ঈদ-উল-আজহাৰ শুভেচ্ছা : ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহ্বান বিভন্ন দল-সংগঠনৰ

আগন্তুক ২২ আগষ্টত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা ৰাজ্যখনত ইছলাম ধৰ্মাৱলম্বী লোক সকলে পালন কৰিব পৱিত্ৰ ঈদ – উল – আজহা।

ত্যাগ, আনন্দ, ভাতৃত্ববোধৰ উৎসৱ ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী সকলৰ লগতে ৰাজ্য বাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

এক প্ৰেছ বিজ্ঞপ্তি যোগে আমছু’ৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে উল্লেখ কৰে যে পৱিত্ৰ ঈদত ত্যাগ আৰু আনন্দৰ উৎসত সকলো জাতি-জনগোষ্ঠী তথা সকলো ধৰ্মাৱলম্বী মানুহৰ মাজত ভাতৃত্ববোধ কঢ়িয়াই আনাৰ লগতে শান্তি, সম্প্ৰতি বজাই ৰাখিবলৈ সকলোকে আহ্বান জনাইছে।

আনহাতে তৃণমূল কংগ্ৰেছৰ চমুকৈ টি এম চিৰ সংখ্যালঘু কোষৰ সভাপতি আব্দুল আওৱাল আহমেদেও ঈদ উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।

লগতে উত্তৰ শালমাৰা জিলা আমছুৰ সাধাৰণ সম্পাদক ৰফিক আলম, সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাওঁ জিলা সমিতিৰ সভাপতি শ্বেখ আব্দুল হামিদ, সম্পাদক জাকিৰ হুছেইন, বাৰ্তা জীৱি সংঘৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি ৰফিকুল ইছলাম, কোকিলা প্ৰেছ ক্লাবৰ সভাপতি মকিবুল ইছলাম, শৌলমাৰীৰ এজন বিশিষ্ট সমাজ কৰ্মী আঃ ছালাম লগতে শৌলমাৰী ছেভেন ষ্টাৰ ক্লাবৰ তৰফৰ পৰা ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে পৱিত্ৰ ঈদে সকলোকে শান্তি, সম্প্ৰতি তথা ভাতৃত্ববোধ বজাই ৰাখিবলৈ আহ্বান জনায়।