰ স্বাৰ্থত আৰু কি কি নীতি সলনি হ’ব অসমত? এইবাৰ প্ৰেক্ষাপটত ৰিণিকি ভূঞা শৰ্মা আৰু চাৰিলেন পথৰ প্ৰসংগ।কলিয়াবৰ তিনিআলিৰপৰা নুমলীগড়ৰ মাজৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো বিকল্প পথেৰে নিৰ্মাণ কৰা সিদ্ধান্তক লৈ গৰজি উঠিছে ফ‘ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ দাবী সমিতি। চাৰিলেনযুক্ত পথৰ দিশ সলনিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল হোৱাৰ মাজতে বৃহস্পতিবাৰে দাবী সমিতিয়ে প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ স্বাৰ্থতে প্ৰস্তাৱিত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশ সলনি কৰা বুলি বিস্ফোৰক তথ্য সদৰী কৰে। দাবী সমিতিৰ সভাপতি মিনু শইকীয়া, সম্পাদক প্রদীপ লস্কৰৰ উপস্থিতিত প্রাদেশিক মহিলা সমিতিৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজনবিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাই কয় যে প্ৰস্তাৱিত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো যি নতুন দিশেৰে নিবলৈ বিচৰা হৈছে সেই দিশত বহুখিনি প্ৰভাৱশালী ৰাজনীতিবিদ আৰু আমোলাই মাটি ক্ৰয় কৰিছে।

অসমীয়া দৈনিক সংবাদপত্ৰ অসমীয়া প্ৰতিদিনত প্ৰকাশিত বাতৰি অনুসৰি- প্রস্তাৱিত নতুন বিকল্প পথৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে প্রাইড ইষ্ট ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শর্মা। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই উক্ত অঞ্চলত কিছুবছৰ পূৰ্বে ক্ৰয় কৰিছে ১০৬ বিঘা ভূমি। এই ভূমিৰ দাম বৃদ্ধিৰ বাবেই এতিয়া ষড়যন্ত্রমূলকভাৱে ৰাষ্ট্ৰীয় ঘাইপথটো নতুন বিকল্প পথেৰে নিবলৈ বিচৰা হৈছে বুলি সংবাদমেলত ব্যক্ত কৰে জ্যেষ্ঠ অধিবক্তা হাজৰিকাই।

সংবাদমেলত আন কেতবোৰ গুৰুতৰ তথ্য দাঙি ধৰি জ্যেষ্ঠ অধিবক্তা হাজৰিকাই কয় যে কলিয়াবৰ তিনিআলিৰ পৰা নতুনকৈ বিকল্প পথ নিৰ্মাণ কৰি কুঁৱৰীটোল, হাটবৰ আৰু জখলাবন্ধা অঞ্চলক সম্পূর্ণ এলাগী কৰি সেই অঞ্চলৰ ব্যৱসায়ী আৰু বাসিন্দাসকলক চৰকাৰে আৰ্থিক দুৰ্যোগৰ ফালে ঠেলি দিছে। এইক্ষেত্রত দাবী সমিতিৰ ফালৰ পৰা জৰীপ চলোৱাৰ কথা উল্লেখ কৰি জ্যেষ্ঠ অধিবক্তা হাজৰিকাই কয়- ‘সমগ্র অঞ্চলটোৰ ৯১.২২ শতাংশ ব্যৱসায়ীয়ে জনায় যে তেওঁলোকৰ অধিকাংশৰ জীৱন-জীৱিকা নিৰ্ভৰ কৰে ঘাইপথৰ যাত্ৰী আৰু যান-বাহনৰ ওপৰত। এনেদৰে ৯৫.৬৪ শতাংশ ব্যৱসায়ীয়ে জনায় যে নতুন বিকল্প পথ নির্মাণ আৰু সেই ঠাইসমূহ এলাগী কৰাত চৰকাৰে তেওঁলোকৰ পৰা কোনোধৰণৰ মত লোৱা নাই। এশ শতাংশ ব্যৱসায়ীয়ে মতপোষণ কৰে যে এনে পদক্ষেপে তেওঁলোকৰ ব্যৱসায় সম্পূর্ণৰূপে ধ্বংস কৰিব।’

তেওঁ পুনৰ কয় যে প্ৰস্তাৱিত নতুন বিকল্প পথ সম্পূর্ণ চৈধ্য কিলোমিটাৰ দৈৰ্ঘৰ হ‘ব। নতুন বিকল্প পথ নির্মাণত অতিৰিক্ত যিমান ধন ব্যয় হ’ব, তাতকৈ বৰ্তমানৰ পথ উন্নীতকৰণেৰে বহু কম খৰচতে এটা ভাল পথ নির্মাণ হ’ব আৰু স্থানীয় বাসিন্দাসকলো আর্থিক দুৰ্গতিৰ পৰা ৰক্ষা পৰিব। কিন্তু নতুন বিকল্প পথ নির্মাণত প্রাকৃতিক পৰিবেশ বেয়াকৈ বিনষ্ট হ’ব। কিয়নো এই পথ ‘হস্তী দণ্ডী’ৰ মাজেৰে যাব, যাৰ ফলত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাব বুলি ব্যক্ত কৰে ।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd