NORTHEAST NOW (Assamese)

দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ বাবে ইজৰাইলৰ ৰাষ্ট্ৰদূতৰে সোণোৱালৰ বৈঠক

May 1, 2019 5:14 pm · এন ই নাও নিউজ
ইজৰাইলৰ ৰাষ্ট্ৰদূতৰে বৈঠক মুখ্য মন্ত্ৰী সোণোৱালৰ

অসম আৰু ইজৰাইলৰ মাজত পাৰস্পৰিক বুজাপৰা উন্নত কৰাৰ উদ্দশ্যৰে বুধবাৰে ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰ’ন মালকাৰ লগত এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহন কৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথি শালাত অনুষ্ঠিত হোৱা বৈঠকত কৃষি, খাদ্য নিয়ন্ত্ৰণ, বিদ্যায়তনিক দিশত ছাত্ৰ-ছাত্ৰীৰ আদান প্ৰদান আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ সঠিক প্ৰয়োগ আদিৰ ক্ষেত্ৰত প্ৰযুক্তিগত সমাধানৰ প্ৰসংগত আলোচনা কৰা হয়।

প্ৰায় আধা ঘণ্টাজোৰা বৈঠকত সোণোৱালে ইজৰাইলী দূতাবাসগৰাকীক গুৱাহাটীত ইজৰাইল চৰকাৰে এটা বাণিজ্যিক দূতাবাসৰ কাৰ্য্যালয় স্থাপন কৰাৰ বাবে আহ্বান জনায়।

ইজৰাইলৰ ৰাষ্ট্ৰদূতৰ সৈতে আলোচনাৰ সময়ত মুখ্য মন্ত্ৰী সহিতে অসমৰ নেতৃত্ব

আনহাতে, অসম আৰু ইজৰাইলৰ উদ্ভাৱক সকলৰ মাজত এটা বিশেষ গোট গঠন কৰাৰ বাবে বৈঠকত সিদ্ধান্ত লোৱা হয়। এই বিশেষ গোটটোৱে ৰাজ্যৰ যুৱক-যুৱতীসকলৰ মাজত কাৰিকৰী শিক্ষা তথা জ্ঞানৰ বাবে কাম কৰিব।

ইজৰাইলৰ প্ৰযুক্তিগত অগ্ৰগতিৰ কথা উনুকিয়াই সোণোৱালে অসমৰ কৃষি খণ্ডত ব্ৰহ্মপুত্ৰৰ পানীৰ সঠিক প্ৰয়োগৰ ক্ষেত্ৰত প্ৰযুক্তিগত সমাধানৰ বাবে দেশখনৰ সহায়ৰ বাবে অনুৰোধ জনাই।

ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকীয়ে অসমৰ পৰ্যটন ক্ষেত্ৰৰ সম্ভাৱনা আৰু বিশেষকৈ চাহ খণ্ডৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰত দুয়োখন দেশে যুতীয়াভাবে কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰি ইজৰাইল আৰু অসমৰ মাজত পৰ্যটকৰ বিনিময় প্ৰ’গ্ৰাম ৰূপায়ন কৰাৰ প্ৰসংগ উল্লেখ কৰে।

বৈঠকত সোণোৱাল উপৰিও শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, শান্তনু ভৰালীয়ে অংশগ্ৰহণ কৰে।

Related News